• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

গৃহভূমিত আত্মসমৰ্পণ ভাৰতৰ: দুৰন্ত প্ৰত্যাৱৰ্তনেৰে শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2023 11:07 pm
India vs Australia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৃংখলাৰ প্ৰথম মেচত ভাৰতীয় দলৰ নিখুঁত বলিং আৰু পিছত ধৈৰ্য্যশীল বেটিঙৰ সমুখত প্ৰত্যাহ্বান জনাব নোৱাৰি পাঁচ উইকেটত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল ভ্ৰমণকাৰী অষ্ট্ৰেলিয়া। মেচখনত ঘৰুৱা দল ভাৰতৰ এই জয়ৰ পাছত শৃংখলাত অষ্ট্ৰেলিয়াৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা প্ৰায় অসম্ভৱ বুলিয়ে ভাবি লৈছিল ক্ৰিকেটপ্ৰেমীসকলে।

কিন্তু এই সকলো পূৰ্বানুমান ভুল প্ৰমাণিত কৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে দ্বিতীয় এদিনীয়াত ভাৰতক সম্পূৰ্ণ ধৰাশায়ী কৰাৰ পিছত আজি তৃতীয় তথা নিৰ্ণায়ক এদিনীয়াতো জয়েৰে শৃংখলা হস্তগত কৰিলে ভ্ৰমণকাৰী দলটোৱে। আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতক ২১ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ ব্যৱধানত বিজয় সাব্যস্ত কৰে অষ্ট্ৰেলিয়াই।

Apply Now

টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত এক শক্তিশালী আৰম্ভণি প্ৰদান কৰে দলৰ দুই অপেনাৰ ট্ৰেভিছ হেড আৰু মিচেল মাৰ্শ্বে। দুয়ো আক্ৰমণাত্মক শৈলীৰে দলৰ ইনিংছ ৬৮ ৰানলৈ আগবঢ়াই নিওঁতেই ব্যক্তিগত ৩৩ ৰানৰ স্ক’ৰত হেডক পেভিলিয়নৰ পথ দেখায় পাণ্ডিয়াই।

অৱশ্যে ইয়াৰ পিছত ক্ৰীজলৈ অহা অধিনায়ক স্মিথ ৰান সংগ্ৰহত ব্যৰ্থ হয়। কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পাণ্ডিয়াৰ চিকাৰ হয় স্মিথ। দলীয় স্ক’ৰ ৮৫ ৰানত অপেনাৰ মাৰ্শ্বকো পেভিলিয়নলৈ উভতাই পঠায় পাণ্ডিয়াই। পাণ্ডিয়াৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ মাজতে ডেভিদ ৱাৰ্ণাৰ আৰু মাৰ্নুচ লাবুশ্বেনে দলীয় স্ক’ৰ ১২৫ ৰানলৈ আগবঢ়াই নিয়ে।

অৱশ্যে দুয়োগৰাকী বেটাৰকে অগা-পিছাকৈ নিজৰ স্পীন যাদুৰে বশ কৰে কুলদীপ যাদৱে। ৱাৰ্ণাৰে ২৩ আৰু লাবুশ্বেনে ২৮ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইয়াৰ পাছতে ভাৰতীয় বলিং আক্ৰমণক প্ৰতিহত কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ মজবুত কৰি তোলে দুই মিডল অৰ্ডাৰ বেটাৰ এলেক্স কেৰী আৰু মাৰ্কুচ ষ্টইনিছে। দুয়ো ষষ্ঠ উইকেটত ৫৮ ৰান যোগ দি দলীয় স্ক’ৰ ২০০ ৰ প্ৰায় কাষ চপাই নিয়ে।

কিন্তু বাওঁহতীয়া স্পিনাৰ অক্ষৰ পেটেলে ষ্টইনিছ (২৫) ৰ উইকেট দখল কৰি এই যুটি ভংগ কৰে। ষ্টইনিছৰ উইকেট পতনৰ পাছতে কেৰী (৩৮)কো বিদায় দিয়ে যাদৱে। অৱশ্যে টেইল এণ্ডাৰ ক্ৰমৰ বেটাৰসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত অষ্ট্ৰেলিয়াই ২৬৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

চিন এব’টে ২৬ আৰু এষ্টন এগাৰে ১৭ ৰানকৈ সংগ্ৰহ কৰে। পেচাৰ মিচেল ষ্টাৰ্কে ১০ ৰান সংগ্ৰহ কৰি অন্তিমটো উইকেটৰ ৰূপত পেভিলিয়নলৈ উভতাৰ বিপৰীতে ১০ ৰানত অপৰাজিত হৈ ৰয় আডাম জাম্পা। ভাৰতৰ হৈ পাণ্ডিয়া আৰু যাদৱে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট লাভ কৰে।

ইফালে ২৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতেও সুদৃঢ় আৰম্ভণিয়েই ঘটাইছিল। দুই অপেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গিলে ৯.১ অভাৰতে ৬৫ ৰান সংগ্ৰহ কৰি ভাৰতীয় অনুৰাগীৰ মনত জয়ৰ আশা সজীৱ কৰি তোলে। অৱশ্যে খৰতকীয়াকৈ ৰান সংগ্ৰহৰ প্ৰচেষ্টাত ব্যক্তিগত ৩০ ৰানত নিজৰ উইকেট হেৰুৱায় ৰোহিতে।

ৰোহিত শৰ্মাৰ বিদায়ৰ পিছত আনগৰাকী অপেনাৰ গিলো বেছিসময় ক্ৰীজত নিটিকিল। ব্যক্তিগত ৩৭ ৰানত জাম্পাৰ চিকাৰ হয় গিল। ইয়াৰ পিছতে দলৰ মূল বেটিং তাৰকা কোহলিয়ে ৰাহুলৰ সৈতে ইনিংছ আগবঢ়াই নিয়ে। দুয়োগৰাকীয়ে তৃতীয় উইকেটত ৬৯ ৰান যোগ দি দলৰ স্ক’ৰ ১৪৬ ত উপনীত কৰায়।

কিন্তু আডাম জাম্পাৰ এক গুগলীত বল বাউণ্ডেৰীৰ পাৰ কৰোৱাৰ প্ৰচেষ্টাত বাউণ্ডেৰীৰ কাষত চিন এবটৰ হাতত কেচ দি বিদায় লয় ৰাহুলে। ৰাহুলৰ বেটৰ পৰা আহে ৩২ ৰান। ৰাহুলৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা অক্ষৰ পেটেলেও দুৰ্ভাগ্যৱশত কিছুসময় পিছতে ৰান আউট হ’বলগীয়া হয়।

দলীয় স্ক’ৰ ১৮৫ ৰানত স্পিনাৰ এষ্টন এগাৰৰ বলত বিদায় লয় দলৰ মূল ভৰসা কোহলীয়েও। ৭২ টা বলত দুটা চাৰি আৰু এটা ছয়েৰে সৰ্বাধিক ৫৪ ৰান সংগ্ৰহ কৰে কোহলীয়ে। আনহাতে এদিনীয়া ক্ৰিকেটত নিজৰ দুৰ্বল প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি টি-২০ ক্ৰিকেটত বিশ্বৰ শীৰ্ষস্থানৰ বেটাৰ সূৰ্যকুমাৰ যাদৱে প্ৰথমটো বলতে এগাৰৰ হাতত দিয়ে নিজৰ উইকেট।

এইদৰে সমগ্ৰ শৃংখলাটোতে গ’ল্ডেন ডাকত আউট হৈ যাদৱে এক অনাকাংক্ষিত অভিলেখ গঢ়ি তোলে। যাদৱৰ উইকেট পতনৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ৬ উইকেটত ১৮৫ ৰান। এনে অৱস্থাত ভাৰতৰ জয়ৰ বাবে দলৰ দুই অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজাৰ মাজত এক দীঘলীয়া যুটি অনিবাৰ্য হৈ পৰিছিল।

দুয়োগৰাকীয়ে ধৈৰ্য্যশীল বেটিঙেৰে এই লক্ষ্যৰেই দলীয় স্ক’ৰ আগবঢ়াই নিয়ে যদিও পুনৰ এবাৰ ভাৰতৰ বাবে ঘাতক হৈ পৰে জাম্পা। লেগ স্পিনাৰ গৰাকীয়ে হাৰ্দিক পাণ্ডিয়া (৪০) ৰ উইকেট দখল কৰি ভাৰতীয় দলৰ অনুৰাগীৰ আশাত চেঁচাপানী ঢালে। পাণ্ডিয়াৰ বিদায়ৰ পিছত দলৰ জয়ৰ প্ৰধান ভৰসা হিচাপে বাকী ৰয় কেৱল জাদেজা।

কিন্তু নিজৰ স্পীন ঘূৰ্ণীৰে জাম্পাই জাদেজাকো পেভিলিয়নৰ পথ দেখুৱাই ভাৰতৰ জয়ৰ আশা প্ৰায় মষিমূৰ কৰি তোলে। ইনিংছৰ ৪৮ তম অভাৰত মহম্মদ ছামিয়ে অৱশ্যে একেলেঠাৰিয়ে এটা ছয় আৰু এটা চাৰি কোবাই ভাৰতীয় দলৰ খেলুৱৈ তথা অনুৰাগীৰ মনত পুনৰ আশাৰ সঞ্চাৰ কৰে যদিও ষ্টইনিছে অভাৰৰ পঞ্চমটো বলত ছামিক ব’ল্ড কৰি ভাৰতৰ পৰাজয় নিশ্চিত কৰি তোলে।

ইনিংছৰ অন্তিম অভাৰৰ প্ৰথমটো বলতে কুলদীপ যাদৱ ৰান আউট হোৱাৰ লগ লগে ২৪৮ ৰানত ইনিংছ সমাপ্ত হয় ভাৰতৰ আৰু ২১ ৰানত পৰাজয় স্বীকাৰ কৰে। মেচখনত স্পীন ঘূৰ্ণীৰে ভাৰতৰ পৰাজয়ৰ কাৰণ হৈ নৰা আডাম জাম্পা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। আনহাতে শৃংখলাৰ তিনিওখন মেচতে চমকপ্ৰদ প্ৰদৰ্শনেৰে সৰ্বোচ্চ ৰান সংগ্ৰহ কৰা অষ্ট্ৰেলিয়ান অপেনাৰ মিচেল মাৰ্শ্ব শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd