• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডক্তৰ বেজবৰুৱা-২ : কাহিনীবিহীন মছলাধৰ্মী এখন বলিউডী মাৰ্কাৰ ছবি!

ৰিমলী বৰকটকী। by ৰিমলী বৰকটকী।
March 1, 2023 10:28 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবিখনৰ বিষয়ে নতুনকৈ কিবা কোৱাৰ নিশ্চয়কৈ কোনো প্ৰয়োজন নাই। মুক্তিৰ দুসপ্তাহৰ ভিতৰতেই ব্যৱসায়িক দিশত ইতিমধ্যেই অসমত এক অভিলেখৰ সৃষ্টি কৰিছে এই ছবিখনে। ১৯৬৯ চনতেই মুক্তিপ্ৰাপ্ত প্ৰয়াত নিপন গোস্বামী অভিনীত ছবি ডক্তৰ বেজবৰুৱাৰ পৰৱৰ্তী ৰূপ বা চিকুৱেল ডক্তৰ বেজবৰুৱা-২। ছবিখনৰ পৰিচালনা নিপন গোস্বামীৰ আৰু কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছে ৰাজদ্বীপে। ছবিখনক উৎকণ্ঠাময় আৰু শিহৰণধৰ্মী ছবি বুলি কোৱা হৈছে। গত ৩ ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহত চলি আছে।

চিনেমাৰ আৰম্ভণি ঘটে অসমলৈ দীৰ্ঘকালৰ মূৰত উভতি অহা শান্তনু চৌধুৰী (সিদ্ধাৰ্থ নিপন গোস্বামী)ক নিজ ঘৰত নাটকীয় মমতাৰে আদৰাৰ দৃশ্যৰে, যি সাধাৰণতে বলীউডী ছবিবোৰত দেখা যোৱা এক সুলভ দৃশ্য। কাহিনীৰ গতি অতি ক্ষীপ্ৰ। ক্ষীপ্ৰ গতি হোৱা ভাল কথা, পিছে ডক্তৰ বেজবৰুৱা-২ৰ কাহিনীৰ ইমানেই বেছি ক্ষীপ্ৰ গতি আৰু ঘটনাবহুলতাৰ পয়োভৰ যে আচলতে কাহিনীটো নো কি, সেই কথা বহুপৰলৈকে অস্পষ্ট হৈ থাকিল।

অৰ্থাৎ, আৰম্ভণি হিচাপে, কাহিনীৰ গতি অত্যধিক ক্ষীপ্ৰ হোৱাতকৈ, অলপ মন্থৰ কৰিলে দৰ্শক কাহিনীৰ লগত সংযুক্ত হ’ব পাৰিলেহেঁতেন, যিটো সমগ্ৰ চিনেমাখনতেই বিচাৰি থাকিও অনুভৱ নকৰিলো। অত্যধিক চাকচিক্য, গ্লেমাৰৰ পয়োভৰ হে অধিক দেখা গ’ল। অতি প্ৰত্যশিতভাৱেই ডি এছ পি মহাদেৱ বৰুৱা (জুবিন গাৰ্গ)ৰ দাবাঙৰ দৰে ছবিত চলমান খানৰ প্ৰবেশৰ দৰেই নায়কসুলভ প্ৰবেশ। যিকেইটা খলনায়ক ৰাজনীতিবিদৰ চৰিত্ৰ আছিলে, আটাইকেইজনৰেই পেশীবহুল দেহবল্লৰীৰ বাদে অভিনয়ৰ দিশত আন একো দেখিবলৈ পোৱা নগ’ল।

Apply Now

কাহিনীৰ অত্যধিক তীব্ৰ গতিৰ লগতে ইটোৰ পিছত সিটোকৈ পৰিস্থিতিৰ কোনো দাবী নোহোৱাকৈয়ে উপস্থাপন কৰা গীত-নৃত্যৰ পয়োভৰেৰে ছবিখনৰ সাৱলীলতাত প্ৰতিবন্ধক হৈছে। সাজ-পোচাক, আভিজাত্যৰ প্ৰদৰ্শনত অতি গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰেই এটি অতি কৰুণ পৰিণতিৰূপে হস্পিটেলত সন্তান প্ৰসৱৰ পিছত মাধুৰীমা চৌধুৰীয়ে যেতিয়া কোলাত কেঁ‌চুৱা লৈ হস্পিটেলৰ বেডৰ পৰা নামে তেতিয়াও তেওঁ‌ৰ মুখমণ্ডলত সম্পূৰ্ণ সুস্থ অৱস্থাৰ নিখুঁত মেক-আপ আৰু খুবেই পৰিপাটিকৈ পিন্ধা এযোৰ মেখেলাচাদৰ যি এগৰাকী সদ্য-প্ৰসূতিৰ ৰূপ হিচাপে অতিশয় দৃষ্টিকটু হৈছে।

বিৰতি পৰ্যন্ত পৰৱৰ্তী অংশ চাবলৈ কোনোধৰণৰ আগ্ৰহ অনুভৱ কৰিব পৰা উপাদান নেপালো। যদিওবা আৰম্ভণিৰে পৰাই উৎকণ্ঠাৰ অনুভৱ দিয়াৰ প্ৰয়াস কৰা হৈছিলে পিছে সেই প্ৰয়াস সমগ্ৰ চিনেমাখনতেই বিফল বুলিব লাগিব। চৰিত্ৰসমূহৰ নিৰ্বাচনো সঠিক নহ’ল— আদিল হুছেইন আৰু জুবিন গাৰ্গৰ চৰিত্ৰ দুটিক বাদ দি। মূল নায়ক-নায়িকাৰ যুটীটো অনাকৰ্ষণীয় আৰু দুয়োজনে অভিনয়ৰ আৰু বহু চৰ্চা কৰাৰ প্ৰয়োজন আছে যেন অনুভৱ হ’ল। কিংকিণী গোস্বামীৰ চৰিত্ৰটোক মাথোঁ সজাই থোৱা ফুলদানিৰ দৰেহে লাগিল লগতে তেওঁ‌ৰ সকলো সময়তেই একেধৰণৰ অভিব্যক্তি আমনিদায়ক। কাহিনীত নহ’লেও আৱহ-সংগীতৰ কাম ভাল, ছবিখনত দিব বিচৰা, উৎকণ্ঠা আৱহ-সংগীত আৰু আলোকশিল্পৰ কামতহে অনুভৱ কৰা হ’ল। আলোকশিল্পকাৰ হৃদয় গগৈৰ নিপুণ কাম পৰিলক্ষিত হ’ল। প্ৰযুক্তিগত দিশত ছবিখন যথেষ্ট আগবঢ়া। ল’কেচনসমূহ দৃষ্টিনন্দন। পুৰণি জনপ্ৰিয় গীতকেইটিৰ নব্যৰূপ প্ৰতিটো গীততে ভাললগা নহয়, অৰ্থাৎ সেই পুৰণি গীতকেইটিৰ মাধুৰ্য লোপ পোৱা যেন অনুভৱ হ’ল।

অভিনয়ৰ দিশত আদিল হুছেইনৰ দৰে বলিষ্ঠ অভিনেতা এজনৰ অভিনয়কলাৰ সদ্যৱহাৰ কৰিব পৰাৰ থল খুবেই কম আছিল ছবিখনত। জুবিন গাৰ্গ জুবিন গাৰ্গ হৈয়েই আছে বাবে তেওঁ‌ অভিনয় কৰিব লগা হোৱা নাই নিজ চৰিত্ৰত আত্মস্থ। অন্ততঃ আৰম্ভণিৰে পৰা দিব বিচৰা উৎকন্ঠা যিদৰে দেখা নগ’ল ঠিক একেদৰেই সেই দিব নোৱাৰা উৎকন্ঠাৰ ফলাফলো অতি প্ৰত্যাশিত। মূঠতে এক কথাত ক’বলৈ গ’লে ডক্তৰ বেজবৰুৱা-২ সম্পূৰ্ণৰূপে মনোৰঞ্জনধৰ্মী, মছলাধৰ্মী এখন বলীউডী ছবিৰ দৰে য’ত এটি কাহিনীৰ অভাৱ।

 

Email- [email protected]

ৰিমলী বৰকটকী।

ৰিমলী বৰকটকী।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd