দিন-দূপৰতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰে পলায়ন কৰিছে। আৰক্ষীৰ বেষ্টনী ভাঙি হাতত হেণ্ডকাফ লগা অৱস্থাতে শ্বাহ আলম তালুকদাৰে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি যোৱা নিশা তালুকদাৰক লগত লৈ সাতগাঁও আৰক্ষীয়ে বতাহঘূলিত অভিযান চলাইছিল। অভিযানৰ সময়তে আৰক্ষীৰ বেহু ভাঙি পলায়ন কৰে শ্বাহ আলমে।
যোৱা নিশাই শ্বাহ আলমে পলায়ন কৰে যদিও এই ঘটনাটো গাপ দি ৰাখিছিল আৰক্ষীয়ে। আজি দূপৰীয়াহে পোহৰলৈ আহে শ্বাহ আলমৰ পলায়নৰ খবৰ। আৰক্ষীয়ে পলাতক শ্বাহ আলমৰ সন্ধানত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে বুলি জানিব পৰা গৈছে।
লক্ষণীয়ভাৱে যোৱা ১০ ফেব্ৰুৱাৰীত শ্বাহ আলমে দিছপুৰ আৰক্ষী থানাৰ লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলোৱা বুলিও জানিব পৰা গৈছিল। বাল্টিৰ চোকা ধাৰেৰে হাতৰ কব্জিত স্নায়ু কাটি আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ পাইছিল।
এতিয়া পুনৰ আৰক্ষীৰ মাজৰ পৰাই শ্বাহ আলমৰ পলায়নে মহানগৰ আৰক্ষীৰ ব্যৰ্থতাক উদঙাই দিছে।
উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ জিএমচিএইচলৈ নিয়াৰ পথত মৃত্যু হৈছিল।
বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল এই ঘটনা।
পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী কৰি দুৰ্বৃত্তই তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।
শ্বাহ আলম তালুকদাৰক এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছিল। বাইকত অহা এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলমে ঘটনাৰ দিনা ৰঞ্জিত বৰালৈ গুলী চলাইছিল।
ইতিমধ্যে এই ঘটনাৰ মূল অভিযুক্ত শ্বাহ আলমৰ লগতে আন চাৰিগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।