বৰপেটা জিলা আৰক্ষীৰ পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ PFI বিৰোধী গোপন অভিযানত দুগৰাকী PFI ৰ শীৰ্ষ নেতাৰ লগতে আন এগৰাকী CFI ৰ শীৰ্ষ নেতাক আটক কৰা হৈছে। শুকুৰবাৰে নিশা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
আটকাধীন PFI নেতা দুজন হৈছে জাকিৰ হুছেইন আৰু আবু চামাদ আহমেদ ৷
আনহাতে কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়া চমুকৈ CFI নেতা এগৰাকীকো আটক কৰা হৈছে
আটকাধীন চি এফ আই নেতাজন হৈছে জাহিদুল ইছলাম মিৰ্ধা ৷
ধৃত আবু চামাদ আহমেদ PFI ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৷
ধৃত জাকিৰ হুছেইন PFI ৰ ৰাজ্যিক সমিতিৰ সম্পাদক ৷
বৰপেটা আৰক্ষীৰ জালত পৰা জাহিদুল ইছলাম মিৰ্ধা CFI অৰ্থাৎ কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৷