গৰমৰ দিনেই হওক বা শীতৰ দিনেই হওক, পুৰুষেই হওক বা মহিলাই হওক। বহুতৰে থাক শালমনৰ সমস্যা। ধূলি, প্ৰদূষণ, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, পৰ্যাপ্ত পৰিমাণে পানী নোখোৱা আদি কিছুমান কাৰণত মুখত শালমন বা ব্ৰণৰ সৃষ্টি হয়।
কিন্তু কেৱল মুখখনেই নহয়, বহু লোকৰ পিঠিতো ব্ৰণ থাকে। যদিও আমি মুখমণ্ডলত হোৱা ব্ৰণৰ বিষয়ে সচেতন, তথাপিও আমি পিঠিৰ ব্ৰণৰ বিষয়ে ইমান সচেতন নহয়।
লগতে পঢ়কঃ আপুনি কেতিয়াবা টোপনিতে কথা কয় নেকি ?
কিন্তু এই ব্ৰণৰ সমস্যাক যদি আমি গুৰুত্ব সহকাৰে নলওঁ তেন্তে ই অধিক দাগ সৃষ্টি কৰিব পাৰে। পিঠিৰ ব্ৰণ অত্যন্ত অস্বস্তিকৰ। কাপোৰেৰে ঢাকি থোৱা পিঠিখনত আৰু বেছি শালমণ ওলায়। পিঠিৰ ছালখন মুখতকৈও তেলেতীয়া হৈ পৰে।
কিছুমান ঘৰুৱা কৌশলেৰে পিঠিত সৃষ্টি হোৱা এই শালমনৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি –
লগতে পঢ়কঃ বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা
১) অ’টচ-দৈৰ মিশ্ৰণ: এটা বাটিত তিনি চামুচ অ’টচ পাউদাৰ লৈ দুচামুচ টেঙা দৈৰে এটা মিশ্ৰণ তৈয়াৰ কৰি গোটেই পিঠিত লগাব লাগে। মিশ্ৰণ খিনি পিঠিত লগোৱাৰ বিছ মিনিট পিছত এখন টাৱেল গৰম পানীত ডুবাই সেইখনেৰে ভালদৰে মচি দিব লাগে। এই পেকটো সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰিলে পিঠিত হোৱা শালমনৰ সমস্যা লাহে লাহে কমি আহে।
লগতে পঢ়কঃ প্ৰেমে নামানে বয়সৰ ঠিকনা :: ৫০ বছৰীয়া বাছ চালকৰ প্ৰেমত হাবুডুবু ২৪ বছৰীয়া মহিলা যাত্ৰী
২) চাউলৰ গুড়ি-বিলাহীৰ মিশ্ৰণ: বিলাহী এটা ফেনি লৈ লৈ তাৰ লগত ২ চামুচ চাউলৰ গুড়ি মিহলাই লব লাগে। এনেদৰে সৃষ্টি হোৱ্কা মিশ্ৰণটো পিঠিত আধা ঘণ্টা লগাই থ’ব লাগে। ইয়াৰ পিছত পানীৰে ধুই দিব লাগে। এই মিশ্ৰণট ব্যৱহাৰ কৰাৰ পিছত পিঠিৰ ৰঙা দাগবোৰ নাইকীয়া হ’বলৈ আৰম্ভ কৰিব। লগতে ব্ৰণৰ সমস্যা কমি যাব আৰু আনকি টেনিংৰ সমস্যাও নোহোৱা হ’ব।
লগতে পঢ়কঃ ৬৫,০০,০০০ টকা এবটলৰ দাম! পৃথিৱীৰ আটাইতকৈ দামী পানীবোৰৰ বিষয়ে
৩) হালধী-বেছন মিশ্ৰণ: অলপ কেঁচা হালধী লৈ তাক আটাৰ লগত মিহলাই মিশ্ৰণ বনাব লাগে। এই মিশ্ৰণটো পিঠিত লগাই পোন্ধৰ মিনিট ৰাখি পানীৰে ধুই পেলাব লাগে। তেতিয়া লাহে লাহে পিঠিত হোৱা ছালৰ সংক্ৰমণ কমি আহে। ফলত শালমনবোৰ লাহে লাহে নোহোৱা হয়।
এইদৰে এই তিনিটা সহজ ঘৰুৱা উপায়েৰে যত্ন ল’লে পিঠিত হোৱা শালমনৰ পৰা ৰক্ষা পাব পৰা যায়।
লগতে পঢ়কঃ বিস্ফোৰণৰ পৰা ফোনো বচাওক, নিজেও বাচক; দুটা মাৰাত্মক ভুল কেতিয়াও নকৰিব