• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ক্ৰীড়ামন্ত্ৰীৰে ৰুদ্ধদ্বাৰ বৈঠক প্ৰতিবাদী মল্লযুঁজাৰুৰ: দাবীত অটল খেলুৱৈ, অমীমাংসিত বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 11:13 am
Wrestlers protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰক যোৱা দুটা দিন ধৰি উত্তাল কৰি ৰখা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত অৱশেষত বৃহস্পতিবাৰে নিশা আলোচনাত মিলিত হ’ল কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ভাৰতীয় মল্লযুঁজ তাৰকাসকল। অৱশ্যে নিজ দাবীত অটল থকা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ দাবী অমীমাংসিত হৈ ৰোৱাৰ ফলত অনিৰ্ণায়ক হৈ ৰয় বৈঠক।

যোৱা দুটা দিন ধৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদত বহা প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ এটা প্ৰতিনিধি ধলে নিশা ক্ৰীড়ামন্ত্ৰী ঠাকুৰৰ বাসগৃহত বৈঠকত মিলিত হয়। নিশা ১০ বজাৰ পৰা প্ৰায় চাৰিঘণ্টা ধৰি চলে এই মাৰাথান বৈঠক। পুৱা ১:৪৫ বজাত ঠাকুৰৰ বাসগৃহৰ পৰা ওলাই অহা মল্লযুঁজাৰুসকলে অৱশ্যে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ পৰা বিৰত থাকে।

Apply Now

অলিম্পিক পদক বিজয়ী তাৰকা বজৰং পুনিয়া, ৰবি দহিয়া, সাক্ষী মালিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ভিনেশ ফ’গাটে এই বৈঠকত অংশ লয়। উল্লেখ্য যে বৃহস্পতিবাৰে দিনৰ ভাগত চৰকাৰী প্ৰতিনিধি দল আৰু প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ মাজত হোৱা বৈঠক অনিৰ্ণায়ক হৈ থকাৰ পিছতে হিমাচল প্ৰদেশৰ পৰা দিল্লীলৈ উৰা মাৰিছিল ঠাকুৰে।

জানিব পৰা মতে কালিৰ নিশাৰ বৈঠকো ফলাফলবিহীন হৈ থকাৰ বাবে আজি পুনৰ ক্ৰীড়া মন্ত্ৰীক সাক্ষাৎ কৰিব মল্লযুঁজাৰুসকলে। প্ৰতিবাদী খেলুৱৈসকলে ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙক অপসাৰণ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ইতিপূৰ্বেই স্পষ্ট কৰি দিছে। ক্ৰীড়া মন্ত্ৰালয়ে উত্থাপিত অভিযোগ সন্দৰ্ভত ফেডাৰেচনৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত লিখিত উত্তৰ বিচাৰিছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি দিয়া নাই ডব্লিউ এফ আইয়ে।

সূত্ৰ অনুসৰি চৰকাৰে মল্লযুঁজাৰুসকলে তেওঁলোকৰ প্ৰতিবাদৰ অন্ত পেলোৱাটো বিচাৰে যদিও খেলুৱৈসকলে প্ৰথমে ডব্লিউ এফ আই ভংগ কৰিব লাগে বুলি দৃঢ়তাৰে কয়। “চৰকাৰে পিছত আন সমস্যা সমাধান কৰিব পাৰে। আমি সেই বিষয়ত সহমত, কিন্তু প্ৰথমে ডব্লিউ এফ আই ভংগ কৰিব লাগিব।”- মল্লযুঁজাৰুসকলৰ এক ঘনিষ্ঠ সূত্ৰই এইদৰে কয় সংবাদ মাধ্যমৰ আগত।

উল্লেখ্য যে,বুধবাৰে তাৰকা খেলুৱৈ ভিনেশ ফ’গাটে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছে দেশৰ ক্ৰীড়াক্ষেত্ৰক জোকাৰি গৈছিল। এই অভিযোগৰ পিছতে কেইবাগৰাকীও তাৰকা খেলুৱৈ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ অপসাৰণৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদত বহিছিল।

প্ৰতিবাদী ভাৰতীয় মল্লযুঁজাৰুসকল কালি দিনৰ ভাগতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল। প্ৰতিবাদী মল্লযুঁজাৰুসকলে দাবী পূৰণ নোহোৱালৈকে পুনৰ মল্লযুঁজৰ ৰিঙত নানামে বুলি লগতে দোহাৰিছে। আলোচনাৰ পৰা সন্তোষজনক সঁহাৰি পোৱা নাই বুলি মন্তব্য কৰি কালি মল্লযুঁজাৰুসকলে ফেডাৰেচনৰ মুৰব্বী অপসাৰণ নোহোৱালৈকে আৰু তেওঁ জেললৈ নোযোৱালৈকে আমি প্ৰতিবাদ অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছিল।

এনে গুৰুতৰ অভিযোগৰ প্ৰমাণ থকা ৫-৬ গৰাকী মহিলা খেলুৱৈ আছে বুলি দাবী কৰি খেলুৱৈসকলে চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি আৰক্ষীৰ ওচৰলৈ যাব বুলি উল্লেখ কৰিছিল। কিন্তু অভিযুক্ত ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙে উত্থাপিত এই অভিযোগ খণ্ডন কৰিছে। বিজেপিৰ সাংসদ গৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগক সঁচা বুলি প্ৰমাণ কৰিব পাৰিলে আত্মহত্যা কৰিব বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পাৰভনী জিলাত শোকাৱহ ঘটনা: মন্দিৰৰ চাল খহি চাৰিজনৰ মৃত্যু

June 20, 2026 7:38 pm
শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শান্তি চুক্তি উলংঘনৰ অভিযোগত ইৰানে বন্ধ কৰিলে হৰমুজ প্ৰণালী, দাবী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

June 20, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm
যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

যশস্বীৰ দুৰন্ত শতক আৰু ৰোহিতৰ অনবদ্য বেটিং, ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাস্ত আফগানিস্তান

June 20, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd