• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নীলমণি ফুকনলৈ…..

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
January 20, 2023 12:35 pm
Nilmani Phookan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাক প্ৰথম লগ পোৱা দিনটো মোৰ স্পষ্ট মনত আছে। আপুনি তেতিয়া প্ৰতিষ্ঠিত, প্ৰশংসিত কবি। মই কলেজীয়া ছাত্ৰ। দুই এটা কবিতা লিখিছোঁ। এটা কবিতা কটনিয়ানত ওলাইছিল। ৰঞ্জন ৰাজকুমাৰে মোক পল্টন বজাৰৰ অসম হোটেলত আপোনাৰ লগত চিনাকি কৰাই দিছিল। সঙ্কোচেৰে গৈছিলোঁ আপোনাক লগ পাবলৈ। আপুনি তেতিয়া আৰ্য বিদ্যাপীঠ কলেজত ইতিহাসৰ শিক্ষক হৈ সোমাইছে। ইতিমধ্যে ৰামধেনুৰ পাতত আধুনিক কবিতাৰ নতুন ৰূপ এটা প্ৰকাশ হৈছে। আপুনি তাত নিজস্ব আঙ্গিকেৰে এটা বিশেষ ধাৰা সৃষ্টি কৰি বাট মুকলি কৰিবলৈ আৰম্ভ কৰিছে। মই সেয়ে আকৰ্ষিত হৈ আপোনাৰ লগত চিনাকি হ’বলৈ গৈছিলোঁ।

আপোনাৰ পৰা মৰম সনা ব্যৱহাৰ পাই মোৰ সংকোচ নোহোৱা হৈছিল। আপুনি মোক আচৰিত কৰি কৈছিল যে আপুনি মোৰ কবিতা ‘কটনিয়ান’ত পঢ়িছে। তেতিয়াই বুজিছিলোঁ অনুজ কবিক আপুনিতো অৱহেলা নক’ৰেই, বৰং তেওঁলোকক সতীৰ্থ বুলি ভাৱে। পিছতো দেখিছোঁ আপোনাৰ ঘৰখন কেনেকৈ পিছৰ চাম কবিৰ বাবে এখন তীৰ্থস্থানৰ দৰে হৈছিল। মোৰ মনত পৰে আপোনাক লগ পাবলৈ অহা এজন বাংলাভাষী কবিয়ে আপোনাৰ ঘৰৰ এই কাব্য-তীৰ্থ যেন পৰিৱেশৰ ওপৰত এটা কবিতাই লিখিছিল।

Apply Now

সেই প্ৰথম লগ পোৱা দিনটোৰ পৰাই মই আপোনাৰ সাহচৰ্য আৰু আশীৰ্বাদ বিচাৰি এতিয়ালৈকে কিমান অহা-যোৱা কৰিলোঁ তাৰ সীমা-সংখ্যা নাই। আপোনাৰ বিয়াৰ পিছত আপোনালোক দুয়ো থকা ভৰলুমুখৰ ভাড়াঘৰত ক’তদিন মেল মাৰিছোঁ। আপোনাৰ পত্নী (আমাৰ বাইদেউগৰাকী)ৰ আতিথ্য আছিল কিমান মধুৰ! তেওঁ আপোনাৰ অৰ্ধ-আকাশেই নহয়, আপোনাৰ জীৱনৰ ধৰণীও। এক পৰিপূৰ্ণ নাৰীমূৰ্তি, এক আদৰ্শ নাৰী, আৰু তেওঁৰ মাজেৰে আপুনি সম্পূৰ্ণ। আপোনাৰ তিনিটা সন্তানক জন্মৰ পৰাই পাইছোঁ। আটাইকেইজন সুযোগ্য হৈ উঠিছে আৰু তেওঁলোকৰ পিতৃভক্তি আপোনাৰ মূল্যবান সম্পদ।

সাহিত্য ক্ষেত্ৰত অসমীয়া কবিতাৰ শ্ৰেষ্ঠ কবিসকলৰ আপুনি এজন। আপোনাৰ অৰিহণা অসমীয়া সাহিত্যত অপূৰণীয়। আধুনিক কবিতাক এক নতুন দিগন্তলৈ লৈ যোৱাই নহয়, আপুনি পিছৰ কবিসকলৰ বাবে পথ-প্ৰদৰ্শকৰ দায়িত্বও পালন কৰি আহিছে। আপুনি কেইবাটাও সন্মানীয় পুৰস্কাৰ পাইছে-অসম অকাডেমি বঁটা আৰু জ্ঞানপীঠ বঁটা তাৰ ভিতৰত প্ৰধান। কিন্তু বঁটাত আপোনাৰ সাহিত্যৰ পৰিচয় নাই। আপোনাৰ অৱদান তাৰ বহু উৰ্ধত। অসমীয়া আধুনিক কবিতাৰ এটা সমৃদ্ধ অংশ আপোনাৰ সৃষ্টিৰে উজ্জ্বল। স্বাস্থ্যই আপোনাৰ কলম বহুদিন স্তব্ধ কৰি থলে। নহলে অসমীয়া সাহিত্যই আপোনাৰ পৰা আৰু আপুৰুগীয়া সম্পদ হয়তো পালেহেঁতেন। কিন্তু যিখিনি পাইছে সেইখিনিওটো বহু মূল্যবান। আপুনি লোকশিল্পৰ গৱেষণা কৰি যিখন কিতাপ লিখিলে, সেইখনে অসমীয়া লোককলাৰ এক সমৃদ্ধ ৰূপ প্ৰমাণ কৰিছে। কলা-সমালোচনাৰ ক্ষেত্ৰতো আপুনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু অসমীয়া শিল্পীসকলৰ অৱদান পাদ-প্ৰদীপৰ সমুখলৈ উলিয়াই আনিছে। চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহ মই আপোনাৰ পৰাই পাইছিলোঁ।

আজি আপোনাক নিথৰ হৈ পৰি থকা দেখি মই ম্ৰিয়মাণ হৈ পৰিছোঁ। কিন্তু সান্তনা লভিবলৈ চেষ্টা কৰিছোঁ এমিলী ডিকিনচনৰ কবিতাৰ কেইশাৰীমান কথাৰে:
If tolling bell I ask the cause,
‘A soul has gone to God’,
I am answered in a lonesome tone
Is heaven then so sad?

That bells should joyful ring to tell
A soul has gone to heaven,
Would seem to me the proper way
A good news should be given.

যদি আত্মা আছে আপোনাৰ আত্মাই সেই নেদেখা স্বৰ্গত শান্তি লাভ কৰক।

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, বিশিষ্ট কবি, লেখক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd