• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধী সকলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে হেতালি খেলাৰ অভিযোগ

ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তালিকা প্ৰকাশ কৰাৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2023 5:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ৰাজ্যৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰতিবন্ধী সকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ যাৰ বাবে জাঙুৰ খাই উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে৷

আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় প্ৰতিবন্ধীৰ ৫১৩টা পদৰ বাবে অনুষ্ঠিত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শেহতীয়া কৰ্মকাণ্ডই চকু কপালত তুলিছে প্ৰতিবন্ধী সমাজৰ৷

মালাকাৰে লগতে কয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ে ১৬জানুৱাৰীত এখন জাননী প্ৰকাশ কৰি ১৬জানুৱাৰীৰ পৰা ২১জানুৱাৰীৰ ভিতৰত ৫১৩টা পদৰ বিপৰীতে প্ৰাৰ্থীসকলৰ পৰা কিছু তথ্য বিচৰাৰ লগতে জিলা পৰ্যায়ৰ বাছনি সমিতিৰ সম্বলিত প্ৰৱেশ পত্ৰখনো ৱেবছাইটৰ জৰিয়তে আপলোড কৰিবলৈ নিৰ্দেশ দিয়ে৷

ইয়াৰ পিছত ১৮জানুৱাৰীত পুনৰ এখন জাননীৰ জৰিয়তে পূৰ্বৰ জাননীখন শুধৰণি কৰি স্বাক্ষৰ থকা নথকা প্ৰাৰ্থী সকলক নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰখন আপলোড কৰিব পাৰিব বুলি জনায়৷

এতিয়া প্ৰশ্ন হ’ল যিখন প্ৰৱেশ পত্ৰ খোদ গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰাৰ্থী সকলক প্ৰদান কৰিছিল, আনকি তাৰ ওপৰত ভিক্তি কৰি চূড়ান্ত ফলাফলো ঘোষণা কৰিছিল, সেই প্ৰৱেশ পত্ৰখন বিশ্ববিদ্যালয়ৰ ওচৰত নাই নেকি? যদি নাই কি বিষয়ত ভিত্তি কৰি ২০২২চনৰ ২৪এপ্ৰিলত ফলাফলৰ লগত নম্বৰৰ তালিকা প্ৰকাশ কৰাৰ উপৰিও ডিচেম্বৰ মাহত চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল৷

সংবাদমেলত মালাকাৰে প্ৰশ্ন কৰে ন্যায়ালয়ৰ নিৰ্দেশনাত কতো প্ৰৱেশ পত্ৰ বিচৰা কথা উল্লেখ নথকাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰবেশ পত্ৰ আপলোডৰ নামত সমগ্ৰ প্ৰক্ৰিয়াটো এক ভেকোভাওনাৰ সৃষ্টি কৰিব বিচাৰিছে নেকি?

লক্ষ্যনীয় কথাটো হ’ল জাননীখনত কতো প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰা সকলো প্ৰাৰ্থীয়ে তথ্য সমুহ যোগান ধৰিব লাগিব নে চূড়ান্ত তালিকাৰ প্ৰাৰ্থীসকলে তথ্যৰ যোগান ধৰিব লাগিব সেয়া কতো স্পষ্ট উল্লেখ নাই৷ গতিকে ইয়াকে লৈ প্ৰাৰ্থীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে নিযুক্তিক লৈ কিবা খেলিমেলি কৰাৰ বাবে উদ্যত হোৱা বুলি প্ৰাৰ্থীসকলৰ মাজত চৰ্চিত হৈছে৷ এইক্ষেত্ৰত চৰকাৰ অথবা বিভাগক বিহীত ব্যৱস্থা লবলৈ দাবী জনায়৷

মালাকাৰে ২০১৭চনতে চৰকাৰে ঘোষণা কৰা ৪৪১৯টা পদৰ পৰা ৮৬৩টা পদ বাদ দি বাকী থকা বেকলগ পদসমূহ পুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ যি চৰকাৰে ২৬হাজাৰ নিযুক্তিৰ ক্ষেত্ৰত তিনিমাহৰ ভিতৰত ২৭লাখ নিৱনুৱাৰ পৰীক্ষা সম্পন্ন কৰি ফলাফল ঘোষণা কৰিব পাৰে, সেই একেখন চৰকাৰে ৫১১টা পদৰ পৰীক্ষা হৈ যোৱাৰ পিছতো দুবছৰ ধৰি ন্যায়ালয়ৰ কোনো বাধ্যবাধকতা নথকাৰ পিছতো প্ৰতিবন্ধীৰ নিযুক্তিৰ ক্ষেত্ৰত কিয় উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা নাই সেয়া এক ৰহস্যৰ বিষয়৷ নে আচলতে দিব্যাংগ নামটোৰে সন্মানিত কৰি উপহাসহে কৰিব বিছাৰিছে৷

আনহাতে, অৰুণাদয় আঁচনিৰ লগত দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি সাঙুৰি নলৈ পেঞ্চনৰ ধন ১০০০টকাৰ পৰিৱৰ্তে ৩০০০টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ মালাকাৰে লগতে কয় যে নিদিষ্ট সময়সীমাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰতিবন্ধী লোকৰ নিযুক্তিৰ ক্ষেত্ৰত ভেকোভাওনা সমুহ বন্ধ কৰি ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে স্বচ্ছ আৰু নিকাভাৱে তালিকা প্ৰকাশ কৰক৷ অন্যথা প্ৰতিবন্ধী সকলৰ স্বাৰ্থত যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসম৷

আজিৰ সংবাদমেলত মধ্য অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সভাপতি টংকেশ্বৰ বৰা, সদৌ বিটিএডি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ নিকুদিন বসুমতাৰীকে ধৰি সংগঠনৰ কেইবাগৰাকীও বিষয়ববীয়া, সদস্য উপস্থিত আছিল৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd