ভক্ষকৰ ৰূপত ৰক্ষক! দেশত ড্ৰাগছ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে চলাই থকা অভিযানত ধৰা পৰিছে খোদ আৰক্ষী কৰ্মীয়ে। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ পৰা পৰিচালিত হোৱা ড্ৰাগছ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে এক অভিযানত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত পাঁচগৰাকী আৰক্ষীকে ধৰি ১৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই বৃহৎ চক্ৰটোৱে দুয়ো দেশৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি পিছত কাশ্মীৰৰ বিভিন্ন এলেকাত ড্ৰাগছ যোগান ধৰিছিল।
এই সৰবৰাহকাৰী চক্ৰটোৱে পাকিস্তানৰ পৰা অহা ড্ৰাগছ কুপৱাৰা জিলাৰ কেৰাণ ছেক্টৰৰ মাজেৰে সৰবৰাহ কৰিছিল।
কুপৱাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত কয়, “আমি নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ এক বৃহৎ চক্ৰ উৎখাত কৰিছো। চক্ৰটোৰ ১৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত পাঁচগৰাকী আৰক্ষীয়ো আছে।”
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কুপৱাৰা চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত একাংশ ড্ৰাগছ সৰবৰাহকাৰীক উৎখাত কৰা হৈছিল। এই চক্ৰৰ পম খেদি তদন্তৰ সময়ত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত এটা বৃহৎ নেটৱৰ্ক উদ্ধাৰ কৰে।
উল্লেখ্য যে ইতিপূৰ্বেও নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত নিয়োজিত নিৰাপত্তা বাহিনীৰ বিষয়াসকলেও সীমা অতিক্ৰম কৰি ড্ৰাগছ সৰবৰাহত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।
যোৱা বছৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, নিয়াই কুপোৱাৰা জিলাৰ হাণ্ডৱাৰা অঞ্চলত নিযুক্তিপ্ৰাপ্ত সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়াক সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
আনকি নিয়াই ৰমেশ কুমাৰ নামৰ সীমান্ত সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক গৰাকীৰ পৰা ৯১ লাখ টকা নগদ ধনো উদ্ধাৰ কৰিছিল। এই নগদ ধন ড্ৰাগছ সৰবৰাহৰ পৰা পোৱা ধনৰ অংশ বুলি জানিব পৰা গৈছিল।