• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভূতপূৰ্ব! অজিংকা ৰাহানেৰ ধুমুহাত উৰি গ’ল মুম্বাই; ধোনীৰ হাতত পৰাজিত ৰোহিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 9:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আই পি এলৰ দ্বাদশখন খেলত যোৱা ছিজনৰ পইণ্ট তালিকাৰ একেবাৰে তলত থকা দল দুটা মুখামুখি হৈছিল৷ কিন্তু যোৱাবাৰৰ ভুলৰ পৰা এটা দলে যে ভালদৰে শিক্ষা লৈছে সেয়া দেখা গ’ল ৱানখেড়ে ষ্টেডিয়ামত। মুম্বাই পৰাজয়ৰ ধাৰাবাহিকতাত আবদ্ধ হৈ আছে যদিও চেন্নাইয়ে ক্ৰমাগত দ্বিতীয়টো জয় লাভ কৰে। শনিবাৰে খেলখনত তেওঁলোকে ৭ উইকেটত জয় লাভ কৰে।

আৰম্ভণিতে বেটিং কৰি মুম্বাইয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ সকলো  তাৰকা বেটছমেনে ৰবীন্দ্ৰ জাদেজা, মিচেল ছাণ্টনাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে।

Apply Now

অধিনায়ক ৰোহিত শৰ্মাই ১৩টা বলত ২১ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিলেও বাকীসকলে তেওঁৰ লগত তাল মিলাই ৰাণ তুলিব নোৱাৰিলে। ২১টা বলত সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে আনজন অ’পেনাৰ ঈশান কিষানে। টিম ডেভিডে ২২টা বলত ৩১ ৰানৰ ইনিংছ খেলে। ইয়াৰ উপৰি তিলক বাৰ্মাই ২২ আৰু ঋত্বিক শ্বোকিনে ১৮ ৰান কৰে।

চেন্নাইৰ হৈ জাদেজাই ৪ অভাৰত ২০ ৰান দি ৩টা উইকেট দখল কৰে। তুষাৰ দেশপাণ্ডে আৰু ছাণ্টনাৰে ২টাকৈ উইকেট দখল কৰে। ।

১৫৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইয়ে আৰম্ভণিতে ডেভন কনৱেৰ উইকেট হেৰুৱায়। নিউজিলেণ্ডৰ অ’পেনাৰগৰাকীয়ে সন্মুখীন হোৱা চতুৰ্থটো বলত আউট হয়। কিন্তু তাৰ পিছত আৰু ঘূৰি চাব লগা নহ’ল চেন্নাইৰ।

আন এজন অ’পেনাৰ ৰুতুৰাজ গাইকোৱাডৰ সৈতে ৮২ ৰান যোগ দি অজিংকা ৰাহানেই সুদৃঢ় ভেটি গঢ়ে। ইয়াৰ ভিতৰত আৰ্শ্বদ খানৰ এটা অভাৰত ৰাহানেই ২৩ ৰান সংগ্ৰহ কৰে। মাত্ৰ ১৯টা বলত অৰ্ধশতক কৰে ৰাহানে, যিটো চলিত ছিজনত এতিয়ালৈকে আটাইতকৈ দ্ৰুততম অৰ্দ্ধশতক। ৭টা চাৰি আৰু ৩টা ছয়ৰে ২৭টা বলত ৬১ ৰানৰ ইনিংছ খেলি ৰাহানে আউট হয়।

ৰাহানে যোৱাৰ পিছত শিৱম ডুবেৰ লগত ৰুতুৰাজে দায়িত্ব লয়। ৰাণৰ গতি অক্ষুণ্ণ ৰাখি চেন্নাইক জয়ৰ দিশে লৈ যায়। লক্ষ্যটো কেতিয়াও হাতৰ বাহিৰলৈ যাবলৈ নিদিলে। অৱশ্যে ডুবে দলৰ ৰাণ বৃদ্ধিত বিশেষ অৰিহনা দিব নোৱাৰিলে। ২৬টা বলত ২৮ ৰান কৰি উভতি যায়। ইয়াৰ পিছত ৰুতুৰাজে ইমপেক্ট ছাব আম্বাতি ৰায়ুডু (২০*)ৰ সৈতে বাকীখিনি মসৃণভাৱে আগবঢ়াই লৈ যায়। দলৰ জয় নিশ্চিত কৰাৰ সমান্তৰালকৈ ৰতুৰাজে ৩৬টা বলত ৪০ ৰানেৰে অপৰাজিত হৈ থাকে।

মুম্বাইৰ জেছন বেহৰেণ্ডৰ্ফ, পিযুষ চাওলা আৰু কুমাৰ কাৰ্তিকেয়াই হাতত বল লৈ ১টাকৈ উইকেট দখল কৰে।

চেন্নাইয়ে ৩খন মেচত ২ খন জয়ৰ পৰা ৪ পইণ্ট লাভ কৰি চতুৰ্থ স্থান লাভ কৰে। দুয়োখন মেচতে জয়লাভ কৰি পঞ্জাব কিংছৰ পইণ্টো চেন্নাইৰ সৈতে সমান। অৱশ্যে মুম্বাইক পৰাস্ত কৰি মহেন্দ্ৰ সিং ধোনিৰ দলটোৱে নেট ৰান ৰেটত আগবাঢ়ি যায়। একেই কাৰণতে ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছ চেন্নাইৰ দৰে একে পইণ্টেৰে শীৰ্ষ তিনিটা স্থানত আছে। আনহাতে, একেৰাহে দুটাকৈ পৰাজয়ৰ সৈতে মুম্বাই তালিকাৰ তলত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd