• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমাস্পদৰ মাজত আৰু বাধা হ’ব নোৱাৰে দূৰত্ব! উদ্ভাৱন হৈছে চমকপ্ৰদ ‘কিচিং ডিভাইচ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 4:21 pm
Kissing Device
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহিত দম্পতী অথবা প্ৰেমিক-প্ৰেমিকাৰ মাজত এতিয়াৰ পৰা আৰু দূৰত্ব কোনো বাধা হ’ব নোৱাৰে। দুয়ো পৃথক পৃথক স্থানত থাকিও অৰ্থাৎ দুয়োৰে মাজত দূৰত্বৰ ব্যৱধান থাকিলেও এতিয়াৰ পৰা কৰিব পাৰিব প্ৰেমভৰা চুম্বন। দম্পতী তথা প্ৰেমাস্পদসকললৈ এই বিশেষ সুবিধা আনি দিছে চীনৰ এখন বিশ্ববিদ্যালয়ে।

চীনৰ চাংঝৌ ভোকেচনেল ইনষ্টিটিউট অৱ মেকাট্ৰনিক টেকন’লজিয়ে উদ্ভাৱন কৰিছে এই চমকপ্ৰদ ‘কিচিং ডিভাইচ’। এই ন উদ্ভাৱনে এতিয়া সামাজিক মাধ্যমত তীব্ৰ খোৰাকৰ সৃষ্টি কৰিছে। চৰ্চিত এই কিচিং ডিভাইচে উৎসুকতা বৃদ্ধি কৰিছে নেটিজেনৰ।

দীৰ্ঘ দূৰত্বৰ ব্যৱধান থকা দম্পতীসমূহক প্ৰকৃত শাৰীৰিক ঘনিষ্ঠতা অনুভৱ কৰাৰ উপায় হিচাপে এই ডিভাইচটোৰ বিজ্ঞাপন দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি ছিলিকন ওঁঠৰ সৈতে এই অনন্য ‘কিচিং ডিভাইচ’টোত প্ৰেচাৰ চেন্সৰ আৰু এক্টিভেটৰ আছে।

এই ডিভাইচটোৰ দ্বাৰা ব্যৱহাৰকাৰীৰ ওঁঠৰ চাপ, গতি আৰু উষ্ণতাৰ অনুৰূপ অনুকৰণ কৰি প্ৰকৃত চুম্বনৰ দৰেই অনুভৱ কৰিব পৰা যায় বুলি দাবী কৰা হৈছে। চুম্বনৰ উপৰিও এই ডিভাইচটোৱে ব্যৱহাৰকাৰীয়ে কৰা শব্দও প্ৰেৰণ কৰিব পাৰে।

জানিব পৰা মতে, ডিভাইচটো ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে কেৱল এটা মোবাইল এপ ডাউনলোড কৰি ডিভাইচটো মোবাইলৰ চাৰ্জিং প’ৰ্টত প্লাগ কৰিব লাগিব। এপটোৰ জৰিয়তে আনগৰাকী ব্যক্তিৰ সৈতে ডিভাইচটো সংযোগ কৰাৰ পিছত তেওঁলোকে ভিডিঅ’ কল আৰম্ভ কৰিব পাৰে আৰু পৰস্পৰে পৰস্পৰক চুম্বন যাচিব পাৰে।

এই ডিভাইচটোৰ উদ্ভাৱক জিয়াং ঝংলিয়ে ডিভাইচটোৰ উদ্ভাৱনৰ আঁৰৰ কাহিনীও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। তেওঁ কয়, “মোৰ বিশ্ববিদ্যালয়ত মোৰ প্ৰেমিকাৰ সৈতে দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক আছিল। গতিকে আমাৰ মাজত কেৱল ফোনযোগেহে যোগাযোগ আছিল। ইয়াৰ পৰাই এই ডিভাইচৰ ধাৰণা মনলৈ আহিছিল।”

প্ৰকাশিত খবৰ অনুসৰি, জিয়াঙে ২০১৯ চনত ডিভাইচটোৰ পেটেণ্টৰ বাবে আবেদন কৰিছিল যদিও ২০২৩ চনৰ জানুৱাৰী মাহত পেটেণ্টৰ অন্ত পৰে। তেওঁ এতিয়া এই ডিভাইচটোৰ প্ৰতি আগ্ৰহী কোনো লোকে ডিজাইনটোৰ নিখুঁতকৈ আৰু অধিক ক্ষমতাসম্পন্ন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

ইফালে চীনৰ চ’ছিয়েল মিডিয়া ৱেইব’ত এই ডিভাইচটোৱে আলোড়নৰ সৃষ্টি কৰিছে। কিছু সংখ্যক লোকে ডিভাইচটোক ইতিবাচক ৰূপে গ্ৰহণ কৰিলেও আন একাংশই ইয়াক অশ্লীল বুলি সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd