• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰসঙ্গ: ৰাহুল গান্ধীৰ কাৰাদণ্ড! বিৰোধী দলৰ বৈঠকৰ আহ্বান কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2023 7:53 am
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি বছৰ পুৰণি এক মানহানিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কালি গুজৰাটৰ চুৰাট আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পাছতে বিৰোধী দলসমূহৰ সমৰ্থন লাভৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে। দেশৰ প্ৰধান বিৰোধী দলটোৱে এই প্ৰসঙ্গত আলোচনাৰ বাবে আজি বিৰোধী দলৰ নেতাসকলৰ এক বৈঠক আহ্বান কৰিছে।

আজি পুৱা ১০ বজাৰ পৰা এই বৈঠক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই সকলো বিৰোধী দলৰ সাংসদকে এই বৈঠকৰ বাবে আহ্বান জনাইছে। কংগ্ৰেছে গান্ধীৰ বিৰুদ্ধে আদালতে শাস্তি ঘোষণা কৰাৰ পিছতে এয়া শাসকীয় মোদী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি বুলি অভিযোগ কৰিছে।

Apply Now

দলৰ জেষ্ঠ্য নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে ৰাহুল গান্ধীৰ শাস্তি ঘোষণাক কেৱল আইনী বিষয় হিচাপেই গ্ৰহণ নকৰি ইয়াক এক অত্যন্ত গুৰুতৰ ৰাজনৈতিক বিষয় বুলি অভিহিত কৰে আৰু বিষয়টোক ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যতৰ সৈতে জড়িত বুলি মন্তব্য কৰে।

কালি সন্ধিয়া দলৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত অনুষ্ঠিত হোৱা এক দলীয় বৈঠকৰ পিছত সাংবাদিকৰ আগত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “এয়া মোদী চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি, ভাবুকিৰ ৰাজনীতি, ভয় দেখুওৱাৰ ৰাজনীতি আৰু নিৰ্যাতনৰ ৰাজনীতিৰ এক ডাঙৰ উদাহৰণ।”

ৰমেশে লগতে কয় যে, এই বৈঠকত দেশৰ সকলো ৰাজ্যত আন্দোলনৰ পৰিকল্পনা কৰা হৈছে। সোমবাৰৰ পৰা এই বিষয়ক লৈ দিল্লী আৰু দেশৰ অন্যান্য ৰাজ্যসমূহতো প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰধান বিৰোধী দলটোৱে৷

ইফালে আজি দুপৰীয়াৰ ভাগত সকলো বিৰোধী দলে সংসদৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল উলিয়াব বুলি কংগ্ৰেছে জানিবলৈ দিয়ে। দলটোৱে এই বিষয়ত স্মাৰকপত্ৰ দাখিল কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা সময় বিচাৰিছে বুলি জানিবলৈ দিছে।

“আমি আইনীভাৱেও ইয়াৰ বিৰুদ্ধে যুঁজ দিম। আইনে যি অধিকাৰ প্ৰদান কৰে, সেই অধিকাৰ আমি ব্যৱহাৰ কৰিম, কিন্তু এয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা। আমি ইয়াৰ সৈতে পোনপটীয়াকৈ যুঁজ দিম, আমি পিছুৱাই নাযাওঁ, ভয় নকৰো, আমিও ইয়াক এক বৃহৎ ৰাজনৈতিক বিষয় হিচাপে গঢ়ি তুলিম।”- এইদৰে মন্তব্য কৰিছে জয়ৰাম ৰমেশে।

মানহানি গোচৰত চুৰাট আদালতৰ ৰায়দান ভুল আৰু অস্থায়ী বুলি অভিহিত কৰি কংগ্ৰেছে চুৰাট আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব বুলি কংগ্ৰেছে জানিবলৈ দিছে আৰু এই ৰায় স্থগিত ৰাখি বাতিল কৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

কালি এই গোচৰৰ ৰায়দান কৰি চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে। অৱশ্যে আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখে আৰু এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে।

ইফালে এই শাস্তিৰ সন্মুখীন হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুওৱাৰ সম্ভাৱনা গা কৰি উঠাছে। ২০১৩ চনত উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ সময়ত যিকোনো সাংসদ বা বিধায়কক যদিহে দুবছৰ বা তাতকৈ অধিক বছৰৰ শাস্তি ঘোষণা কৰা হয়, তেতিয়া দোষী সাব্যস্ত হোৱাৰ সময়ৰ পৰাই অযোগ্য ঘোষণা কৰা হয় বুলি উল্লেখ কৰিছিল।

এনে পৰিস্থিতিত ৰাহুল গান্ধীয়ে সংসদৰ সদস্য পদ হেৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে, এই ৰায়দানৰ পিছতে ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ উদ্ধৃতি দি হিন্দীত এক টুইট কৰে। টুইটটোত তেওঁ কয় যে, “মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সত্য মোৰ ঈশ্বৰ, অহিংসাই ইয়াক লাভ কৰাৰ উপায়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd