• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অভিযোগ গুৰুতৰ’: ভাৰতীয় মল্লযুঁজ ফেডাৰেচন বিতৰ্কত অৱশেষত মুখ খুলিলে ক্ৰীড়ামন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 7:14 am
wrestlers protest WFI
146
VIEWS
Share on FacebookShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰক জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত অৱশেষত মুখ খুলিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে। ফেডাৰেচনৰ বিৰুদ্ধে দেশৰ তাৰকা মল্লযুঁজাৰুসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ক্ৰীড়ামন্ত্ৰী ঠাকুৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰাৰ আশ্বাস দিছে।

চৰকাৰী কাৰ্যসূচীৰ বাবে আমিৰপুৰত থকা অনুৰাগ ঠাকুৰে নতুন দিল্লীলৈ উভতি অহাৰ পাছতে প্ৰতিবাদী খেলুৱৈসকলৰ সৈতে মিলিত হোৱাৰ আশ্বাস দিয়াৰ লগতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচন আৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ প্ৰকৃতিৰ বুলি মন্তব্য কৰে।

“মই দিল্লীলৈ উভতি অহাৰ পিছত খেলুৱৈসকলক সাক্ষাৎ কৰিম। উত্থাপিত অভিযোগসমূহ অত্যন্ত গুৰুতৰ। আমি এই বিষয়ত প্ৰয়োজনীয় যি কোনো পদক্ষেপ গ্ৰহণ কৰিম।”— বৃহস্পতিবাৰে এক বিবৃতিত অনুৰাগ ঠাকুৰে কয়। সূত্ৰ অনুসৰি এই বৈঠকখন ক্ৰীড়া মন্ত্ৰীগৰাকীৰ বাসগৃহতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদত বহা ভাৰতীয় মল্লযুঁজাৰুসকল আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। ফেডাৰেচনৰ সভাপতি আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগক লৈ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুসকলে আজিৰ আলোচনাৰ অন্তত সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে।

প্ৰতিবাদী মল্লযুঁজাৰুসকলে দাবী পূৰণ নোহোৱালৈকে পুনৰ মল্লযুঁজৰ ৰিঙত নানামে বুলি লগতে দোহাৰিছে। বৈঠকৰ পাছতে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকে সংবাদ মাধ্যমৰ আগত আলোচনাৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাই বুলি মন্তব্য কৰে।

“আমি আলোচনাত সন্তোষজনক সঁহাৰি পোৱা নাই; কেৱল আশ্বাসহে দিয়া হৈছে, কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া নাই। ফেডাৰেচনৰ মুৰব্বী অপসাৰণ নোহোৱালৈকে আৰু তেওঁ জেললৈ নোযোৱালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমাৰ ওচৰত প্ৰমাণ থকা ৫-৬ গৰাকী মহিলা খেলুৱৈ আছে। চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি আৰক্ষীৰ ওচৰলৈ যাম।”— তেওঁলোকে কয়।

বিজেপিৰ সদস্য তথা হাৰিয়ানা চৰকাৰৰ সদস্য অলিম্পিয়ান ববিতা ফ’গাটৰ নেতৃত্বত চৰকাৰী প্ৰতিনিধি দলৰ সৈতে বৈঠকৰ অন্তত মল্লযুঁজাৰু সকলে কয়, “আমি আইনী পথ ল’ব বিচৰা নাছিলো, কিয়নো প্ৰধানমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছিল। আমাৰ যুঁজ চৰকাৰৰ সৈতে নহয়, ফেডাৰেচনৰ সৈতেহে।”

উল্লেখ্য যে,বুধবাৰে ভিনেশ ফ’গাটে এই গুৰুতৰ অভিযোগ ৰাজহুৱা কৰাৰ পিছতে ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক ৭২ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। এই উত্থাপিত এই অভিযোগ খণ্ডন কৰিছে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙে। বিজেপিৰ সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগক সঁচা বুলি প্ৰমাণ কৰিব পাৰিলে আত্মহত্যা কৰিব বুলি মন্তব্য কৰিছিল।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd