ভাৰতীয় ক্ৰিকেটৰ ব্যয়বহুল টি-২০ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৱ’মেন প্ৰিমিয়াৰ লীগৰ খেলুৱৈৰ নিলাম যোৱা ১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হয়। সাধাৰণতে ভাৰতৰ পুৰুষ ক্ৰিকেটাৰসকলৰ তুলনাত মহিলা ক্ৰিকেটাৰ সকলৰ উপাৰ্জনৰ পৰিমাণ কম যদিও ৱ’মেন প্ৰিমিয়াৰ লীগে ভাৰতীয় মহিলা ক্ৰিকেটাৰ সকললৈ অৰ্থ লাভৰ এক আশানুৰূপ সম্ভাৱনা কঢ়িয়াই আনিছে।
ৱ’মেন প্ৰিমিয়াৰ লীগৰ হৈ যোৱা খেলুৱৈৰ নিলামত দেশৰ লগতে বিদেশৰো কেইবাগৰাকীও ক্ৰিকেটাৰে কোটি টকাতকৈ অধিক দৰ লাভ কৰিছে। কোটি টকাৰ ঘৰত নিলামত দৰ লাভ কৰা এনে এগৰাকী খেলুৱৈ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম প্ৰধান সদস্য তথা বেগী বলাৰ পূজা ভাষ্ট্ৰেকাৰ। পূজাক লীগৰ ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছে ১.৯ কোটি কোটি টকাৰ আকৰ্ষণীয় মূল্যত ক্ৰয় কৰিছে।
পিছে পূজাই এই বিপুল পৰিমাণৰ ধন লাভ কৰিলেও তেওঁৰ এই ধনৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে পূজাৰ পিতৃ। পূজাৰ পিতৃ বন্ধন ৰামৰ এই চিন্তাৰ আঁৰত আছে এক বিশেষ কাৰণ। দৰাচলতে বন্ধন ৰামে জানিবলৈ দিয়া মতে পূজা ভাষ্ট্ৰেকাৰ হাতত থকা ধন যথেষ্ট খৰচ কৰে। সেয়ে এতিয়া নিলামত লাভ কৰা ধন পূজাৰ হাতত দিয়াৰ পৰিৱৰ্তে কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ পৰিকল্পনা কৰিছে তেওঁ।
পূজাৰ পিতৃ বন্ধন ৰাম বিএছএনএলৰ প্ৰাক্তন কৰ্মচাৰী। তেওঁ পূজাৰ খৰচী স্বভাৱৰ বাবে নিলামত লাভ কৰা ধন সঠিক স্থানত বিনিয়োগ কৰি সুৰক্ষিত কৰি ৰখাৰ পৰিকল্পনা কৰিছে। সেয়েহে তেওঁ পূজাই লাভ কৰিবলগীয়া ধন বেংকত ফিক্সড ডিপ’জিট কৰি ৰখাৰ চিন্তা-চৰ্চা কৰিছে। বন্ধন ৰামে এই সন্দৰ্ভত কয়, “পূজাই বহুত টকা অপচয় কৰে। সেয়েই পূজাই সকলো টকাৰে ফিক্সড ডিপ’জিট একাউণ্ট খোলাটো মই বিচাৰোঁ।”
বৰ্তমান ভাৰতীয় দলৰ এক নিৰ্ভৰযোগ্য সদস্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে পূজাই আৰু নিজ সন্তানৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰা পিতৃ বন্ধন ৰামে পূজাৰ ক্ৰিকেট প্ৰশিক্ষণৰ প্ৰাথমিক দিনবোৰ সুঁৱৰি আবেগিক হৈ পৰে। তেওঁ কয় যে শিশু কালৰে পৰা বিশ্বৰ চুকে-কোণে ক্ৰিকেট খেলাৰ সপোন দেখিছিল পূজাই।
বন্ধন ৰামে কয়, “চাৰি বছৰ বয়সৰ পৰাই পূজা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। মই কেতিয়াও ভবা নাছিলো যে পূজাই সঁচাকৈয়ে এদিন ভাৰতৰ হৈ খেলিব। কিন্তু পূজাই সদায়ে এই কথাত প্ৰত্যয় ৰাখিছিল।” তেওঁ লগতে কয় যে যেতিয়াই পূজাই ক্ৰিকেটৰ বাবে তেওঁৰ পৰা টকা বিচাৰিছিল, তেতিয়াই তেওঁক ক্ৰিকেটত কিয় সময় নষ্ট কৰি আছে বুলি পূজাক জোকাইছিল।
উল্লেখ্য যে, উদ্বোধনী বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামত সৰ্বাধিক দৰ লাভ কৰিছে ভাৰতৰ তাৰকা বেটাৰ স্মৃতি মান্ধনাই। বাওঁহতীয়া মাৰমুখী বেটাৰগৰাকীক ৩.৪ কোটি টকাত ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰু দলে। মুঠ পাঁচটা ফ্ৰেন্সাইজি ক্ৰমে ইউ পি ৱাৰিৱৰ্জ, দিল্লী কেপিটেলছ, গুজৰাট জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে। খেলুৱৈ ক্ৰয়ৰ বাবে ফ্ৰেঞ্চাইজিসমূহক সৰ্বোচ্চ ১২ কোটি টকাকৈ বিনিয়োগৰ সীমা বান্ধি দিয়া হৈছিল।