Zelensky meets Joe Biden ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইন অতি নিকট সম্পৰ্কত আহিছে। একেদৰে গাখীৰ-মিঠৈ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। দুয়োজনে এতিয়ালৈকে কেইবাবাৰো ফোনত কথা পাতিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি হোৱাইট হাউচলৈ আহিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে সাক্ষাৎ কৰিছে।
কেবল দেখা কৰাই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনেক ইউক্ৰেইনৰ এটা সামৰিক পদকো প্ৰদান কৰিলে। ৰাছিয়াই ফেব্ৰুৱাৰীত ইউক্ৰেইনত এটা “বিশেষ সামৰিক অভিযান” আৰম্ভ কৰিছিল। ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত এইটো জেলেনস্কিৰ প্ৰথম বিদেশ ভ্ৰমণ।
বিডেনে বুধবাৰে জেলেনস্কিক হোৱাইট হাউচলৈ স্বাগতম জনায়। বাতৰি অনুসৰি তেওঁলোকে ওভাল অফিচত এখন বৈঠকতো মিলিত হয়।
দৰাচলতে এই বৈঠকত কি আলোচনা কৰা হয়? জানিব পৰা মতে, বৈঠকত জেলেনস্কিয়ে বিডেনক কয়, “প্ৰথমে, আপোনাক বহুত ধন্যবাদ।” ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে তাৰপিছতে কয়, “ইয়াত উপস্থিত হোৱাটো এক সন্মানৰ বিষয়।‘’
আনহাতে, জেলেনস্কিয়ে হোৱাইট হাউচত এখন বৈঠকৰ সময়ত বিডেনক ইউক্ৰেইনৰ সামৰিক পদক প্ৰদান কৰে। জেলেনস্কিয়ে জনায় যে ‘ক্ৰছ অফ মিলিটাৰী মেৰিট’ পদকটো ইউক্ৰেইনৰ সেনাৰ এজন কেপ্টেইনক দিয়া হৈছিল। তেওঁ তেওঁৰ পদকটো বিডেনক দিছে। পদকটো গ্ৰহণ কৰি অভিভূত হৈ পৰিছে বিডেন। তেওঁ কৈছে যে তেওঁ ইউক্ৰেইনৰ কেপ্টেইনক এটা সামৰিক স্মাৰক উপহাৰ দিব।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ বহু দিনৰ আগতে আমেৰিকালৈ আহিব বিচাৰিছিল। তেওঁ ইউক্ৰেইনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে বিডেন, মাৰ্কিন কংগ্ৰেছ আৰু সাধাৰণ জনতাক প্ৰশংসা কৰে আৰু তেওঁ আৰু তেওঁৰ দেশবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। বিডেনে জেলেনস্কিক কয়, “আপুনি বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তি।”
অৱশ্যে জেলেনস্কিয়ে বিডেনক সেই কথা নক’বনো কিয়? যুদ্ধৰ আৰম্ভণিৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক অস্ত্ৰ আৰু ধনেৰে নিৰন্তৰ সহায় কৰি আহিছে। তেওঁলোকৰ সহায় অবিহনে ইউক্ৰেইনে হয়তো এনেদৰে ৰাছিয়াৰ সৈতে যুঁজ দিবই নোৱাৰিলেহেঁতেন!