ভাৰতীয়সকলে নাগৰিকত্ব এৰাৰ প্ৰৱণতা কিয় বৃদ্ধি পাইছে? যোৱা ১২ বছৰত ১৬ লাখতকৈও অধিক ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে। ইয়াৰ ভিতৰত ২০২২ চনতেই ২.২৫ লাখ লোকে দেশ এৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এইকথা সদৰী কৰিছে।
কৰোনাৰ লকডাউনৰ সময়ত হাজাৰ হাজাৰ ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল। যদিও ২০২০ চনতো ব্যতিক্ৰম, ২০১১ চনৰ পৰা ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ৰাজ্যসভাৰ চৰকাৰী বিবৃতিতে এই কথা স্পষ্ট হৈছে।
বৃহস্পতিবাৰে, ৰাজ্যসভাৰ এগৰাকী সদস্যই জানিব বিচাৰিছিল যে এতিয়ালৈকে কিমান জন ভাৰতীয় নাগৰিকে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে ২০১১ চনৰ পৰা ১৬ লাখ ৬৩ হাজাৰ ৪৪০ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছে।
তেওঁ জনায় যে কেৱল ২০২২ চনতে এই সংখ্যা আছিল ২লাখ ২৫ হাজাৰ ৬২০জন। এইটো এতিয়ালৈকে সৰ্বাধিক। অৱশ্যে, এই সংখ্যা ২০২০ চনত সৰ্বনিম্ন আছিল। সেই সময়ত ৮৫ হাজাৰ ২৫৬ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত জনোৱা মতে ২০১১ চনত ১ লাখ ২২ হাজাৰ ৮১৯ জন ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১২ চনত ১ লাখ ২০ হাজাৰ ৯২৩ জন, ২০১৩ চনত ১ লাখ ৩১ হাজাৰ ৪০৫ জন আৰু ২০১৪ চনত ১ লাখ ২৯ হাজাৰ ৩২৮ জন ভাৰতীয়ই দেশ ত্যাগ কৰিছিল।
জয়শংকৰে লগতে জনায় যে ২০১৫ চনত নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা আছিল ১,৩১,৪৮৯ জন। ২০১৬ চনত সেই সংখ্যা ১ লাখ ৪১ হাজাৰ ৬০৩ লৈ বৃদ্ধি হৈছিল। ইয়াৰ তুলনাত ২০১৭ চনত নাগৰিকত্ব ত্যাগ কৰা লোকৰ সংখ্যা সামান্য হ্ৰাস পাইছে। সেই বছৰত, ১,৩৩,০৪৯ জন লোকে নাগৰিকত্ব ত্যাগ কৰিছিল। ২০১৮ চনত ১ লাখ ৩৪ হাজাৰ ৫৬১ জন লোকে আৰু ২০১৯ চনত ১ লাখ ৪৪ হাজাৰ ১৭ জন লোকে ভাৰত ত্যাগ কৰিছিল।
চৰকাৰী তথ্য অনুসৰি, কৰোনা সংক্ৰমণ হ্ৰাস হোৱাৰ লগে লগে দেশ এৰি যোৱাৰ প্ৰৱণতা পুনৰ বৃদ্ধি হয়। ২০২১ চনত মুঠ ১,৬৩,৩৭০ জন ভাৰতীয় নাগৰিকে দেশ এৰি যোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জনায়। জয়শংকৰে লগতে জনায় যে যিসকল ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে তেওঁলোকে ১৩৫ খন দেশত আশ্ৰয় লৈছে।
ইপিনে, কেইদিনমান পূৰ্বে জনা গৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেছাদাৰী সংস্থাসমূহৰ পৰা বহু ভাৰতীয়ক ছাঁটাই কৰা হৈছে। এক অতিৰিক্ত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ভি মুৰলীধৰণে কয় যে ভাৰত চৰকাৰে বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে।