হায়দৰাবাদত এটা পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। শনিবাৰে, স্থানীয় আৰক্ষীয়ে জনায় যে তেওঁলোকে হায়দৰাবাদৰ কুছাইগুড়া অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ পৰা চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে চাৰিওজনে বিহ খাই আত্মহত্যা কৰিছিল।
মৃতসকলক সতীশ, তেওঁৰ পত্নী বেধা আৰু তেওঁলোকৰ দুই সন্তান নিশিকেত আৰু নিহাল বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক: ‘সাংবাদিক হোৱাৰ ভাও নিদিব’; বিজেপিৰ বেজ পিন্ধক’: ৰাহুলক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী
আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে সন্দেহ কৰিছে যে শুকুৰবাৰে নিশা “আত্মহত্যা”ৰ ঘটনাটো সংঘটিত হৈছিল। অৱশ্যে, আৰক্ষীয়ে শনিবাৰে আবেলি এই সন্দৰ্ভত তথ্য লাভ কৰে। তেওঁলোকে ঘটনাস্থলীলৈ গৈ মৃতদেহ চাৰিটা উদ্ধাৰ কৰে।
হায়দৰাবাদৰ কুছাইগুড়া আৰক্ষী থানাৰ পৰিদৰ্শক পি ভেংকটেশ্বৰলুৱে কয় যে পিতৃ, মাতৃ আৰু তেওঁলোকৰ দুই সন্তানে বিহ সেৱন কৰি আত্মহত্যা কৰিছে বুলি ধাৰণা কৰা হৈছে। প্ৰাথমিকভাৱে জানিব পৰা গৈছে যে শিশু দুটি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। চিকিৎসা কৰা হৈছিল যদিও তেওঁলোক সুস্থ হোৱা নাছিল। ইয়াৰ বাবে পিতৃ-মাতৃ হতাশ হৈছিল আৰু সেই কাৰণে তেওঁলোকে সন্তান দুটিৰ সৈতে আত্মহত্যা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়ক: ISROৱে পুনৰ ৰচিলে ইতিহাস! উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহৰ সৈতে আটাইতকৈ গধুৰ ৰকেট LVM-3
আৰক্ষীয়ে সন্দেহ কৰিছে যে শুকুৰবাৰে মাজনিশা তেওঁলোক চাৰিজনে আত্মহত্যা কৰিছিল। অৱশ্যে আৰক্ষীয়ে শনিবাৰে দুপৰীয়া প্ৰায় ২বজাতহে এই বিষয়ে তথ্য লাভ কৰিছিল।
আৰক্ষীয়ে মৃতদেহ চাৰিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে গোটেই ঘটনাটোৰ এক তদন্ত চলাই আছে।