ফিনলেণ্ডক এইবাৰো বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ সৈতে, দেশখন একেৰাহে ছয়বাৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত আছে। আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তানৰ নাম এই বছৰ সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত আছে।
১৩৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২৬ তম। এই তালিকাত নেপাল, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাতকৈও পিছত ভাৰতৰ স্থান।
ৰাষ্ট্ৰসংঘই ২০ মাৰ্চত আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকমুহূৰ্তত প্ৰতি বছৰে সুখী দেশসমূহৰ তালিকা প্ৰকাশ কৰে। এইবাৰ, ইয়াৰ ব্যতিক্ৰম হোৱা নাই। বিশ্ব সুখ প্ৰতিবেদন ২০২৩ (ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্ট-২০২৩) মুকলি কৰা হৈছে। ফিনলেণ্ডে ১৩৭ খন দেশৰ ভিতৰত একেৰাহে ষষ্ঠবাৰৰ বাবে তালিকাৰ শীৰ্ষত আছে।
লগতে পঢ়ক: কংগ্ৰেছৰ সৈতে এলডিপি চামিল হোৱাৰ কথা ঘোষণা কৰিলে প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বৰাই
সুখী দেশৰ তালিকাত ফিনলেণ্ডৰ পিছত ডেনমাৰ্ক আৰু আইচলেণ্ড ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। চতুৰ্থ হৈছে ইজৰাইল আৰু পঞ্চম নেডাৰলেণ্ড। চুইডেন (ষষ্ঠ), নৰৱে (সপ্তম), চুইজাৰলেণ্ড (অষ্টম), লাক্সেমবাৰ্গ (৯ম) আৰু নিউজিলেণ্ড (দশম) শীৰ্ষ ১০ খন সুখী দেশৰ ভিতৰত আছে।
এই বছৰৰ সুখী দেশসমূহৰ তালিকাত কানাডা ১৩ তম, আমেৰিকা যুক্তৰাজ্য ১৫ তম আৰু ব্ৰিটেইন ১৯ তম স্থানত আছে। যুদ্ধবিধ্বস্ত ইউক্ৰেইন ৯২ তম স্থানত আছে। ৰাছিয়া আছে ৭০ তম স্থানত।
দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নেপাল ৭৮ তম স্থানত আছে। সেইদৰে, পাকিস্তানে ১০৮ তম, শ্ৰীলংকা ১১২তম আৰু ভাৰত ১২৬ তম স্থানত আছে। বাংলাদেশৰ স্থান ১১৮ তম।
লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ নিৰ্দেশ কিমৰ!
আনহাতে, সুখী দেশসমূহৰ তালিকাৰ একেবাৰে তলত আফগানিস্তান আছে। যোৱা বছৰো আফগানিস্তান তালিকাৰ তলত আছিল।
সুখী দেশবোৰৰ তালিকাত মানুহৰ সুখৰ নিজা মূল্যাঙ্কন, লগতে শূন্যৰ পৰা ১০ লৈ সূচকৰ সংখ্যা, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি জোখা হয়। ইয়াৰ উপৰিও ব্যক্তিগত কল্যাণ, ব্যক্তিগত স্বাধীনতা, জিডিপি আৰু প্ৰতিখন দেশৰ জনসাধাৰণৰ দুৰ্নীতিৰ স্তৰ বিবেচনা কৰা হয়।
২০২২ চনৰ সুখী দেশসমূহৰ তালিকাত কৰোনা মহামাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে। কৰোনাই গোটেই পৃথিৱীখনক এক ভয়ংকৰ অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে। প্ৰতিবেদন অনুসৰি, কোভিড-১৯-এ মানুহৰ বাবে ভালদৰে জীৱন নিৰ্বাহ কৰাৰ ব্যয় বৃদ্ধি কৰাৰ লগতে নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। ই এই তালিকাৰ ওপৰতো প্ৰভাৱ পেলাইছে।
লগতে পঢ়ক: দেউলীয়া হোৱাৰ আতংকৰ পৰা উদ্ধাৰ ১৬৬ বছৰ পুৰণি বেংক Credit Suisse; কি চুক্তি হ’ল UBSৰ সৈতে?
ইয়াৰ উপৰিও কৰোনা মহামাৰীৰ আঘাতৰ সৈতে যুঁজিবলৈ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল। যুদ্ধই সমগ্ৰ বিশ্বক এক ভয়ংকৰ পৰিস্থিতিত পেলাইছে। সমগ্ৰ বিশ্বতে নিবনুৱা আৰু মুদ্ৰাস্ফীতি ঘটিছে। দেশত খাদ্য আৰু ইন্ধনকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। এই বছৰৰ সুখ সূচকত ইউক্ৰেইনৰ যুদ্ধও প্ৰতিফলিত হৈছে।