• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

কোহলীতকৈও শ্ৰেষ্ঠ! স্ব-বন্দনাত মুখৰ কোন এই পাকিস্তানী ক্ৰিকেটাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 8:11 pm
Kohli Khurram Manzoor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত শ্ৰেষ্ঠ বেটাৰ কোন? এই প্ৰশ্নটোৰ উত্তৰত কেইবাটাও নাম সমুখলৈ আহে যদিও সৰ্বপ্ৰথমে উচ্চাৰিত হোৱা নামটোৱেই হৈছে বিৰাট কোহলী। ভাৰতীয় তাৰকাগৰাকীক সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ লগতে ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন ক্ৰিকেট তাৰকাসকলে সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটাৰ বুলি একেমুখে স্বীকাৰ কৰিছে।

কিন্তু কোহলীক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে মানিবলৈ সন্মত নহয় পাকিস্তানৰ এগৰাকী খেলুৱৈ। বৰং এই খেলুৱৈগৰাকীয়ে কোহলীতকৈ নিজকহে শ্ৰেষ্ঠ বেটাৰ হিচাপে দাবী কৰিছে। স্ব-বন্দনাত মুখৰ এই খেলুৱৈগৰাকীৰ নাম খুৰাম মঞ্জুৰ।

Apply Now

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানক প্ৰতিনিধিত্ব কৰা খুৰামে অৱশ্যে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ বঞ্চনাৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ দীঘলীয়া হোৱা নাছিল বুলি দাবী কৰিছে।

কোহলীতকৈ নিজকে শ্ৰেষ্ঠ বুলি দাবী কৰাৰ আত্মপক্ষত তেওঁ দাঙি ধৰিছে যুক্তিও। খুৰামৰ মতে তেওঁৰ প্ৰদৰ্শন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত কোহলীৰ তুলনাত যথেষ্ট উন্নত।

খুৰামে কয়, “মই নিজকে কোহলীৰ সৈতে তুলনা কৰিবলৈ সাজু নহয়। প্ৰকৃততে ৫০ অভাৰৰ ক্ৰিকেটত বিশ্বৰ শীৰ্ষ ১০ গৰাকী খেলুৱৈ যিয়েই নহওঁক, ময়েই এক নম্বৰত। কোহলীৰ নাম মোৰ পিছত আহিব পাৰে।’’

”লিষ্ট এ ক্ৰিকেটত সাধাৰণ ইনিংছ এটাক বৃহৎ স্ক’ৰলৈ পৰিৱৰ্তন কৰাত ময়েই আটাইতকৈ ভাল। যোৱা ১০ বছৰত মোৰ ৰানৰ গড় ৫৩ তকৈও অধিক। কোহলীয়ে প্ৰতি ছয়টা ইনিংছত এটা শতক অৰ্জন কৰিছে। মই প্ৰতি ৫.৬৮ ইনিংছত শতক অৰ্জন কৰিছো।”— খুৰামে লগতে কয়।

খেলুৱৈগৰাকীৰ মতে, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ বিশ্ব ৰেংকিঙত পাঁচ নম্বৰত আছে। “যোৱা ৪৮ টা ইনিংছত মোৰ শতকৰ সংখ্যা ২৪ টা। ২০১৫ চনৰ পৰা মই পাকিস্তানৰ হৈ সৰ্বশ্ৰেষ্ঠ পদৰ্শন কৰি আহিছো।’’- তেওঁ কয়।

”কিন্তু মই সদায় বঞ্চনাৰ চিকাৰ হৈ আহিছো। মোক পাকিস্তানৰ জাতীয় দলত স্থান নিদিয়াৰ যুক্তিসঙ্গত কাৰণ কোনেও ক’ব নোৱাৰে।’’ বুলি ক্ষোভ প্ৰকাশ কৰে খুৰাম মঞ্জুৰে।

উল্লেখ্য যে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলুৱৈগৰাকীয়ে ১৬৬ খন মেচত ৫৩.৪২ গড়ে ৭৯৯২ ৰাণ সংগ্ৰহ কৰিছে। শতকৰ সংখ্যা হৈছে ২৭। এই পৰিসংখ্যাৰ ক্ষেত্ৰত ৩৬ বছৰীয়া পাকিস্তানী বেটছমেনজনে প্ৰতি ৬.১১ ইনিংছত এটাকৈ শতক অৰ্জন কৰিছে।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত নূন্যতম ১০০ টা ইনিংছ খেলা সমগ্ৰ ক্ৰিকেট বিশ্বৰ বেটাৰসকলৰ ভিতৰত খুৰাম মঞ্জুৰ ষষ্ঠ স্থানত আছে। ২০০৮ চনৰ পৰা ২০১৬ চনলৈ মঞ্জুৰে দেশৰ হৈ ১৬ খন টেষ্ট, সাতখন এদিনীয়া মেচ আৰু তিনিখন টি-২০ খেলিছিল। এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত তেওঁৰ সৰ্বাধিক স্ক’ৰ হৈছে ৮৩। সাতখন খেলত তেওঁ ৩৩.৭১ গড়ে মুঠ ২৩৬ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে, কোহলীয়ে ২৭১ খন আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া মেচত ১২,৮০৯ ৰাণ সংগ্ৰহ কৰিছে। এদিনীয়াত ৫৭.৭ গড়েৰে ৰান সংগ্ৰহ কৰা কোহলীৰ নামত আছে ৪৬ টা এদিনীয়া শতক। এই ক্ষেত্ৰত কোহলীতকৈ আগত আছে কেৱল ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰ। টেণ্ডুলকাৰে এদিনীয়াত সংগ্ৰহ কৰিছিল মুঠ ৪৯ টা শতক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd