• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰা বন্ধৰ বাবেই ক’ভিদৰ অজুহাত! কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ পত্ৰৰ পাছতে দাবী ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 5:55 pm
Covid in India Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ ক’ভিদক এক অজুহাত হিচাপে দেখুৱাইছে বিজেপিয়ে— এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰা ৰাহুল গান্ধীয়ে। ভাৰত জোড়ো যাত্ৰাত ক’ভিদ প্ৰট’কল অনুসৰণ কৰিবলৈ তথা প্ৰট’কল অনুসৰণ নকৰিলে ৰাষ্ট্ৰীয় স্বাৰ্থত যাত্ৰা কাৰ্যসূচী বাতিল কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এই মন্তব্য কৰিছে গান্ধীয়ে।

“কাশ্মীৰলৈকে এই যাত্ৰা অব্যাহত থাকিব। এয়া বিজেপিৰ নতুন পৰিকল্পনা। তেওঁলোকে মোৰ বাবে এক পত্ৰ প্ৰেৰণ কৰি ক’ভিদ আহি আছে আৰু সেয়ে যাত্ৰা বন্ধ কৰক বুলি কৈছে। এই সকলোবোৰ প্ৰকৃততে যাত্ৰা বন্ধ কৰাৰ এক অজুহাত। দেশৰ শক্তি আৰু সত্যক লৈ আতংকিত হৈ পৰিছে বিজেপি।”— ৰাহুল গান্ধীয়ে কয়।

Apply Now

“বিজেপিয়ে ভয় খাইছে আৰু সেয়াই সত্য। তেওঁলোকে আমাক বাধা দিব বিচাৰে। ভাৰতৰ শক্তিলৈ বিজেপিয়ে ভয় খাইছে। আমি এশ দিনৰো অধিক সময় খোজ কাঢ়ি আহিছো। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, মহিলা, পুৰুষ, শিশু সকলোৱে আমাৰ লগত যোগদান কৰিছে। যাত্ৰা জম্মু-কাশ্মীৰলৈ যাব।’— গান্ধীয়ে লগতে কয়।

 

#WATCH | …It’s their (BJP) new idea, they wrote a letter to me saying COVID is coming & stop the Yatra. All these are excuses to stop this Yatra, they are scared of India’s truth: Rahul Gandhi on Union Health min’s letter pertaining to Covid protocols in Bharat Jodo Yatra pic.twitter.com/BCzziH2n06

— ANI (@ANI) December 22, 2022

উল্লেখ্য যে, বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই গান্ধীলৈ এক পত্ৰ যোগে ৰাহুল গান্ধীক ‘ভাৰত জোডো যাত্ৰা’ত ক’ভিদ প্ৰট’কল পালন কৰিবলৈ অনুৰোধ জনাইছিল। যদি যাত্ৰাৰ সময়ত ক’ভিদ প্ৰট’কল অনুসৰণ নকৰে, তেতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থত যাত্ৰা স্থগিত ৰাখিব লাগে বুলিও পত্ৰত উল্লেখ কৰিছিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

ৰাহুল গান্ধীলৈ লিখা পত্ৰখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মালব্যই উল্লেখ কৰিছিল, “মই ৰাহুল গান্ধীক অনুৰোধ কৰিছো যে পদযাত্ৰাৰ সময়ত মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰকে ধৰি অন্যান্য ক’ভিদ প্ৰট’কল কঠোৰভাৱে পালন কৰা হওক আৰু কেৱল টিকাকৰণ কৰাসকলকহে যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দিয়া হওক।”

“যদি এই ক’ভিদ প্ৰট’কল মানি চলিব নোৱাৰি, তেন্তে জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দেশক ক’ভিদ মহামাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থত ‘ভাৰত জোড়ো যাত্ৰা’ স্থগিত ৰাখিবলৈ অনুৰোধ জনালো।”— পত্ৰখনত লগতে এইদৰে কোৱা হৈছিল।

কিন্তু দেশত কোনো ধৰণৰ ক’ভিদ প্ৰট’কল কাৰ্যকৰী হৈ নথকাৰ বাবে মালব্যৰ এই নিৰ্দেশনাৰ পাছতে কংগ্ৰেছে এই ক’ভিদ প্ৰট’কল কেনেধৰণৰ বুলি প্ৰশ্ন উত্থাপন কৰিছিল। পত্ৰখনৰ প্ৰতি সঁহাৰি দি কংগ্ৰেছে শেহতীয়াকৈ গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপিৰ চলি থকা পদযাত্ৰাৰ বাবে এনে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল নেকি বুলি প্ৰশ্ন তুলিছিল।

অৱশ্যে আজি বিজেপিয়ে সম্ভাৱ্য ক’ভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানত দলৰ ‘জন আক্ৰোশ যাত্ৰ’ বাতিল কৰিছে। তদুপৰি ক’ভিদ সন্দৰ্ভত আলোচনাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বৈঠকো আহ্বান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd