• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবিচিৰ অ’ফিচত আই টিৰ জৰীপ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 18, 2023 1:41 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবিচি পৃথিৱীৰ এটা অন্যতম বৃহৎ প্ৰচাৰ মাধ্যম।কিন্তু সেই বুলিয়ে বিবিচিয়ে কোনো ভুল নকৰে বা বিবিচিয়ে কাৰো পক্ষ নলয় বুলি কোৱাটো  সমীচীন নহয়। বিবিচি এতিয়াও বৰ্ণ বৈষম্যৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পৰা নাই বা কোনো কোনো ক্ষেত্ৰত এতিয়াও বিবিচিৰ কামকাজত ঔপনিবেশিক দৃষ্টিভংগী দেখা যায়।এইবোৰ বিষয় লৈ বহু আলোচনা, অধ্যয়ন,গৱেষণাও হৈছে। কিতাপ-পত্ৰও লিখা হৈছে। কিন্তু, এক নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠান বুলি বিবিচিক মানুহে কিয় গুৰুত্ব দিয়ে?

বিবিচিৰ যি সীমাবদ্ধতাই নাথাকক কিয় বিবিচিক মানুহে গুৰুত্ব দিয়ে তেওঁলোকৰ পেছাদাৰী মনোভাবৰ বাবে। বিবিচিয়ে মুখৰ কথাত কোনো খবৰ নকৰে। কাৰোবাক ভাল পাই বা বেয়া পাই বিবিচিয়ে কোনো খবৰ নিদিয়ে। যি কোনো এটা বিষয়ে সংবাদ পৰিবেশন কৰাৰ আগেয়ে তেওঁলোকে সেই বিষয়ে যাৱতীয় সকলো কথা চালি-জাৰি চায়। তথ্য-প্ৰমাণ গোটায়। গৱেষণা কৰে। বিশ্বৰ  আটাইতকৈ বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠানবোৰৰ ভিতৰত বিবিচি এটা। বিবিচিৰ বিষয়ে আমি বহু অভিযোগ আনিব পাৰিম, কিন্তু তেওঁলোকৰ পেছাদাৰিত্বক আমি কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰোঁ।

কিন্তু, সেই বিবিচিৰ দিল্লী আৰু মুম্বাই অ’ফিচত প্ৰায় তিনিদিন ধৰি ভাৰত চৰকাৰৰ আয়কৰ বিভাগে জৰীপ চলালে। তেওঁলোকে ‘জৰীপ’ বুলি কৈছে, কিন্তু ই জৰীপ নহয় ‘তালাচী’হে। বিবিচিৰ অ’ফিচত আয়কৰ বিভাগে চলোৱা এই অভিযানৰ  মূল উদ্দেশ্য কি? চৰকাৰে ইয়াৰ যি ব্যাখ্যাই নিদিয়ক কিয় এই অভিযানৰ মূল কাৰণটো যে BBC Twoই  ২০২৩চনত প্ৰস্তুত কৰি উলিওৱা ‘India: The Modi Question’ নামৰ তথ্যচিত্ৰখন তাত কোনো সন্দেহ নাই। দুটা খণ্ডৰ এই তথ্যচিত্ৰখনৰ প্ৰথম খণ্ড, প্ৰধান মন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ  প্ৰথমছোৱা আৰু তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত সংঘটিত হোৱা ২০০২ চনৰ গুজৰাট সংঘৰ্ষত মোদীৰ ভূমিকাৰ বিষয়ে। বৃটিছ চৰকাৰৰ এটা প্ৰতিবেদনৰ উল্লেখেৰে সেই সংঘৰ্ষত মুছলমানসকলক যে আক্ৰমণৰ মূল লক্ষ্য কৰি লোৱা হৈছিল, সেইটো তথ্যচিত্ৰখনত দেখুৱা হৈছে। তথ্যচিত্ৰখনৰ দ্বিতীয় খণ্ডত, ২০১৯ চনত মোদীৰ দ্বিতীয়বাৰৰ প্ৰধান মন্ত্ৰিত্বৰ কাৰ্যকালত কাশ্মীৰৰ স্বায়ত্ত শাসন উঠাই দিয়া, নাগৰিকত্ব সংশোধনী আইন আৰু ২০২০চনৰ দিল্লী সংঘৰ্ষৰ পিছৰ ঘটনাৱলী সাঙুৰি লোৱা হৈছে।

Apply Now

মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কি কৰিছে আমি দেখি আছোঁ। বিবিচিৰ তথ্যচিত্ৰখনত এনে কোনো কথা নাই যিবোৰ ইয়াৰ আগতে আমি জনা নাছিলোঁ। কিন্তু, সেই একেবোৰ কথা এতিয়া বিবিচিয়ে কোৱা বাবে আন্তৰ্জাতিক মহলত তাৰ বহুল প্ৰচাৰ হ’ব। ই বিশ্ববাসীৰ চকুত ভাৰতৰ ভাবমূৰ্তি আকৌ এবাৰ ম্লান কৰিব। এতিয়ালৈকে আমি কি দেখিছোঁ? চৰকাৰৰ হিন্দুত্ববাদী কাৰ্যসূচীৰ যিয়ে বিৰোধিতা কৰিছে সিয়ে চৰকাৰৰ ৰোষ আৰু আক্ৰমণৰ বলি হৈছে। বিৰোধী ৰাজনৈতিক নেতা, সাংবাদিক ,সংবাদপত্ৰ, বুদ্ধিজীৱী, শিক্ষাবিদ, নাগৰিক সমাজৰ সদস্য কোনোৱেই এই আক্ৰমণৰ পৰা বাচি যোৱা নাই।

চৰকাৰৰ এই আক্ৰমণৰ শেহতীয়া বলি হৈছে BBC Two এ প্ৰস্তুত কৰি উলিওৱা ‘India: The Modi Question’। প্ৰথমে তথ্যচিত্ৰখনৰ প্ৰচাৰ ভাৰতত নিষিদ্ধ কৰা হ’ল। তাৰ পিছত বিবিচিৰ অ’ফিচত তিনিদিনজোৰা তালাচী। আয়কৰ বিভাগে বিদেশী সংবাদ প্ৰতিষ্ঠান এটাৰ দুটা অ’ফিচত তিনিদিন ধৰি তন্ন তন্নকৈ তেওঁলোকৰ কাগজ-পত্ৰ চাই ক’ত কি খুঁত উলিয়াব পাৰি তাৰ অনুসন্ধান কৰিছে বিবিচি টুৱে মোদীৰ বিষয়ে কৰা তথ্যচিত্ৰৰ পোতক ল’বলৈ। অথচ, আজি কেইদিনমান আগতে হিন্দেনবাৰ্গ প্ৰতিবেদনত আদানীৰ লেনদেনৰ জলজল পটপটকৈ ওলাই থকা জালিয়াতিৰ তথ্য -প্ৰমাণ সবিস্তাৰে উল্লেখ কৰা সত্ত্বেও এতিয়ালৈকে আয়কৰ বিভাগ আদানীৰ ওচৰচপা নাই। আদানীৰ বিৰুদ্ধে কোনো গোচৰ তৰা নাই।

এইবোৰ কথা কোনে নেদেখাকৈ আছে? এইবোৰে কি প্ৰমাণ কৰে? এইবোৰে দেখদেখকৈ এইটোকে প্ৰমাণ কৰে যে চৰকাৰে নিজৰ সমালোচনা মুঠেই সহ্য নকৰে। চৰকাৰৰ অনীতি, অনিয়মৰ কথা যিয়ে ক’ব তাকে চৰকাৰে কাঠ-গৰাত থিয় কৰাব।এতিয়া এইটোৱে নিয়মত পৰিণত হৈছে।ইয়াকে কয় স্বৈৰাচাৰী কাৰ্যকলাপ। মানুহে যদি ভবা কথাষাৰ মুকলিকৈ ক’ব নোৱাৰে তেন্তে এইখন কি গণতন্ত্ৰ হ’ল? য’ত সংবাদপত্ৰৰ স্বাধীনতা নাই তাত গণতন্ত্ৰ থাকিব ক’ৰপৰা? বিবিচিৰ দৰে বিশ্ববিখ্যাত সংবাদ প্ৰতিষ্ঠান যদি চৰকাৰী আক্ৰমণৰ পৰা সাৰি নাযায় তাত সৰুসুৰা সংবাদ প্ৰতিষ্ঠানে মুকলিকৈ সংবাদ পৰিবেশন কৰিবলৈ সাহস গোটাব ক’ৰ পৰা? এনেয়ে বাৰু সংবাদপত্ৰৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১৮৮ খন দেশৰ ভিতৰত ১৪২ নম্বৰ পাইছেগৈনে? দেশৰ এই পৰিস্থিতি ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাতকৈও বেছি ভয়াবহ।

ভাৰতবৰ্ষত ঘটা শেহতীয়া দুটা ঘটনা লক্ষ্য কৰিবলগীয়া।হিন্দেনবাৰ্গ প্ৰতিবেদনে আদানীৰ নানান জালিয়াতি ফাদিল কৰিলে।আদানীৰ অন্যায় অৰ্থনৈতিক লেনদেনত চৰকাৰৰ সহযোগৰ কথাও উল্লেখ কৰিলে। এই বিষয়টো লৈ বিৰোধী ৰাজনৈতিক দলবোৰে সংসদৰ দুই সদন উত্তাল কৰি তুলিলে। কিন্তু প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত এই বিষয়ে টু শব্দ এটাও নক’লে।বৰং তেওঁ প্ৰসংগৰ পৰা ফালৰি কাটি গৈ অগ্নিশৰ্মা হৈ যধেমধে বিৰোধী ৰাজনৈতিক দলবোৰকহে নানা কটু কথা ক’লে।এতিয়া বিবিচিৰ তথ্যচিত্ৰত নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক সমালোচনা কৰা কাৰণে প্ৰথমে তথ্যচিত্ৰখন ভাৰতত নিষিদ্ধ কৰিলে আৰু তাৰ পাছত বিবিচিৰ অ’ফিচলৈ আয়কৰ পঠিয়াই বিবিচিক হাৰাশাস্তি কৰিলে।

এই কথাবোৰে কি সূচায়? চৰকাৰৰ এইবোৰ বেপৰোৱা(desperate) পদক্ষেপ নহয়নে? চৰকাৰ শলঠেকত পৰিছে নেকি নে চৰকাৰে জন সমৰ্থন হেৰুৱাইছে? হিন্দেনবাৰ্গ প্ৰতিবেদন, বিবিচিৰ তথ্যচিত্ৰ আৰু এতিয়া আমেৰিকাৰ আৰৱপতি জৰ্জ ছ’ৰ’ছৰ মন্তব্যত বিজেপি কিয় জাঙুৰ খাই উঠিছে? তাৰ কাৰণ হ’ল, দেশৰ ভিতৰত কোনোবাই বিজেপিক সমালোচনা কৰিলে চৰকাৰে  বিভিন্ন সংস্থা লগাই  তেওঁলোকক হাৰাশাস্তি কৰিব পাৰে।কিন্তু আন্তৰ্জাতিক সংস্থা বা  ব্যক্তিৰ বিৰুদ্ধে তিঙিৰি তুলাহৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাহিৰে তেওঁলোকে বিশেষ একো কৰিব নোৱাৰে! অথচ এই ঘটনাবোৰে আন্তৰ্জাতিক জনমত প্ৰভূত পৰিমাণে প্ৰভাবিত কৰিব পাৰে। সেয়ে, বিজেপিয়ে বেয়া পালেও, ভাৰতত গণতন্ত্ৰ পুনৰুজ্জীৱিত কৰাত এই আন্তঃৰাষ্ট্ৰীয় ঘটনা প্ৰবাহ কিন্তু অতি গুৰুত্বপূৰ্ণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd