• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2023 6:31 pm
118
VIEWS
Share on FacebookShare on Twitter

২০০২ৰ গুজৰাটৰ ৰক্তাক্ত সংঘৰ্ষৰ ওপৰত বিবিচি-এ নিৰ্মাণ কৰা তথ্যচিত্ৰত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু এতিয়া দেশৰ প্ৰধান নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে দায়ী বুলি দাবী কৰিছে। দুটা খণ্ডত নিৰ্মিত এই তথ্যচিত্ৰখন ভাৰতত নিষিদ্ধ কৰাৰ পাছতে দেশৰ ৰাজনীতিত বিষয়টোৱে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শাসক বিৰোধীৰ মাজত তীব্ৰ বাক্যবাণৰো সূত্ৰপাত ঘটাইছে।

এই ধাৰাক অব্যাহত ৰাখি বিবিচিৰ তথ্যচিত্ৰখনৰ সন্দৰ্ভত অৱশেষত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰে। কংগ্ৰেছ নেথা শশী থাৰুৰ মন্তব্যই কংগ্ৰেছসহ বিৰোধীক নিৰাশ কৰাৰ বিপৰীতে শাসকীয় বিজেপিক উৎসাহিতহে কৰিব বুলি ধাৰণা কৰা হৈছে।

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে টুইট কৰি কয় যে গুজৰাট দাঙ্গাৰ সন্দৰ্ভত এতিয়া আলোচনা কৰি কোনো লাভ নাই। শশী থাৰুৰ এই মন্তব্যই এতিয়া অন্য এক বিৰ্কতৰো সূত্ৰপাত ঘটোৱা পৰিলক্ষিত হৈছে।

এক টুইটৰ প্ৰত্যুত্তৰত শশী থাৰুৰে কয় যে “গুজৰাট কাণ্ডৰ ঘাঁ সম্পূৰ্ণৰূপে শুকাই যোৱা নাই, কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ অন্তিম ৰায় প্ৰদান কৰিছে। আমি এই বিষয়ত আলোচনা কৰি আৰু কোনো লাভ নাই, এনে বহু বিষয় আছে যিবোৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। মানুহে মোৰ সৈতে অসন্মতি প্ৰকাশ কৰিব পাৰে, কিন্তু সাম্প্ৰদায়িক বিষয়ত চাৰি দশক আৰু গুজৰাট দাঙ্গাৰ পীড়িত লোকৰ পক্ষত থিয় দিয়াৰ দুটা দশকৰ তথ্যক বিকৃত কৰাটো লজ্জাজনক।”

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে শশী থাৰুক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। অশোক সিং নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ১৯১৯ চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ বাবে এই শশী থাৰুৰে ব্ৰিটিছ চৰকাৰে ক্ষমা প্ৰাৰ্থনা বিচাৰি দাবী কৰিছিল আৰু এতিয়া তেওঁ ভাৰতীয়সকলক ২০০২ চনৰ গুজৰাটৰ হত্যাকাণ্ড পাহৰি আগবাঢ়ি যাবলৈ কৈছে!

শশী থাৰুৰ এই মন্তব্যই নিশ্চিতভাৱে কংগ্ৰেছসহ বিৰোধীক পশ্চাদপটলৈ ঠেলি দিয়াৰ বিপৰীতে শাসকীয় বিজেপি দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকাহ প্ৰদান কৰিব বুলিয়ে ধাৰণা কৰা হৈছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd