• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

শাৰীৰিক সম্পৰ্ক গঢ়াৰ সময়ত ডেনিয়েলছৰ বয়স আছিল ২৭ আৰু ট্ৰাম্পৰ বয়স আছিল ৬০ বছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2023 9:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক সম্পৰ্কৰ বিষয়ে মুখ বন্ধ কৰি ৰাখিবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। কিন্তু সেই ষ্টৰ্মীয়ে কৈছে যে এই গোচৰত ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব।

বৰ্তমান ৪৪ বছৰীয়া ষ্টৰ্মীয়ে ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত কয় যে, “মই নাভাবো যে মোৰ বিৰুদ্ধে তেওঁৰ (ট্ৰাম্প) অপৰাধ কাৰাদণ্ডৰ যোগ্য।”

ষ্টৰ্মীয়ে লগতে কয়, ‘মই বৰঞ্চ তেওঁৰ (ট্ৰাম্প) আন কামবোৰৰ কথাহে চিন্তা কৰো। অৱশেষত যদি তেওঁক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁ হয়তো জেললৈ যাবলগীয়া হ’ব।’

Apply Now
ষ্টৰ্মি ডেনিয়েলছ। ফটো: সংগ্ৰহীত।

যোৱা সপ্তাহত নিউয়ৰ্কৰ গ্ৰেণ্ড জুৰীয়ে ষ্টৰ্মি ডেনিয়েলছৰ উৎকোচ গোচৰত ট্ৰাম্পক অপৰাধমূলক অভিযোগত অভিযুক্ত কৰিছিল। ট্ৰাম্প অপৰাধমূলক অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথমজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

২০০৬ চনত ষ্টৰ্মি ডেনিয়েলছৰ সৈতে ট্ৰাম্পে যৌন সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন হৈছিল। পিছত ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এই বিষয়ে মুখ নুখুলিবলৈ ষ্টৰ্মিক ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিয়া হৈছিল।

এই লেনদেন সেই বছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক আগতে হৈছিল। নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ মনোনয়ন লাভ কৰে ট্ৰাম্পে। অৱশ্যে এই লেনদেন ট্ৰাম্পে নিজৰ শপতনামাত লুকুৱাই ৰাখিছে।

এই গোচৰত যোৱা মঙলবাৰে মানহাটানৰ ফৌজদাৰী আদালতত আত্মসমৰ্পণ কৰিছিল ট্ৰাম্পে। গ্ৰেপ্তাৰ কৰি আদালতলৈ নিয়াৰ সময়ত ন্যায়াধীশগৰাকীয়ে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৪টা অভিযোগ পঢ়ি শুনায়। ট্ৰাম্পে এই অভিযোগ অস্বীকাৰ কৰে।

ষ্টৰ্মি ডেনিয়েলছ। ফটো: সংগ্ৰহীত।

শুনানিৰ সময়ত কোৱা হৈছে যে ট্ৰাম্পৰ আইনী দলটোৱে গোচৰটোক প্ৰত্যাহ্বান জনোৱা যিকোনো আবেদন দাখিল কৰিবলৈ ৮ আগষ্টলৈকে সময় পাব। ইয়াৰ পৰৱৰ্তী শুনানি হ’ব ৪ ডিচেম্বৰত।

ইপিনে, অহা বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা বুলি ঘোষণা কৰিছে ট্ৰাম্পে। ইয়াৰ পূৰ্বে প্ৰাক্তন পৰ্ণ ষ্টাৰ ষ্টৰ্মীক উৎকোচ দিয়াৰ এই গোচৰে তেওঁক বিপদত পেলাইছে।

ষ্টৰ্মি ডেনিয়েলছে ৰাজনীতিবিদ নোহোৱাকৈয়ে আমেৰিকাৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। এই নামেৰে জনাজাত যদিও তেওঁৰ প্ৰকৃত নাম ষ্টেফানী ক্লিফৰ্ড। আগতে তেওঁ পৰ্ণ চিনেমাত অভিনয় কৰিছিল।

ষ্টৰ্মীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে ২০০৬ চনৰ গ্রীষ্মকালত লেক টাহোত ৰিয়েল ইষ্টেট সাম্ৰাজ্যৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা ট্ৰাম্পক লগ পাইছিল। কেলিফৰ্ণিয়া আৰু নেভাদাৰ সীমান্তৰ লেক টাহোত অনুষ্ঠিত হৈছিল এখন চেৰিটি গলফ্ প্ৰতিযোগিতা।

ষ্টৰ্মি ডেনিয়েলছ। ফটো: সংগ্ৰহীত।

এই যৌন সম্পৰ্কৰ সময়ত ডেনিয়েলছৰ বয়স আছিল ২৭ আৰু ট্ৰাম্পৰ বয়স আছিল ৬০ বছৰ। ষ্টৰ্মিৰ মতে, ট্ৰাম্পে তেওঁক নিজৰ হোটেলৰ কোঠাত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। তাত নৈশ পোছাকত তেওঁক আদৰি নিছিল। তাতে দুয়োৱে শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd