DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘দেশক টানি আনি জালিয়াতি ঢাকিব পৰা নাযাৱ!’ আদানিৰ অভিযোগৰ প্ৰত্যুত্তৰ হিণ্ডেনবাৰ্গৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 4:08 pm
102
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে আদানি গোষ্ঠীয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পৰ্কত মুখ খুলি “ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ” হোৱা বুলি অভিযোগ কৰিছিল। সোমবাৰে সেই মন্তব্যৰ উত্তৰত আমেৰিকান কোম্পানীটোৱে নিজৰ স্থিতিত অটল থাকি কয় যে আদানি গোটে জাতীয়তাবাদৰ নামত জালিয়াতি লুকুৱাব নোৱাৰিব।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানটোৱে এক বিবৃতিত কয়, “আদানি ঔদ্যোগিক গোষ্ঠীয়ে সম্ভৱত: মুখ্য বিষয়বোৰৰ পৰা দৃষ্টি আঁতৰাই নিয়াৰ বাবে জাতীয়তাবাদক টানি আনিছে।‘’

একে সময়তে, সংস্থাটোৱে আদানিৰ ‘দেশৰ ওপৰত আক্ৰমণ’ৰ অভিযোগক উপহাস কৰি কয়, “আদানি গোষ্ঠীৰ মুৰব্বী গৌতম আদানিয়ে ভাৰতৰ সফলতাৰ সৈতে নিজৰ আৰু কোম্পানীৰ আকাশচুম্বী উত্থানক মিহলি কৰি পেলাইছে।”

হিণ্ডেনবাৰ্গে অৱশ্যে কয় যে ই ভাৰতক দুৰ্বল কৰিব নিবিচাৰে আৰু ইয়াৰ অভিযোগসমূহ এটা নিৰ্দিষ্ট সংস্থাৰ বিৰুদ্ধেহে। হিণ্ডেনবাৰ্গে কয় যে ভাৰতৰ গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। এইটোও লগতে জনোৱা হৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ শক্তিশালী দেশসমূহৰ তালিকাত প্ৰৱেশ কৰিবলৈ গৈ আছে।

আনহাতে, একে সময়তে তেওঁলোকে আদানি গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত অটল থাকি কয়, “আমি বিশ্বাস কৰোঁ যে জালিয়াতি জালিয়াতিয়েই, সেয়া লাগিলে যিয়েই নকৰক কিয়।”

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদনত শেহতীয়াকৈ দাবী কৰা হৈছে যে আদানি গোষ্ঠী ‘জালিয়াতি’ কৰি ধনী হৈছিল। ভাৰতীয় কোটিপতি গৌতম আদানীয়ে জালিয়াতি কৰি শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। এই অভিযোগৰ পিছৰে পৰা শ্বেয়াৰ বজাৰত অস্থিৰতা আহিছে। সোমবাৰে বজাৰ খোলালৈকে আদানিৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে। কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত যোৱা মঙলবাৰে আদানি গোষ্ঠীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। দেওবাৰে ৪১৩ পৃষ্ঠাৰ এক উত্তৰত আদানি গোষ্ঠীয়ে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁলোকৰ প্ৰতিক্ৰিয়াত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাবোৰৰ ভাৰতীয় আইনব্যৱস্থাৰ বিষয়ে ভাল ধাৰণা নাই। কোম্পানীটোৱে এইটোও নাজানে যে ভাৰতীয় বজাৰত মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িছে।

আদানিয়ে হিণ্ডেনবাৰ্গৰ ‘অজ্ঞতা’ৰ এটা উদাহৰণো দিছিল। হিণ্ডেনবাৰ্গে ইয়াৰ প্ৰতিবেদনত দাবী কৰিছিল যে যোৱা কেইবছৰমানত কেইবাটাও আদানি গোষ্ঠীৰ কোম্পানীৰ মুখ্য অৰ্থনৈতিক বিষয়াসকলে (চিএফঅ’) পদত্যাগ কৰিছে। এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰা হৈছে। আদানি গোষ্ঠীয়ে কৈছিল যে বিষয়াসকল কোম্পানীটোৰ সৈতে জড়িত আছিল। তেওঁলোকে অধিক দায়িত্ব লৈছে। কোনেও পদত্যাগ কৰা নাছিল।

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু আদানি গোষ্ঠীৰ গৰাকী গৌতম আদানীয়ে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছত তেওঁৰ সম্পত্তি হেৰুৱাইছে। তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত চাৰিটা স্থান নামি সপ্তম স্থানলৈ অৱনমিত হৈছে।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd