নতুন বছৰৰ আৰম্ভণিৰ দিনটোত ভাল লগা খবৰ বহুত থাকে। এইখিনি সময়তে গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ প্ৰাংগনত গ্ৰন্থৰসিকৰ প্ৰয়োভৰে আনে নতুন সংবাদ। প্ৰতিস্থিত লেখকৰ লগতে নতুন প্ৰজন্মৰ ন ন লেখক-লেখিকাৰ আত্মপ্ৰকাশৰ সময় এয়া।
আজি ১ জানুৱাৰী তাৰিখে অসম গ্ৰন্থমেলা প্ৰাংগনত জে এছ পাব্লিকেছনৰ বিপনীত এটা অনুষ্টুপীয়া অনুষ্ঠানত দীপালি দুৱৰাৰ উপন্যাস ‘জলদ গম্ভীৰ’ৰ উন্মোচন হয়। অনুষ্ঠানত উপস্থিত থাকে শিল্পী-লেখক সমুদ্ৰ কাজল শইকীয়া নাট্যশিল্পী হিল্লোল কুমাৰ পাঠক, কবি কোকিল শইকীয়া, শিল্পী ময়ূৰ ৰাজবংশী আদি।
কবি আৰু লেখিকা দীপালি দুৱৰাৰ আগৰ কবিতাপুথিখন আছিল ‘নিদ্ৰাহীন মোৰ নীল গৰখীয়া’। ব্যক্তিগত জীৱনৰ উপলব্ধি, সম্পৰ্ক আৰু ব্যক্তিৰ জটিলতা আদিৰে সংপৃক্ত ‘জলদ গম্ভীৰ’ দুৱৰাৰ প্ৰথমখন উপন্যাস। প্ৰকাশক প্ৰণৱ হাজৰিকা আৰু গ্ৰন্থানুৰাগী নাৰায়ণ গগৈ, ধনশ্ৰী কলিতা আদিৰ উপস্থিতিত প্ৰকাশ পোৱা এই উপন্যাসখনে নিশ্চিতভাৱে পাঠকৰ সঁহাৰি লাভ কৰিব।