• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৯০ চেকেণ্ডত সম্পন্ন কৰিলে বিৰল অস্ত্ৰোপচাৰ : দিল্লী AIIMS ৰ অভূতপূৰ্ব সফলতা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2023 11:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী AIIMS ৰ চিকিৎসকসকলে এটা অতি বিৰল অস্ত্ৰোপচাৰ কৰি অভূতপূৰ্ব সফলতা লাভ কৰে। মঙল বাৰে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবিয়াই টুইটযোগে প্ৰচাৰ কৰে এই খবৰ। 

চিকিৎসালয়খনলৈ এগৰাকী ২৮ বছৰীয়া গৰ্ভৱৰ্তী মহিলা আহে। মহিলা গৰাকীৰ গৰ্ভ পৰীক্ষা কৰি চিকিৎসক সকলে জানিব পাৰে যে মহিলাগৰাকীৰ গৰ্ভত থকা ভ্ৰুণটিৰ হৃদযন্ত্ৰৰ এটা ডাঙৰ সমস্যা আছে। এতিয়াই এই অস্ত্ৰোপচাৰ নকৰিলে ভ্ৰুণটি বিকাশ হৈ জন্ম হোৱাৰ পিছত এই সমস্যা ক্ৰমাগতভাবে বাঢ়ি থাকিব। গতিকে এনে পৰিস্থিতিত চিকিৎসকে ভ্ৰুণৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়।

Apply Now

কিন্তু মূল সমস্যাটো আছিল সময়। ভ্ৰুণটিৰ এই অস্ত্ৰোপচাৰ মাত্ৰ ৯০ ছেকেণ্ডতে সম্পন্ন কৰিব লাগিব। সকলো কাম মাত্ৰ ৯০ চেকেণ্ডৰ ভিতৰতে কৰিব লাগিব। অন্যথা সময়ৰ ইফাল সিফাল হ’লেই ভ্ৰুণটিৰ মৃত্যু হ’ব।

উল্লেখ্য যে মহিলা গৰাকীয়ে তিনিবাৰকৈ গৰ্ভধাৰণ কৰিছিল যদিও সন্তান জন্ম দিবলৈ সক্ষম হোৱা নাছিল। সেয়ে এইবাৰ গৰ্ভধাৰণ কৰাৰ পিছত দম্পতীহালে শিশুটিক বচাবলৈ বদ্ধপৰিকৰ।

কিন্তু চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে ভ্ৰুণটোৰ অপৰিপক্ক হৃদযন্ত্ৰত ডাঙৰ সমস্যা আছে। ফলত শিশুটিৰ স্বাভাৱিক বিকাশৰ সম্ভাৱনা প্ৰায় নাই।

কিন্তু দিল্লী AIIMS ৰ চিকিৎসকে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি ভ্ৰুণটো সুস্থ কৰাৰ সিদ্ধান্ত লয়। চিকিৎসকৰ তৎপৰতাত মাত্ৰ ৯০ চেকেণ্ডৰ ভিতৰতে ভ্ৰুণটিৰ জটিল হৃদতন্ত্ৰৰ সমস্যাৰ অস্ত্ৰোপচাৰ সফলভাবে সম্পন্ন হয়।

চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীৰ তল পেটৰ মাজেৰে বেজী এটা সুমুৱাই দিয়ে। যি পোনপটীয়াকৈ ভ্ৰুণৰ হৃদযন্ত্ৰত উপনীত হয়। তাত বেলুন কেথেটাৰৰ জৰিয়তে বন্ধ হৈ থকা হৃদযন্ত্ৰৰ ভালভটো পুনৰ সক্ৰিয় কৰা হয়।

চিকিৎসকে অলপ লৰচৰ কৰিলেও ভ্ৰুণৰ মৃত্যু হ’লহেঁতেন। কিন্তু চিকিৎসকৰ সহায়ত এই জটিল অস্ত্ৰোপচাৰ সফল হ’ল। কেৱল সেয়াই নহয় বৰ্তমান মাতৃ আৰু গৰ্ভত থকা সন্তানটো সুস্থ।

AIIMS ৰ কাৰ্ডিঅ’থ’ৰেচিক ছায়েন্স চেণ্টাৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, “আল্ট্ৰাছাউণ্ডৰ নিৰ্দেশনাৰে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। আন সময়ত এঞ্জিঅ’গ্ৰাফী ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন যদিও এই ক্ষেত্ৰত সেয়া সম্ভৱ নহ’ল। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সময়। কাৰণ অৱস্থাটো বেছি দীঘলীয়া হ’লে ভ্ৰুণৰ মৃত্যু অনিবাৰ্য। কিন্তু বেছি সময় নালাগিল। ঠিক ৯০ ছেকেণ্ডতে সকলো ঠিক হৈ গ’ল।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd