• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদৰ অভিযোগ! আৰু দুজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিলে ইৰানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 8:18 am
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

110
VIEWS
Share on FacebookShare on Twitter

ইৰাণে আৰ দুজন প্ৰতিবাদকাৰী মহম্মদ মেহেদী কাৰামি আৰু চৈয়দ মহম্মদ হুছেইনীক মৃত্যুদণ্ড দিছে। তেওঁলোকক শনিবাৰে ৰাতিপুৱা মৃত্যুদণ্ড দিয়া হয়।

কাৰামি আৰু হুছেইনীৰ বিৰুদ্ধে যোৱা বছৰ ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁলোকক ইৰাণৰ অৰ্ধসামৰিক বাহিনীৰ এজন সদস্য চৈয়দ ৰুহোল্লাহ আজমিয়ানক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। ৰুহোল্লাহ আজামিয়ানক যোৱা বছৰৰ ৩ নৱেম্বৰত কাৰাজ চহৰত হত্যা কৰা হৈছিল।

আৰক্ষীৰ জিম্মাত থকা এগৰাকী কুৰ্দি ছোৱালী মাছা আমিনীৰ মৃত্যুক লৈ ১৬ ছেপ্টেম্বৰত সমগ্ৰ ইৰাণত প্ৰতিবাদ আৰম্ভ হৈছিল। ইৰাণৰ নিৰাপত্তা বাহিনীৰ ডজন সংখ্যক সদস্যকে ধৰি সহস্ৰাধিক প্ৰতিবাদকাৰী নিহত হয়।

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

কাৰামিৰ অধিবক্তা মহম্মদ হোচেই আগাছিয়ে শনিবাৰে টুইটাৰত কয় যে তেওঁ তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ আগতে তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিব বিচাৰিছিল। কিন্তু তেওঁক অনুমতি দিয়া হোৱা নাছিল। তদুপৰি, কাৰামিয়ে বুধবাৰৰ পৰা আমৰণ অনশনত আছিল কিয়নো তেওঁক গোচৰটোৰ বিৰুদ্ধে যুঁজিবলৈ  উকীল নিযুক্ত কৰাৰ অনুমতি দিয়া হোৱা নাছিল। 

কাৰামিৰ বয়স ২১ বছৰ। তেওঁ এজন চেম্পিয়ন কাৰাটে খেলুৱৈ আছিল। যোৱা  ডিচেম্বৰত  তেওঁৰ মৃত্যুদণ্ডৰ ৰায়ৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰৰ জীৱন ভিক্ষা বিচাৰি ছচিয়েল মিডিয়াৰ সহায় লৈছিল। কাৰামিৰ পিতৃয়ে কৈছিল, “অনুগ্ৰহ কৰি মোৰ পুত্ৰক মৃত্যুদণ্ড দিয়াৰ আদেশটো উঠাই লওক।‘’

আনহাতে, চৈয়দ মহম্মদ হুছেইনী এজন শিশুসকলৰ স্বেচ্ছাসেৱী প্ৰশিক্ষক আছিল। তেওঁ পিতৃ-মাতৃকো হেৰুৱাইছে। প্ৰতি বৃহস্পতিবাৰে তেওঁ পিতৃ-মাতৃৰ কবৰস্থানলৈ গৈছিল। তেওঁ শিশুসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছিল। তেওঁক তেওঁৰ পিতৃ-মাতৃৰ কবৰস্থানলৈ যাওঁতে গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

ইৰাণ চৰকাৰৰ মতে, ৪১ জন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিয়া হৈছে। অৱশ্যে, নৰৱেস্থিত মানৱ অধিকাৰ সংগঠন ইৰাণ হিউমেন ৰাইটছ (আইএইচআৰ)ৰ মতে, ইৰাণত চলি থকা প্ৰতিবাদৰ সৈতে জড়িত অপৰাধৰ বাবে কমেও ১০০ জন লোকক মৃত্যুদণ্ড দিয়া হৈছে বা মৃত্যুদণ্ড যোগ্য অপৰাধৰ অভিযোগ অনা হৈছে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd