বৰপেটাত আজি অনুষ্ঠিত হয় বিজেপি দলৰ লোকসভা প্ৰৱাস যোজনাৰ সভা। বৰপেটাৰ লোকসভা আসন দখলৰ বিশেষ কুজ কাৱাজ চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে ! এই সভাতেই উপস্থিত থাকি বিজেপি নেতা ভৱেশ কলিতাই প্ৰদান কৰিছে এক বিস্ফোৰক মন্তব্য।
আজি বৰপেটা জিলাৰ হাউলিত লোকসভা প্ৰৱাস যোজনাৰ অধীনত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক সভাপতি ভবেশ কলিতাই সংবাদ মাধ্যমত কয় যে অহা লোকসভা নিৰ্বাচনত বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টি বিজেপি মিত্ৰজোঁট প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰে।
সভাত বৰপেটা সমষ্টিটো কিদৰে দখল কৰিব পাৰে এই সন্দৰ্ভত বিশদ আলোচনা কৰে বিজেপিৰ নেতা–কৰ্মীসকলে।
উক্ত সভাখনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাস, প্ৰাক্তন বিধায়ক অশোক কুমাৰ শৰ্মা, বঙাইগাঁও জিলাৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি ভালেকেইগৰাকী জেষ্ঠ্য নেতা–কৰ্মী উপস্থিত থাকে।