বিশ্বব্যাপী বেঙ্কিং ব্যৱস্থাৰ বাবে ভাবুকি হৈ পৰা ১৬৬ বছৰ পুৰণি চুইছ বেংক ক্ৰেডিট চুইছে ইউবিএছ এজি-ৰ তৰফৰ পৰা ৩.২৫ বিলিয়ন ডলাৰত অধিগ্ৰহণ কৰা হৈছে। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি এলাইন বাৰছেটে ঘোষণা কৰিছে যে আন্তৰ্জাতিক বিত্তীয় ব্যৱস্থাৰ বাবে অধিগ্ৰহণ অত্যন্ত জৰুৰী।
আনহাতে,ফেডাৰেল ৰিজাৰ্ভ আৰু ইউৰোপীয় কেন্দ্ৰীয় বেংকৰ দ্বাৰাও এই অধিগ্ৰহণক আদৰণি জনোৱা হৈছে। বিশ্ব অৰ্থনীতিত বেংকটোৰ দেউলীয়া হোৱাৰ আতংকই পেলাব পৰা প্ৰভাৱ এই অধিগ্ৰহণে বহুপৰিমানে লাঘৱ কৰিব।
ক্ৰেডিট চুইচ অধিগ্ৰহণ সম্পৰ্কীয় চুক্তিৰ মুখ্য দিশসমূহ কি? ইউএছবি এজিক চুইজাৰলেণ্ডৰ সৰ্ববৃহৎ বেংক বুলি গণ্য কৰা হয়। দুয়োটা বেংকৰ মাজত হোৱা এই চুক্তিটো সকলো শ্বেয়াৰ ভিত্তিক। ইয়াত চৰকাৰী গেৰাণ্টি আৰু লিকুইডিটিৰ কেইবাটাও ব্যৱস্থা অন্তৰ্ভুক্ত আছে।
লগতে পঢ়ক: লণ্ডনত খালিস্তানপন্থীৰ ভাৰতীয় পতাকাক অপমান; দিল্লীলৈ মাতি পঠোৱা হ’ল ব্রিটেইনৰ উপ উচ্চায়ুক্তক
এই চুক্তিয়ে ক্ৰেডিট চুইচৰ শ্বেয়াৰৰ মূল্য ০.৮২ ডলাৰ নিৰ্ধাৰিত কৰা হৈছে যিটো ২০০৭ চনৰ উচ্চ স্তৰৰ তুলনাত ৯৯ শতাংশ হ্ৰাস কম।
ইউবিএছ এজিয়ে এক বিবৃতি জাৰি কৰি কয় যে চুক্তিৰ পিছত নতুন কোম্পানীটোৰ মুঠ সম্পত্তি হ’ব ৫ ট্ৰিলিয়ন ডলাৰ। পৰৱৰ্তী চাৰি বছৰত ৮ বিলিয়ন ডলাৰৰ ব্যয়ত কৰ্তন অনা হ’ব।
দুয়োটা বেংকৰ মাজত এই চুক্তি এনে এটা সময়ত ঘটিছে যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত ছিলিকন ভেলী বেংক আৰু চিগনেচাৰ বেংক দেউলীয়া হৈছে।
দুয়োটা বেংকৰ মাজত হোৱা চুক্তিত কোৱা হৈছে যে কেন্দ্ৰীয় চুইছ নেচনেল বেংকে ক্ৰেডিট চুইচ আৰু ইউবিএছক ১০৮ বিলিয়ন ডলাৰৰ লিকুইডিটি ঋণ প্ৰদান কৰিব।
ক্ৰেডিট চুইছ উনবিংশ শতিকাত আৰম্ভ হৈছিল। বেঙ্কৰ ৱেবছাইট অনুসৰি, বেঙ্কটো ১৯৫৬ চনৰ ৫ জুলাইত প্ৰতিষ্ঠা কৰা হৈছিল। আজি বেংকৰ ব্যৱসায় ৫০ খন দেশত বিয়পি পৰিছে।
ক্ৰেডিট চুইচ হৈছে বিশ্বৰ ৩০ টা আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানৰ ভিতৰত এটা, যি বিশ্বৰ বিত্তীয় স্থিৰতাৰ বাবে অত্যাৱশ্যকীয়।
লগতে পঢ়ক: ৰহস্য! ঘৰতে ওলমি থকা অৱস্থাত উদ্ধাৰ জনপ্ৰিয় ‘স্মাইলিং ডিজে’ৰ মৃতদেহ
এই চুক্তিৰ পিছত, বিশ্বৰ সৰ্ববৃহৎ কেন্দ্ৰীয় বেংকে ঘোষণা কৰিছে যে বেংকবোৰ স্থিৰ কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব।চুক্তিৰ আগতে, চুইছ নেচনেল বেঙ্কে ক্ৰেডিট চুইচক বচাবলৈ ৫৪ বিলিয়ন ডলাৰ ঋণ দিছিল।
শেহতীয়াকৈ, ক্ৰেডিট চুইছে ইয়াৰ বাৰ্ষিক প্ৰতিবেদনত জনাইছিল যে বেঙ্কে ব্যৱস্থাটোৰ কিছুমান দুৰ্বলতা চিনাক্ত কৰিছে, যাৰ পিছত মুখ্য বিনিয়োগকাৰীসকলে বেঙ্কটোৰ পৰা নিজকে আতৰাই নিছিল।
২০২১ চনলৈকে ক্ৰেডিট চুইছৰ ১.৬ ট্ৰিলিয়ন চুইছ ফ্ৰাংকৰ সম্পত্তি আৰু ৫০,০০০ কৰ্মচাৰী আছিল।