এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে ধৰ্ষণকাৰীৰ মাতৃক লক্ষ্য কৰি গুলীওৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ৫০ বছৰীয়া মহিলাগৰাকী কিশোৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে।
ঘটনাটো দিল্লীৰ ভজনপুৰা অঞ্চলত সংঘটিত হৈছে। গুলীবিদ্ধ মহিলাগৰাকীয়ে তাত এখন সৰু গেলামালৰ দোকান চলায়। অভিযোগ কৰা হৈছে যে শনিবাৰে সন্ধিয়া প্ৰায় ৫-৩০ বজাত দোকানখনৰ সন্মুখত হঠাতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। তাৰ পিছত দেখা যায় যে দোকানখনৰ মহিলাগৰাকী গুলীত আঘাতপ্ৰাপ্ত হৈছে।
লগতে পঢ়ক: বিপিএফৰ প্ৰাক্তন বিধায়ককে ধৰি ৩ জন বড়ো নেতাক গ্ৰেপ্তাৰ; ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া
খবৰ পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। অভিযুক্ত ছোৱালীজনীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকী চিকিৎসাধীন হৈ আছে।
আৰক্ষীয়ে জানিব পাৰে যে ছোৱালীজনীৰ মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে পুৰণি বিদ্বেষ আছিল। ২০২১ বৰ্ষত মহিলাগৰাকীৰ নাবালক পুত্ৰই ছোৱালীজনীক ধৰ্ষণ কৰিছিল। তেতিয়াৰ পৰাই ছোৱালীজনীয়ে মনত ক্ষোভ পুহি ৰাখিছিল। শনিবাৰে সেই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটে আৰু এইদৰে গুলীচালনা কৰে।
লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক
আৰক্ষীয়ে ছোৱালীজনীয়ে অভিযুক্তজনৰ মাতৃৰ ওপৰত কিয় গুলীচালনা কৰিলে, আন কাকো হত্যা কৰাৰ উদ্দেশ্য আছিল নেকি, ক’ৰ পৰা তেওঁ পিষ্টলটো সংগ্ৰহ কৰিছিল বা ঘটনাটোৰ আঁৰত আন কোনো আছে নেকি সেই সকলোবোৰ অনুসন্ধান কৰি আছে।