• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দেশক টানি আনি জালিয়াতি ঢাকিব পৰা নাযাৱ!’ আদানিৰ অভিযোগৰ প্ৰত্যুত্তৰ হিণ্ডেনবাৰ্গৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 4:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে আদানি গোষ্ঠীয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত মুখ খুলি “ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ” হোৱা বুলি অভিযোগ কৰিছিল। সোমবাৰে সেই মন্তব্যৰ উত্তৰত আমেৰিকান কোম্পানীটোৱে নিজৰ স্থিতিত অটল থাকি কয় যে আদানি গোটে জাতীয়তাবাদৰ নামত জালিয়াতি লুকুৱাব নোৱাৰিব।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানটোৱে এক বিবৃতিত কয়, “আদানি ঔদ্যোগিক গোষ্ঠীয়ে সম্ভৱত: মুখ্য বিষয়বোৰৰ পৰা দৃষ্টি আঁতৰাই নিয়াৰ বাবে জাতীয়তাবাদক টানি আনিছে।‘’

একে সময়তে, সংস্থাটোৱে আদানিৰ ‘দেশৰ ওপৰত আক্ৰমণ’ৰ অভিযোগক উপহাস কৰি কয়, “আদানি গোষ্ঠীৰ মুৰব্বী গৌতম আদানিয়ে ভাৰতৰ সফলতাৰ সৈতে নিজৰ আৰু কোম্পানীৰ আকাশচুম্বী উত্থানক মিহলি কৰি পেলাইছে।”

Apply Now

হিণ্ডেনবাৰ্গে অৱশ্যে কয় যে ই ভাৰতক দুৰ্বল কৰিব নিবিচাৰে আৰু ইয়াৰ অভিযোগসমূহ এটা নিৰ্দিষ্ট সংস্থাৰ বিৰুদ্ধেহে। হিণ্ডেনবাৰ্গে কয় যে ভাৰতৰ গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। এইটোও লগতে জনোৱা হৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ শক্তিশালী দেশসমূহৰ তালিকাত প্ৰৱেশ কৰিবলৈ গৈ আছে।

আনহাতে, একে সময়তে তেওঁলোকে আদানি গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত অটল থাকি কয়, “আমি বিশ্বাস কৰোঁ যে জালিয়াতি জালিয়াতিয়েই, সেয়া লাগিলে যিয়েই নকৰক কিয়।”

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদনত শেহতীয়াকৈ দাবী কৰা হৈছে যে আদানি গোষ্ঠী ‘জালিয়াতি’ কৰি ধনী হৈছিল। ভাৰতীয় কোটিপতি গৌতম আদানীয়ে জালিয়াতি কৰি শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। এই অভিযোগৰ পিছৰে পৰা শ্বেয়াৰ বজাৰত অস্থিৰতা আহিছে। সোমবাৰে বজাৰ খোলালৈকে আদানিৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত যোৱা মঙলবাৰে আদানি গোষ্ঠীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। দেওবাৰে ৪১৩ পৃষ্ঠাৰ এক উত্তৰত আদানি গোষ্ঠীয়ে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁলোকৰ প্ৰতিক্ৰিয়াত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাবোৰৰ ভাৰতীয় আইনব্যৱস্থাৰ বিষয়ে ভাল ধাৰণা নাই। কোম্পানীটোৱে এইটোও নাজানে যে ভাৰতীয় বজাৰত মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িছে।

আদানিয়ে হিণ্ডেনবাৰ্গৰ ‘অজ্ঞতা’ৰ এটা উদাহৰণো দিছিল। হিণ্ডেনবাৰ্গে ইয়াৰ প্ৰতিবেদনত দাবী কৰিছিল যে যোৱা কেইবছৰমানত কেইবাটাও আদানি গোষ্ঠীৰ কোম্পানীৰ মুখ্য অৰ্থনৈতিক বিষয়াসকলে (চিএফঅ’) পদত্যাগ কৰিছে। এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰা হৈছে। আদানি গোষ্ঠীয়ে কৈছিল যে বিষয়াসকল কোম্পানীটোৰ সৈতে জড়িত আছিল। তেওঁলোকে অধিক দায়িত্ব লৈছে। কোনেও পদত্যাগ কৰা নাছিল।

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু আদানি গোষ্ঠীৰ গৰাকী গৌতম আদানীয়ে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছত তেওঁৰ সম্পত্তি হেৰুৱাইছে। তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত চাৰিটা স্থান নামি সপ্তম স্থানলৈ অৱনমিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd