গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে আটক কৰিছে এগৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক। আজি পল্টন বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে বাংলাদেশী নাগৰিকজনক।
ধৃত বাংলাদেশী নাগৰিকগৰাকীৰ পৰা এক ভুৱা পাছপ’ৰ্টো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পল্টন বজাৰ বাছ আস্থানৰ পৰা ব্যক্তিগৰাকীক আটক কৰা হয়।
বাংলাদেশী নাগৰিকগৰাকীৰ উপৰিও একেটা গোচৰতে এগৰাকী ভাৰতীয় নাগৰিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গুৱাহাটী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ভাৰতীয় নাগৰিকগৰাকীয়ে বাংলাদেশী নাগৰিকগৰাকীক ভুৱা পাছপ’ৰ্ট লৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাত সহায় কৰিছিল বুলি অভিযোগ উঠিছে।
ইফালে, গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে৷
এই গোচৰৰ অধিক তথ্য উন্মোচনৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰে।