দেশৰ তৃতীয় ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে আজি বায়ুসেনাৰ যুঁজাৰু বিমানেৰে উৰা মাৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ইতিহাসত কেৱল এ পি জে আব্দুল কালাম আৰু প্ৰতিভা পাটিলেহে ৰাষ্ট্ৰপতি হিচাপে এই কৃতিত্ব ৰচিছিল।
আজি তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে ছুখয়-৩০ যুদ্ধ বিমানত উঠে। অলিভ ৰঙৰ পোছাক আৰু বেলিষ্টিক হেলমেট পৰিধান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰেৰে ৩০ মিনিট সময় ছুখয়ত উৰে।
লগতে পঢ়ক: থানাত পঞ্চাশজনীয়া দলৰ আক্ৰমণ; লক-আপ ভাঙি উলিয়াই নিলে তিনি কুখ্যাত ডকাইতক (চাওক ভিডিঅ’)
আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে তেজপুৰ বায়ুসেনা ঘাটি পৰিদৰ্শন কৰে। মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি হোৱাৰ বাবে দ্ৰৌপদী মুৰ্মু দেশৰ সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ।
ছুখয়ত উৰাৰ অভিজ্ঞতা সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে বায়ুসেনা ঘাটিৰ পৰিদৰ্শন বহীত লিখিছে, ‘ভাৰতীয় বায়ুসেনাৰ শক্তিশালী ছুখয়-৩০-এম কে আই যুদ্ধ বিমান উৰি যোৱাটো মোৰ বাবে এক অসাধাৰণ অভিজ্ঞতা আছিল। এই উৰণৰ আয়োজন কৰাৰ বাবে তেজপুৰ বিমান ঘাটিৰ সকলো বায়ুসেনাৰ জোৱান আৰু বিষয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো।’
লগতে পঢ়ক: সংকটত শাৰদ পাৱাৰৰ এন চি পি? দলীয় কাৰ্যসূচীত নাই ভতিজাক অজিত! খবৰ নাই ৭ জন বিধায়কৰ
ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰি লিখিছে, ‘আজি ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ শক্তি জল, স্থল আৰু আকাশত মাজেৰে শক্তিশালীভাৱে প্ৰসাৰিত হোৱাটো গৌৰৱৰ বিষয়।’
জানিব পৰা মতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছুখয়-৩০ এম কে আই-ৰ দুজনীয়া আসন বিশিষ্ট প্ৰশিক্ষণ বিমানত উৰআ মাৰিছিল। তেওঁৰ সৈতে সহ-পাইলটৰ আসনত ভাৰতীয় বায়ুসেনাৰ এজন যুঁজাৰু পাইলট আছিল।
লগতে পঢ়ক: চীন কোন নিচিনে টাইৱানে; হাতত আমেৰিকাৰ FGM 148 এণ্টি টেংক গাইডেড মিছাইল! মাতে কোনে?
ইয়াৰ পূৰ্বে ২০০৯ চনত তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে মহাৰাষ্ট্ৰৰ পুনে বায়ুসেনাৰ ঘাটিৰ পৰা ছুখয় যুদ্ধ বিমানেৰে উৰা মাৰিছিল। তেওঁৰ পিছতে আজি দ্ৰৌপদী মুৰ্মুৱে দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ছুখয়ত উৰা মাৰে। আজি সুখয়ত ত্ৰিশ মিনিট আকাশত উৰা মাৰিলে।





