• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতি, বেয়া ৰাস্তা আৰু প্ৰদূষণেই হৈছে ভাৰতৰ বাস্তৱতা: মন্তব্য ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 19, 2022 12:55 pm
144
VIEWS
Share on FacebookShare on Twitter

বাস্তৱত ভাৰতৰ অৰ্থ হৈছে লেতেৰা, বেয়া ৰাস্তা, প্ৰদূষণ আৰু দুৰ্নীতি। নহয়, কোনো বিদেশী নহয়, এই কথাবোৰ কৈছে ভাৰতৰ এগৰাকী আগশাৰীৰ উদ্যোগপতিয়ে। তেওঁ ইনফোচিছৰ মুৰব্বী এন আৰ নাৰায়ণমূৰ্তি। অৱশ্যে, তেওঁৰ আন এটা পৰিচয়ো আছে। তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ শহুৰেক। নাৰায়ণ মূৰ্তিৰ মন্তব্যই ইতিমধ্যে ইণ্টাৰনেট জগতত বিতৰ্কৰ ধুমুহা সৃষ্টি কৰিছে।

ইনফোচিছৰ মুৰব্বীগৰাকীয়ে প্ৰকৃততে কি কৈছিল? শেহতীয়াকৈ এখন তথ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ আলোচনাচক্ৰত ভাষণ দি ইনফোচিছৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতত বাস্তৱতা হৈছে দুৰ্নীতি, লেতেৰা ৰাস্তা, প্ৰদূষণ আৰু কেতিয়াবা বিদ্যুৎ বিভ্ৰাট। আনহাতে, ছিংগাপুৰৰ দৰে ঠাইৰ কথা যদি ধৰা হয়, তেতিয়া দেখা যায় পৰিষ্কাৰ ৰাস্তা, প্ৰদূষণ নাই, আৰু বিদ্যুতৰ সমস্যাও নাই। সেয়ে, অনাগত দিনত, শিক্ষাৰ্থীসকলেই এই বাস্তৱতা সলনি কৰাৰ দায়িত্ব ল’ব লাগিব।

লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা! পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন; ৮ জনক গ্ৰেপ্তাৰ

কিন্তু এন আৰ নাৰায়ণ মূৰ্তিয়ে ভাৰতত এই সমস্যাবোৰক এক সুযোগ হিচাপে চাব বিচাৰে। তেওঁ কয় যে আমাৰ এই শূন্যতা প্ৰকৃততে ভৱিষ্যত প্ৰজন্মৰ বাবে এটা সুযোগ। তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে এই সুযোগটো সলনি কৰিবলৈ ব্যৱহাৰ কৰিব লাগিব। নিজকে এজন নেতা হিচাপে কল্পনা কৰা আৰম্ভ কৰক। আনৰ পৰিৱৰ্তন হ’ব বুলি আশা কৰাৰ পৰিৱৰ্তে নিজকে সলনি কৰাৰ উদ্দেশ্যে কাম কৰিবলৈ নামি পৰক।

অৱশ্যে, ইনফোচিছৰ মুৰব্বীৰ এই মন্তব্য নেটিজেনৰ এটা অংশই  ভালদৰে গ্ৰহণ কৰা নাই। তেওঁৰ কোম্পানীয়ে ৪০ বছৰ ধৰি এই দেশত ব্যৱসায় কৰি আছে। আজি, ইনফোচিছ হৈছে দেশ আৰু বিশ্বৰ এই খণ্ডৰ অন্যতম বৃহৎ নাম। সেই সংগঠনটোৰ মুৰব্বী নাৰায়ণ মূৰ্তিয়ে ভাৰতক গৰিহণা দিছে!

লগতে পঢ়ক: বাসগৃহত জুই, পিতৃ-মাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ

স্বাভাৱিকতে, তেওঁক নেট জগতত আক্ৰমণ কৰা হৈছে। কিছুমানে জোৱায়েকৰ নামক লৈও ঠাট্টা কৰি আছে। অৱশ্যে, সচেতন মহলে দাবী কৰিছে যে নাৰায়ণ মূৰ্তিয়ে ভাৰতক বদনাম কৰিব বিচৰা নাই। তেওঁ কেৱল চকুৰ আগত বাস্তৱতা দাঙি ধৰিবলৈহে চেষ্টা কৰিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd