আওকাণ বা এক কথাত ক’বলৈ গ’লে অৱহেলা কৰা। এই চুটি ছবিখনৰ মূল উপজীব্যক দৰ্শাবৰ বাবে নামটি সম্পূৰ্ণ যথোপযুক্ত। গীত ভৈৰৱৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনৰ কাহিনী-ত্ৰিৱেণী গগৈৰ। ৰবিজিতা গগৈৰ দ্বাৰা প্ৰযোজিত এই চুটি ছবিখনে ইতিমধ্যেই অনুষ্ঠিত হৈ যোৱা NEFVTA চুটি ছবি মহোৎসৱৰ ক শাখাৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰাৰ লগতেই মণিকৰ্ণিকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই চুটি ছবিখনৰ দৈঘ্য মাত্ৰ ৪ মিনিট ৪৭ ছেকেণ্ডৰ। ছবিখন বৰ্তমান ৰবিজিতা গগৈৰ ইউটিউব চেনেলত উপলব্ধ।
চিনেমাৰ আৰম্ভণিৰ চিত্ৰায়ণ ক’লা-বগা(black and white)ত,দোতাৰা আৰু চেতাৰৰ নেপথ্য সংগীতৰ সমন্বয়ত। দুই মাক-জীয়েক(ৱাছফিয়া আৰু আছফিয়া)সদাব্যস্ত ফাঁচী বজাৰৰ অলিয়ে-গলিয়ে পদপথৰ কাষৰ দোকানত কাপোৰ আদিৰ বজাৰৰ বাবে যায়। মাজতেই এক ধৰ্মীয় শোভাযাত্ৰা বা সমদল ওলায়, যাৰ ভিৰৰ মাজত দুই মাক-জীয়েক সোমাই পৰে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই চুটি ছবিখনত সংলাপৰ ব্যৱহাৰ একেবাৰেই নাই বুলিলেও ভুল নহ’ব। সংলাপৰ ব্যৱহাৰ ন্যুনতম অৰ্থাৎ ছবিখনৰ দৃশ্যপট আৰু চৰিত্ৰৰ দেহভংগীমা (ব’ডী লেংগুৱেজ)ই দৰ্শকক সম্পূৰ্ণ কাহিনীৰ লগত সংযুক্ত কৰিব পাৰিব লাগিব। আৰু আওকাণৰ পৰিচালক, কাহিনীকাৰ এইখিনিতেই সফল বুলিব লাগিব। কাৰণ, এই সংলাপহীনতাৰ মাজেৰে তেওঁলোকে ছবিখনক সাৱলীল এক গতিত আগুৱাই নিবলৈ আৰু দৰ্শকক ছবিখনৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হৈছে।
ছবিখনৰ মূল বিষয়বস্তু অতি প্ৰাসংগিক তথা স্পৰ্শকাতৰ। যি কথা আমি সকলোৱেই জানি,দেখি,বুজিও বহু সময়ত এৰাই চলো বা আওকাণ কৰো। সকলোৰেই অৱগত এই বিষয়বস্তুক কেন্দ্ৰ কৰি এনে এখন ছবি নিৰ্মাণ এক খুবেই জৰুৰী পদক্ষেপ। ধৰ্মীয় শোভাযাত্ৰাৰ মিছিলৰ মাজতে হঠাত মাক-জীয়েক বিচ্ছিন্ন হৈ পৰে। মাক ৱাছফিয়াৰ হাহাকাৰখিনিক প্ৰদৰ্শন কৰিবৰ বাবে অৰ্থৱহ এক ট্ৰিটমেন্ট দিছে। যদিও, যিখিনি দিছে সেয়া পৰ্যাপ্ত। অৰ্থাৎ,শোভাযাত্ৰা আৰু চৌপাশৰ হুলস্থূলীয়া পৰিবেশৰ নেপথ্যই চলি থাকে, তাৰ মাজত মাকে জীয়েকক বিচাৰি হাহাকাৰ কৰি থাকে।
ঠিক এইখিনিতেই মাজে মাজে এক দুই পলকৰ বাবে নেপথ্য সম্পূৰ্ণ নিস্তব্ধ কৰি দি,মাকে জীয়েকক মাতি থকা অংশক দৰ্শাইছে। এইখিনিৰ জড়িয়তেই, হুলস্থূলীয়া পৰিবেশ আৰু নিস্তব্ধতা দুয়োটি উপাদানেই মাকৰ হাহাকাৰখিনিক সমুচিত ৰূপত দৰ্শাবলৈ সক্ষম হৈছে।
ছবিখনৰ মূল বিষয়বস্তু হৈছে-শিশু নিখোজ বা নিৰুদ্দেশ হোৱা। তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি ৮ মিনিটত একোটিকৈ শিশু নিৰুদ্দেশ হয়। ই এক অতি ভয়ানক তথ্য। আৰু পৰৱৰ্তী সময়ত এই শিশুসকলক ভিক্ষাবৃত্তি,দেহ-ব্যৱসায় আদিকে আৰম্ভ কৰি ভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰে। কাৰ সন্তানৰ, ক’ত, কেনে পৰিস্থিতিত পৰি সমগ্ৰ জীৱনৰ দিশেই সলনি হৈ পৰে, ই এক অতি জৰুৰী তথা চিন্তনীয় বিষয়, যাক হয়তো আমিও প্ৰত্যক্ষ বা পৰোক্ষভাৱে আওকাণেই কৰি আহিছো।
ছবিখনৰ আলোকশিল্পৰ কাম প্ৰশংসনীয়। আলোকশিল্পৰ কাম কৰিছে-চিৰঞ্জীত ৰামচিয়াৰীয়ে। স্বপ্নীল শইকীয়াৰ শব্দগ্ৰহণ আৰু আৱহ-সংগীতৰ কাম পৰিস্থিতি সাপেক্ষ। মূখ্য ভূমিকাত অভিনয় কৰা ৱাছফিয়া(মাক)ৰ চৰিত্ৰৰ অভিনয় সহজ। মাথোঁ ছবিখনৰ অন্ত কিছু পৃথক হোৱা হ’লে! এই সংবেদনশীল বিষয়বস্তুৱে দৰ্শক বা সাধাৰণ মানুহক অধিক প্ৰভাৱান্বিত কৰাৰ বা ভবাই তোলাৰ এক থল ৰৈ গ’ল।
(লেখিকাৰ ইমেইল[email protected])