চৰকাৰক সমালোচনা কৰাটো ৰাষ্ট্ৰবিৰোধী নহয় – এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ। বুধবাৰে এটা গোচৰৰ নিষ্পতিত এই ৰায় প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মালয়ালম ভাষাৰ এটা টিভি চেনেলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰোধী বুলি অভিযোগ কৰি সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়েও মানি লৈছিল।
কিন্তু চেনেলটোৰ আপিলৰ ভিত্তিত বুধবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ খাৰিজ কৰি কয় যে চেনেলটোৱে পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰাত কোনো সমস্যা নাই।
এই গোচৰত ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয় যে, “কেৱল চৰকাৰৰ নীতিক সমালোচনা কৰিলেই তাক প্ৰতিষ্ঠান বিৰোধী বা চৰকাৰ বিৰোধী বুলি ক‘ব নোৱাৰি।”
সবল গণতন্ত্ৰৰ বাবে স্বতন্ত্ৰ প্ৰেছ প্ৰয়োজনীয় বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। বুধবাৰে এই গোচৰৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে কয়, ‘‘ৰাইজৰ অধিকাৰ অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰাটো সঠিক নহয়। কিন্তু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰেক্ষাপটত শিষ্টাচাৰৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিছে।”
কেৰালা উচ্চ ন্যায়ালয়ে টিভি চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ মানি লোৱাৰ পিছত চেনেল কৰ্তৃপক্ষই দেশৰ শীৰ্ষ আদালতৰ কাষ চাপিছিল। চেনেলটোৰ সম্পাদক প্ৰমোদ ৰমন আৰু কেৰালাৰ সাংবাদিক সন্থাইয়ো পৃথকে পৃথকে আবেদন দাখিল কৰিছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ উদ্ধৃতি দি চেনেলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ অনুমতি নিদিলে।
সোমবাৰে উচ্চতম ন্যায়ালয়েও প্ৰশ্ন উত্থাপন কৰে যে কেৰেলা উচ্চ ন্যায়ালয়ে কেৱল গৃহ মন্ত্ৰালয়ে আদালতত দাখিল কৰা কভাৰ লেটাৰত সন্নিবিষ্ট তথ্যৰ ভিত্তিত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।