• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পৰিৱেশ ধ্বংসই বিকাশৰ মাপকাঠি হৈ পৰিছে নেকি?

তাপস মালী by তাপস মালী
March 4, 2023 9:05 pm
environmental destruction for development
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত ৰাজ্যত ব্যাপক হাৰত নিৰ্মাণৰ কাম-কাজ চলি আছে। ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অফিচ-কাছাৰী, হাস্পতাল আদি নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থকা আমি সকলোৱে দেখিবলৈ পাইছো। এই সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে নিশ্চয়কৈ ই আমাৰ জীৱন-যাপনৰ মানদণ্ড পূৰ্বতকৈ উন্নত কৰিব। কিন্তু একেটা সময়তে আমি এই বিকাশৰ বাবে বহন কৰিবলগীয়া ক্ষতিসমূহৰো সুক্ষ্মভাৱে মূল্যাংকন কৰা উচিত।

বিকাশৰ দোহাই দি আৰম্ভ কৰা এই কাম-কাজবোৰৰ বাবে বৰ্তমান সময়ত অলেখ গছ-গছনি কাটি তহিলং কৰা হৈছে, বহুতো পাহাৰৰ পৰা মাটি কাটি সেইবোৰ লঠঙা কৰা হৈছে, বহুতো জলাশয় পুতি পেলোৱা হৈছে। এইবোৰৰ ফলত বৰ্তমান সময়ত আমাৰ পৰিৱেশত ইয়াৰ নেতিবাচক প্ৰভাৱবোৰ লাহে লাহে পৰিস্ফুত হ’বলৈ আৰম্ভ কৰিছে।

Apply Now

বৰ্তমান সময়ত গুৱাহাটীৰ বায়ুমণ্ডল যথেষ্ট প্ৰদূষিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত মানুহ বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভোগা দেখিবলৈ পোৱা গৈছে। সৌ সিদিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ২৪ টা শিশুক শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে ভৰ্তি কৰোৱা হৈছিল। এয়া মাথো আৰম্ভণিহে, যদি সময় থাকোতে ইয়াৰ বিহিত ব্যৱস্হা গ্ৰহণ কৰা নাযায়, তেতিয়াহ’লে অনাগত সময়ত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিব।

আকৌ, গছ-গছনি, হাবি-পাহাৰ কাটি তহিলং কৰাৰ ফলত বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পাইছে, যিয়ে বহুতো সমস্যাৰ সৃষ্টি কৰিছে। অধিক উত্তাপ বৃদ্ধিৰ ফলত কৃষিজাত সামগ্ৰীসমূহৰো উৎপাদন হ্ৰাস পাইছে যাৰ ফলত কৃষকসকলে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। আনফালে হাবি-পাহাৰ ধ্বংস কৰাৰ ফলত বন্য প্ৰাণীবোৰৰ বাসস্থান ধ্বংস হোৱাৰ লগতে খাদ্য সামগ্ৰীৰ নাটনি হৈছে, যাৰ ফলত তেওঁলোক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিবলগীয়া হৈছে। ফলত বন্যপ্ৰাণী আৰু মানুহৰ মাজত হোৱা সংঘাত নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে আৰু ধন-জনৰ ব্যাপক ক্ষতিসাধন হৈছে। এটা বিয়াগোম বন বিভাগ আছে যদিও তাৰ এইবোৰ ক্ষেত্ৰত বিশেষ সক্ৰিয় ভূমিকা দেখিবলৈ পোৱা নাযায়।

আকৌ, ৰাস্তা-ঘাট নিৰ্মাণৰ নামতেই হওঁক বা অট্টালিকা নিৰ্মাণৰ নামতেই হওঁক জলাশয়বোৰ পুতি পেলোৱাৰ ফলত বৰষুণৰ পানীবোৰ ৰাস্তালৈ উঠি আহে যাৰ ফলত কৃত্ৰিম বানপানীৰ সমস্যা বৰ্তমান সময়ত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত সৃষ্টি হোৱা আনুসংগিক সমস্যা যেনে-ব্যাপক যান-জঁট আদিয়ে মানুহৰ জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে।

বৰ্তমান সময়ত অকল নিৰ্মাণকে বিকাশ বুলি ভবা মনোভাৱৰ বাবে আমাৰ সমাজে এনেবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰতিখন সমাজকে বিকাশৰ প্ৰয়োজন। কিন্তু বিকাশ বুলি ক’লেই সঠিক পৰিকল্পনা অবিহনে যধে-মধে নিৰ্মাণৰ কাম আৰম্ভ কৰিলে পৰিৱেশৰ লগতে কৰদাতাৰ টকা অবাবত ব্যয় হোৱাৰ বাদে অন্য একো নহয়।

আকৌ, বিকাশৰ ধাৰণাতো ঠাইভেদে বেলেগ, গতিকে আমি সেই কথাটোৱো মগজুত লৈ আগবাঢ়িব লাগিব। কোনো এখন ঠাইৰ বাবে বিকাশৰ যি সংজ্ঞা, আন এখন ঠাইৰ বাবে বিকাশৰ সেই সংজ্ঞা গ্ৰহণযোগ্য নহ’বও পাৰে। উদাহৰণস্বৰূপে, যদি এখন ঠাইত ৰাস্তা-ঘাট নাই, সেই ঠাইত ৰাস্তা-ঘাট নিৰ্মাণ কৰাটো বিকাশ বুলি আমি ক’ব পাৰো। কিন্তু যদিহে কোনোবাই ৰাস্তা-ঘাটৰ ঠাইত মহানগৰৰ দৰে ডাঙৰ শ্ব’পিঙ মল বা কে এফ চি-ৰ দৰে দোকান খোলে, তেন্তে তাক নিশ্চয়কৈ বিকাশ বুলি ক’ব পৰা নাযাব।

প্ৰতিখন চৰকাৰেই সেই ঠাই বা ৰাজ্যৰ বিকাশৰ বাবে কাম কৰে বা কৰিব বিচাৰে। জনসাধাৰণেও নিশ্চয়কৈ চৰকাৰৰ কাম-কাজৰ পৰাই এখন চৰকাৰক মূল্যায়ন কৰে। কোন চৰকাৰৰ দিনত ৰাইজে ভাল হাস্পতাল, ৰাস্তা-ঘাট, অফিছ-কাছাৰী, স্কুল আদি লাভ কৰিলে সেয়া ৰাইজে লক্ষ্য কৰি থাকে। গতিকে চৰকাৰসমূহেও পাৰ্যমানে এই দিশসমূহৰ ওপৰত কাম কৰাৰ চেষ্টা কৰে যাতে তেওঁলোকৰ দলে নিৰ্বাচনত ভাল ফলাফল পাব পাৰে।

কিন্তু বিকাশৰ এই ধামখুমীয়াত আমি পৰিৱেশৰ কথাও পাহৰি যাব নালাগিব। বিকাশ আমাৰ বাবে প্ৰয়োজনীয়, কিন্তু সকলোতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ’ল জীৱন। যদি অত্যাধিক বিকাশৰ ফলত আমি ভালদৰে জীৱনটোৱেই উপভোগ কৰিব নোৱাৰো, তেন্তে তেনে বিকাশৰ প্ৰয়োজনেই বা কি ?

গতিকে কেৱল পৰিৱেশ ধ্বংস কৰি ব্যাপক হাৰত কৰা নিৰ্মাণেই কেতিয়াও বিকাশৰ একমাত্ৰ মাপকাঠি হ’ব নোৱাৰে। যি বিকাশে নিজৰ লগত বায়ু প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, কৃত্তিম বানপানী, বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ লগতে আৰু বিভিন্ন ধৰণৰ সমস্যা কঢ়িয়াই আনে তেনে বিকাশ নিশ্চয়কৈ মানুহক বাবে সঠিক নহয়।

সেয়ে আমি আমাৰ সমাজ আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিকাশৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে সেই বিকাশে প্ৰকৃতাৰ্থত মানৱ জাতিৰ বিকাশ সাধন কৰে আৰু লগতে পৰিৱেশো সুৰক্ষিত হৈ থাকে। তেতিয়াহে আমি প্ৰকৃতাৰ্থত বিকাশৰ সুফল লাভ কৰিব পাৰিম।

(লেখকৰ ফোন: ৭৫৭৭০৯৯৩৮৩)

তাপস মালী

তাপস মালী

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd