Slovakia delivers MiG-29 jets to Ukraine স্লোভাকিয়াই দিম বুলি ঘোষণা কৰা ১৩ খন মিগ-২৯ যুঁজাৰু বিমানৰ চাৰিখন ইউক্ৰেইনক হস্তান্তৰ কৰিছে। ছোভিয়েট নিৰ্মিত যুঁজাৰু বিমানকেইখন বৃহস্পতিবাৰে শ্লোভাকিয়াৰ পৰা ইউক্ৰেইনত উপস্থিত হয়। দেশখনৰ বায়ু সেনাৰ সহায়ত ইউক্ৰেইনৰ পাইলটসকলে যুদ্ধবিমানকেইখন চলাই লৈ যায়।
স্লোভাকিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে বৃহস্পতিবাৰে চাৰিখন যুঁজাৰু বিমান ইউক্ৰেইনক হস্তান্তৰ কৰা হৈছে। প্ৰতিশ্ৰুতি অনুসৰি, বাকী থকা যুঁজাৰু বিমানবোৰ কেইসপ্তাহমানৰ ভিতৰত ইউক্ৰেইনক হস্তান্তৰ কৰা হ’ব। যুঁজাৰু বিমানবোৰ সুৰক্ষিতভাৱে ইউক্ৰেইন নোপোৱালৈকে আমি বিতং সদৰী কৰিব নিবিচাৰো।
লগতে পঢ়ক: চলিত বছৰৰ জানুৱাৰীৰ পৰাই হ’ব প্ৰযোজ্য; কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ
ইউক্ৰেনে ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ চুবুৰীয়া আৰু পশ্চিমীয়া দেশসমূহৰ পৰা যুদ্ধবিমান বিচাৰি আছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ্লোভাকিয়া ইউক্ৰেইনক যুদ্ধবিমানৰ সহায় কৰা দ্বিতীয়খন নাটো সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী জাৰোস্লাভ নাদে যুঁজাৰু বিমান হস্তান্তৰৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছে।
স্লোভাকিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বুধবাৰে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই ১২ খন নতুন সামৰিক হেলিকপ্টাৰ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে। ৱাশ্বিংটনে ইয়াক ইউক্ৰেইনলৈ যুঁজাৰু বিমান প্ৰেৰণৰ ক্ষতিপূৰণ হিচাপে স্লোভাকিয়াক আগবঢ়াইছে। ইয়াৰ পূৰ্বে, স্লোভাকিয়াই দেশখনৰ সৈতে ১৪ খন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত এফ-১৬ যুঁজাৰু বিমান ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছিল।
লগতে পঢ়ক: বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়
ইপিনে, ৰাছিয়াই বাৰে বাৰে নাটোৰ বিৰুদ্ধে ইউক্ৰেইনক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি যুদ্ধ দীঘলীয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ক্ৰেমলিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পশ্চিমীয়া সামৰিক মিত্ৰজোঁটক ইউক্ৰেইনলৈ নিৰন্তৰ অস্ত্ৰ সৰবৰাহ কৰি “প্ৰত্যক্ষ” সংঘৰ্ষত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।