পিতৃৰ সম্পূৰ্ণ এক বিপৰীত মেৰুত অৱস্থান কৰি বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে কংগ্ৰেছৰ বয়োজ্যেষ্ঠ্য নেতা এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে। অনিল এণ্টনীৰ এই বিজেপি গমনৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ কনিষ্ঠ ভাতৃ অজিত এণ্টনীয়ে।
জেষ্ঠ ভাতৃ অনিলক বিজেপিয়ে ব্যৱহাৰ কৰাৰ পিছত তৰকাৰীৰ ব্যৱহৃত পাতৰ দৰে বাহিৰলৈ দলিয়াই দিব বুলি ভৱিষ্যতবাণী কৰিছে অজিতে। অনিল এণ্টনীৰ সিদ্ধান্তক বিবেচনাহীন আখ্যা দি তেওঁ লগতে জেষ্ঠ্য ভাতৃয়ে নিজৰ ভুল শুধৰণি কৰি পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।
আজি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অজিত এণ্টনীয়ে কয় যে তেওঁৰ ভাতৃৰ নিজৰ কাৰণ থাকিব পাৰে আৰু বিজেপিত যোগদান কৰাটো তেওঁৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে ভাল বুলি অনুভৱ কৰিব পাৰে।
“কিন্তু, মই বাৰে বাৰে ক’ম যে বিজেপিয়ে তেওঁক তৰকাৰীৰ পাতৰ দৰে বাহিৰলৈ দলিয়াই দিব।”- অজিত এণ্টনীয়ে কয়। আনহাতে অজিতে ভাতৃ অনিল ক্ষোভিত হৈ কংগ্ৰেছৰ পৰা আঁতৰি থাকিব বুলি ভাবিছিল যদিও তেওঁ বিজেপিত যোগ দিব বুলি কেতিয়াও ভবা নাছিল বুলি মন্তব্য কৰে।
অনিল এণ্টনীৰ এই সিদ্ধান্ত সম্পূৰ্ণ অপ্ৰত্যাশিত আছিল বুলি অজিত এণ্টনীয়ে লগতে দোহাৰে। তেওঁ জানিবলৈ দিয়া মতে, অনিলে নিজৰ সিদ্ধান্তৰ বিষয়ে পৰিয়ালক সামান্যতমো ইংগিত দিয়া নাছিল আৰু টিভিত তেওঁ বিজেপিত যোগ দিয়াৰ বাতৰি দেখি সকলো আচৰিত হৈ পৰিছিল।
ইফালে তেওঁলোকৰ পিতৃ প্ৰবীণ কংগ্ৰেছ নেতা এ কে এণ্টনীয়ে পুত্ৰ অনিলে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰা দেখি বিধ্বস্ত হৈ পৰিছিল বুলিও অজিত এণ্টনীয়ে সদৰী কৰে। অজিতৰ ভাষ্য মতে এই খবৰ লাভ কৰি এ কে এণ্টনী তীব্ৰ যন্ত্ৰণাত ঘৰৰ এটা চুকত বহি পৰিছিল।
“মই জীৱনত দেউতাক ইমান দুৰ্বল কেতিয়াও দেখা নাই। তেওঁ চকুলোও টুকিব পৰা নাছিল।”– অজিতে কয়। উল্লেখ্য যে এ কে এণ্টনীয়েও পুত্ৰ অনিলৰ বিজেপিত যোগদানৰ সিদ্ধান্তত শোক প্ৰকাশ কৰি ভুল সিদ্ধান্ত আখ্যা দিছিল।





