• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমাস্পদলৈ সকাহ! উদযাপন কৰিব পাৰিব ভেলেণ্টাইন ডে’; বাতিল হ’ল গো আলিংগন দিৱস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 6:52 pm
Cow Hug Day
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰেমাস্পদসকললৈ সকাহ! অহা ১৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰেমিক-প্ৰেমিকাসকলে উদযাপন কৰিব পাৰিব প্ৰেমৰ দিৱস ‘ভেলেণ্টাইন ডে’। ‘পশ্চিমীয়া’ ভেলেণ্টাইন ডে’ৰ সলনি দেশত বৈদিক ‘গো আলিংগন দিৱস’ পালন কৰিবলৈ ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে জাননী জাৰি কৰিছিল যদিও দেশজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত এই সিদ্ধান্ত বাতিল কৰা হৈছে।

আজি ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে এক বিবৃতি যোগে পূৰ্বৰ সিদ্ধান্ত বাতিল কৰা হৈছে বুলি সদৰী কৰিছে। ব’ৰ্ডৰ সচিব এছ কে দত্তই এক বিবৃতিত উল্লেখ কৰা মতে, “নিৰ্দিষ্ট কৰ্তৃপক্ষ আৰু মীন পালন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ১৪ ফেব্ৰুৱাৰীত গো আলিঙ্গন দিৱস উদযাপনৰ বাবে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা আবেদন প্ৰত্যাহাৰ কৰা হৈছে।”

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত জাৰি কৰা জাননী যোগে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অন্তৰ্গত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস পালন কৰিবলৈ আহ্বান জনাইছিল। জাননীত ব’ৰ্ডে কৈছিল যে, গৰু ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, আমাৰ জীৱন জীয়াই ৰাখে, গৰু সম্পদ আৰু জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে।

মাতৃৰ দৰে স্বভাৱৰ বাবেই গৰুক ‘কামধেনু’ আৰু ‘গৌমাতা’ বুলি জনা যায় বুলি ব’ৰ্ডে লগতে কৈছিল। জাননীখনত ব’ৰ্ডে লগতে গৰুক মানুহক ধনৱন্ত কৰি তোলা সকলো দ্ৰব্যৰে দাতা বুলি উল্লেখ কৰিছিল। চৰকাৰী সংস্থাটোৰ মতে, পশ্চিমীয়া সংস্কৃতিৰ মাজত বৈদিক পৰম্পৰা প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আৰু এই কাৰণতে এনে এটা দিনৰ প্ৰয়োজন।

“গৰুৰ অপৰিসীম উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ সৈতে আলিংগন কৰিলে আৱেগিক সমৃদ্ধি আহিব আৰু তেতিয়া আমাৰ ব্যক্তিগত আৰু সামূহিক সুখ বৃদ্ধি পাব।”- জাননীখনত ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে লগতে এইদৰে উল্লেখ কৰিছিল। সেয়েহে ব’ৰ্ডৰ মতে, সকলো গৰুপ্ৰেমীয়েও ১৪ ফেব্ৰুৱাৰীক গৰু আলিংগন দিৱস হিচাপে উদযাপন কৰিব পাৰে আৰু মাতৃ গৰুৰ গুৰুত্বৰ কথা মনত ৰাখি জীৱনটো সুখী আৰু ইতিবাচক শক্তিৰে ভৰা কৰি তুলিব পাৰে।

ইফালে ব’ৰ্ডৰ এই জাননীখনে সামাজিক মাধ্যমত হাঁহিৰ খোৰাকৰো সৃষ্টি কৰে। নেটিজেনে এই বিষয়ত শ্বেয়াৰ কৰে নানা হাস্যৰসাত্মক মিম। দেশৰ প্ৰখ্যাত অধিবক্তা তথা সমাজ কৰ্মী প্ৰশান্ত ভূষণেও টুইটাৰত এক ভিডিঅ’ শ্বেয়াৰ কৰি পশু কল্যাণ ব’ৰ্ডৰ এই সিদ্ধান্তক কটাক্ষ কৰিছিল। ভিডিঅ’টোত কেইগৰাকীমান ব্যক্তিৰ সৈতে গৰুৰ কাষলৈ যোৱা এগৰাকী বিজেপি নেতাক বান্ধি থোৱা গৰুটোৱে লঠিওৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোৰ কেপচনত প্ৰশান্ত ভূষণে লিখিছে, “গো আলিংগন দিৱস!”

 

Cow hug day! pic.twitter.com/iFRUFGgxxO

— Prashant Bhushan (@pbhushan1) February 9, 2023

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী দিনটোত বিশ্বত ভেলেণ্টাইন ডে’ হিচাপে পালন কৰা হয়। কিন্তু ভাৰতৰ হিন্দুত্ববাদী সংগঠনসমূহে ভেলেণ্টাইন ডে’ ভাৰতীয় সংস্কৃতি বিৰোধী বুলি উল্লেখ কৰি ভেলেণ্টাইন ডে’ উদযাপনৰ বিৰোধিতা কৰি আহিছে। কেৱল সিমানেই নহয়, ভেলেণ্টাইন ডে’ পালন কৰা প্ৰেমিক-প্ৰেমিকাসকলক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত একাংশ হিন্দুত্ববাদী সংগঠনে হাৰাশাস্তি কৰাও বিগত সময়ত দেখিবলৈ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd