• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীলমণি ফুকন ছাৰ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 20, 2023 6:32 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীলমণি ফুকনক মই কেতিয়া লগ পাইছিলোঁ? চন তাৰিখ মনত নাই।ছবিখন কিন্তু এতিয়াও মোৰ স্মৃতিত সজীৱ হৈ আছে।বোধহয় আজিৰ পৰা তিনি দশকতকৈও আগতে আৰ্যবিদ্যাপীঠ কলেজত।এজন শীৰ্ণ চেহেৰাৰ মানুহ। পিন্ধনত এখন চুৰীয়া,এটা হাত কটা পাঞ্জাৱী আৰু ভৰিত এযোৰ সাধাৰণ চেণ্ডেল। চকু দুটা কিন্তু উজ্জ্বল।ক্লাচ শেষ হোৱাৰ পিছত তেওঁ বোধহয় হাজিৰা বহীখন লৈ ক্লাচৰপৰা ওলাই আহিছিল। ঠিক তেনে অৱস্থাতে তেখেতৰপৰা অলপ দূৰত দেখিছিলোঁ নলিনীধৰ ভট্টাচাৰ্যক।একেই চেহেৰা, একেই পৰিধান।কেৱল নলিনীধৰ ভট্টাচাৰ্য ছাৰৰ পাঞ্জাৱীটো হাত দীঘল আছিল। তেনেকৈয়ে আৰম্ভ হৈছিল ফুকন ছাৰৰ লগত মোৰ পৰিচয়।তাৰ পিছত কি হৈছিল, সেইবোৰ একাদিক্ৰমে বৰ্ণোৱাৰ কোনো অৰ্থ নহয়।

তিনি গৰাকী মানুহৰ কথা বাদ দি মই ফুকন ছাৰৰ কথা ভাবিব নোৱাৰোঁ।সেই তিনি গৰাকী মানুহ হ’ল ফুকন ছাৰৰ বাইদেউ, ছাৰৰ ডাঙৰ ল’ৰা ঋতু আৰু দুদুলমণি। ঋতু আগতে। মই দিল্লীত। এন বি টিত চাকৰি কৰি আছোঁ। নীলমণি ফুকন ছাৰৰ লগত মোৰ ভাল।দিল্লীৰ এইমচত কিবা এটা কোৰ্চ কৰিবলৈ ঋতু দিল্লীলৈ আহিছে।এইমচৰপৰা এন বি টিৰ সেই সময়ৰ গ্ৰীণ পাৰ্কৰ অফিছ তেনেই ওচৰত।ঋতু মাজে মাজে মোৰ অফিছলৈ আহে।আজিকালি ঋতুক কাচিৎহে লগ পাওঁ।সেই সৰুফুটীয়া মৰমলগা ল’ৰাটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰোঁ।ল’ৰাটোৰ চকু-মুখত কি এক তীব্ৰতা!চেতনাটো আছিল হাড়ে-হিমজুৱে অসমীয়া।হিন্দীৰ ‘चाय’ শব্দটো মই আজিও শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ।মোক যে হিন্দী শব্দৰ বিষয়ে কিমান শিকাইছিল ঋতুৱে। হিন্দীৰ জটিল বস্তু দুটা আছিল লিংগ আৰু বচন।এটা চিঙৰা হ’ল ‘समोसा’ দুটা বা তাতকৈ বেছি হ’লে ‘समोसे’। ‘समोसा’ বুলি কৈ পাইছোঁ, কিন্তু এতিয়ালৈ ‘समोसे’ বুলি ক’বলৈ আত্মবিশ্বাস হোৱা নাই। ফুকন চাৰৰ তালৈ গ’লে ঋতুৰ কথা সদায় মোৰ মনলৈ আহে।

ফুকন চাৰৰ বাইদেউ। বাইদেউ ফুকন চাৰৰ পদূলি।বাইদেউৰ পদূলিৰেহে আমি ফুকন চাৰৰ তালৈ যাওঁ।ফুকন চাৰলৈ ফোনটো কৰিলেও – “অ’ মালাকাৰ, কেনে আছা,  ৰ’বা চাৰক দিছোঁ” বুলি কৈ বাইদেৱে পতা কথা কেইষাৰো ইমান সাদৰী আছিল! এদিন ফোনৰ গুৰিলৈ চাৰ আহি পাই মানে বাইদেউৰ লগতে যে কিমান কথা পাতিছিলোঁ- তেওঁৰ কথা,তেওঁলোকৰ ঘৰখনৰ কথা, সেই সময়ৰ সমাজ-সংস্কৃতিৰ কথা।ফুকন চাৰৰ লগত আমাৰ মানে ‘অন্বেষা’ৰ, দুদুল আৰু মোৰ বহুদিনীয়া সম্পৰ্ক।ফুকন চাৰৰ লগত মোৰ সম্পৰ্কৰ সকলো কথাতে দুদুলমণি থাকিবই থাকিব।

Apply Now

মই এন বি টিত থাকোঁতে গুৱাহাটীত দুবাৰ ‘ৰাষ্ট্ৰীয় গ্ৰন্থ সপ্তাহ’ পতা হৈছিল।প্ৰথমবাৰৰ অতিথি আছিল প্ৰফুল্ল দত্ত গোস্বামী,নৱকান্ত বৰুৱা আৰু পিছৰ বাৰৰ মূল বক্তা আছিল ফুকন চাৰ।তেখেতৰ জীৱনত কিতাপৰ ভূমিকাৰ কথা ক’বলৈ যাওঁতে ছাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ কথা কি ধুনীয়াকৈ  কৈছিল! অঁ, এতিয়াহে মোৰ আৰু এটা কথা মনত পৰিছে।সেই স্মৃতি এতিয়া ধূসৰ।সপোন সপোন লগা।

প্ৰকাশন পৰিষদৰ নতুন সভাগৃহ এটা হৈছে।সেয়া বোধহয় ১৯৭৭ বা ১৯৭৮ৰ কথা। নীলমণি ফুকন চাৰক সেইবাৰ প্ৰকাশন পৰিষদৰ বঁটা দিয়া হৈছে।বাহ্ কি গহীন সভা আছিল সেইখন।সভাপতিত্ব কৰিছিল প্ৰসন্নলাল চৌধুৰীয়ে।তেতিয়া প্ৰকাশন পৰিষদৰ স্বৰ্ণযুগ। চন্দ্ৰপ্ৰসাদ শইকীয়া অবিসম্বাদী ৰজা।সেই সময়ৰ আটাইবোৰ দ্বিগ্গজ পণ্ডিত-সাহিত্যিক সেই সভাখনত উপস্থিত আছিল।তেতিয়া তেওঁলোকৰ কাকো মই ব্যক্তিগতভাবে চিনি নাপাওঁ। তেওঁলোক তেতিয়া অসমৰ সাহিত্য আকাশৰ আমি ঢুকি নোপোৱা এথুপি উজ্জল নক্ষত্ৰ। সেই সভাখনত নৱকান্ত বৰুৱাই ভাষণ দি থাকোঁতে চন্দ্ৰপ্ৰসাদে তেওঁৰ পৰা দুই মিনিটৰ বাবে মাইকটো লৈ স্বভাৱসুলভ ভংগীত গৈ কিবা এষাৰ কৈছিল। বঁটা গ্ৰহণ কৰি নীলমণি ফুকনে দিয়া ভাষণটোৰ পিছত চন্দ্ৰপ্ৰসাদ নে নৱকান্তই কোৱা কথা এষাৰ কিন্তু আজিও মনত পৰে- “এইমাত্ৰ আপোনালোকে নীলমণি ফুকনৰ যিটো ভাষণ শুনিলে, সেইটো এটা ভাষণ নে কবিতা?” কিয় ‘স্ত্ৰগা’ কবি সন্মিলনত দিয়া তেখেতৰ ভাষণটোলৈ মনত পেলাওকচোন।

তাৰ পিছত,বহু বছৰৰ পিছত, ফুকন চাৰ আমাৰ নিজৰ মানুহ হোৱাৰ পিছত, ছাৰৰ লগত মোৰ তিনিটা সম্পৰ্ক আছিল।আমাৰ মানে ‘অন্বেষা’ৰ সকলো কামতে তেখেতৰ আগ্ৰহ এটা আছিল। তেখেত আমাৰ এজন উপদেষ্টা আছিল। তাতোকৈ ডাঙৰ কথা আমি এটা বৰ গুৰুত্বপূৰ্ণ কাম কৰিছিলোঁ।নীলমণি ফুকন চাৰ একেজন মানুহৰ দুটা দিশ- এটা  কবি আৰু আনটো শিল্পকলা সমালোচক।তেখেতৰ ‘শিল্পকলাৰ উপলব্ধি আৰু আনন্দ’ শিল্পকলা বিষয়ক সম্পূৰ্ণ ৰচনা।এই কিতাপখন আমি প্ৰকাশ কৰিছিলোঁ ২০১৩ চনত।কিন্তু কিতাপখনৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈছিল ২০১০ মানতে।সেই বিষয়ে আলোচনা কৰিবলৈ দুদুল আৰু মই কিমানবাৰ গৈছোঁ তেখেতৰ তালৈ। তাৰ পিছত তেখেতৰ বিষয়ে, কেৱল তেখেতৰ কবিতাৰ বিষয়ে হৰেকৃষ্ণ ডেকাৰ ‘কবি আৰু কবিতা’ নামৰ কিতাপখন কৰাৰ সময়তো ফুকন ছাৰৰ লগত আমাৰ অহা-যোৱা।এইটো আছিল দ্বিতীয় উপলক্ষ।

তৃতীয় উপলক্ষটো আছিল নিৰন্তৰ।মাজে মাজে তেখেতৰ ঘৰলৈ যোৱা, বহু সময় কথা পতা আৰু মাজে মাজে ফোনত দীঘলীয়াকৈ কথা পতা।তেখেতৰ মৃত্যুৰ আগতে তেখেতৰ তালৈ যোৱা অন্তিম যাত্ৰাটো আছিল ২০২১ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা দিন।সেইদিনা দুদুল আৰু মই  কি কথা পাতিছিলোঁ! দুদুলমণিয়ে বাণীবদ্ধ কৰিছিল বাবে সি চিৰদিনৰ বাবে থাকি গ’ল।নীলমণি ফুকনৰ মৃত্যু উপলক্ষে আজি ‘নৰ্থ-ইষ্ট নাও’ৰ ফালৰ পৰা তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰকাশ কৰা বিশেষ সংখ্যাত সই সাক্ষাৎকাৰটো  প্ৰকাশ পাইছে।চাৰৰ লগত কি কথা পাতিছিলোঁ তাৰ নমুনা এটা মোৰ ফেচবুক বন্ধু বৰপেটাৰ কৌশিকে কালি মোলৈ পঠিওৱা মোৰে পুৰণি ফেচবুক পোষ্ট এটাৰপৰা ইয়াত তুলি দিলোঁ। “আগতে হীৰেন দত্ত চাৰক মই মাজে মাজে মোৰ কবিতা পঢ়ি শুনাইছিলোঁ৷ তেওঁ ভাল/ বেয়া কৈছিল৷ আজি এই মাত্ৰ ফুকন চাৰক মোৰ “তুমি যদি হস্তক্ষেপ কৰিব নিবিচাৰা” কবিতাটো পঢ়ি শুনালোঁ৷ চাৰে বাৰু বুলিছে আৰু নিত্য বৰাৰ কাগজখনত কবিতাটো দিবলৈ কৈছে৷ মই বোলো চাওঁ৷ তুমি কিয় ইমান দিন কথা পতা নাছিলা? কি কথা পাতিম চাৰ? আপোনাৰ খবৰ পায়ে আছোঁ, আৰু মানুহবোৰ আপোনাৰ তালৈ ইমান যায়, মোৰ কিবা আপোনাৰ জিৰণিৰ সময়ো নহয় যেন লাগে৷ হয় অৱশ্যে৷ এতিয়া অলপ কমিছে পিছে৷ আৰু কিবা কিবি কথা পাতিলোঁ আমি৷ শেষত, ভালে থাকক চাৰ, তুমিও ভালে থাকা৷ কেতিয়াবা আহিবা৷” সেয়া আছিল ২০১৮ চনৰ ৬ ডিচেম্বৰৰ কথা। আজি কেইমাহমান আগতে চাৰলৈ ফোন কৰোঁতে বাইদৱে বৰ অমোঘ কথা এষাৰ কৈছিলঃ “পৰেশ, ছাৰে এতিয়া তোমালোকৰ লগত আগৰ দৰে কথা পাতিব নোৱাৰে নহয়।সেই যে আগতে ফোনত তেওঁৰ লগত বহু সময় ধৰি কথা পাতিছিলা।এতিয়া সেইবোৰ কথাকে মনত পেলাই ছাৰৰ লগত কথা পাতিছা বুলি ভাবিবা।” উস!

ছাৰৰ লগত কি মোৰেই এনে আন্তৰিক সম্পৰ্ক আছিলনে? নহয়।তেখেতৰ লগত অসমৰ ইমূৰৰপৰা সিমূৰলৈ অজস্ৰ ব্যক্তিৰ এনে সম্পৰ্ক আছিল।এই কাৰণেই আছিল যে তেখেত মানুহৰ লগত আন্তৰিক হ’ব বিচাৰিছিল, প্ৰতিগৰাকী মানুহৰ মাজত থকা ইতিবাচকখিনিৰ প্ৰতি কেনেকৈ সঁহাৰি জনাব লাগে সেইটো তেখেতে জানিছিল।ফুকন ছাৰ কালি ঢুকাল।ফুকন ছাৰ ঢুকোৱা নাই!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd