• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ ট্ৰেফিকে জ্বলা-কলা খুৱালে প্ৰীতি জিন্টাক : ক্ষোভত জ্বলিছে অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 7:30 am
13.6k
VIEWS
Share on FacebookShare on Twitter

২০২৩ চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হোৱাৰ কথা আছিল মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম। কিন্তু এতিয়ালৈকে শেষ হোৱাৰ নামেই লোৱা নাই উৰণীয়া সেঁতুৰ কামে।

আজি কেইবাবছৰ ধৰি উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা ট্ৰেফিক জামে জ্বলা–কলা খুৱাই আহিছে গুৱাহাটীবাসীক। মানুহৰ কাম থাকিলেও, বিয়া সবাস থাকিলেও যান–জঁটৰ কথা ভাবিয়েই মালিগাঁৱৰ ফালে যাবলৈ সাহ নকৰে গুৱাহাটীৰ নাগৰিকে। কিয়নো মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণৰ ফলত সৃষ্টি হোৱা যান–জঁট ইমানেই বেছি যে মাত্ৰ ১ কিলোমিটাৰ পাৰ হৈ যাবলৈকে কেতিয়াবা ঘন্টাজোৰা সময় লাগে।

One of my reasons to go to Guwahati was to visit d famous Kamakhya Devi temple.Even though our flight was delayed for several hours & I was up all night,it all seemed worth it once I entered the temple. I felt such powerful vibrations when I went there & a sense of peace n calm🙏 pic.twitter.com/hUjmTTN3BC

— Preity G Zinta (@realpreityzinta) April 8, 2023

যোৱা দেওবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। পিছে মালিগাঁৱৰ ট্ৰেফিক জামে জ্বলা–কলা খুৱালে প্ৰীতিক। কামাখ্যা মন্দিৰ দৰ্শন কৰি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন আই পি এল মেচ চাবলৈ গৈছিল প্ৰীতি। পিছে ট্ৰেফিক জামৰ বাবে খেলখন আধাৰ পৰাহে উপভোগ কৰিবলৈ পালে অভিনেত্ৰীগৰাকীয়ে। এই কথা মুকলিকৈয়ে টুইটাৰত লিখিলে প্ৰীতিয়ে।

প্ৰীতিয়ে লিখিলে, “মন্দিৰ পাবলৈ আমাক দুঘন্টা সময় লাগিছিল, মন্দিৰৰ পৰা ঘূৰি আহোঁতেও দুঘন্টা সময় লাগিছিল। আৰু এঘন্টা সময় লাগিছিল ষ্টেডিয়ামলৈ।”

অৱশ্যে কামাখ্যা মন্দিৰ দৰ্শন কৰি এক নিস্তব্ধ প্ৰশান্তি লাভ কৰা বুলিও টুইটযোগে উল্লেখ কৰিলে অভিনেত্ৰীগৰাকীয়ে।

মালিগাঁৱৰ নিৰ্মিয়মান সেঁতুৰ নামত যাত্ৰীয়ে যান–জঁটৰ যন্ত্ৰণাৰ পৰা কেতিয়া মুক্তি পাব সেয়া কেৱল চৰকাৰ আৰু ভগৱানেহে জানিব। অৱশ্যে দুৰ্গা পূজাৰ সময়লৈ সেঁতুখন সম্পূৰ্ণ কৰাৰ আশ্বাস দিছে অসম চৰকাৰৰ প্ৰতিনিধিয়ে।

যি কি নহওঁক ট্ৰেফিক জামে জুৰুলা কৰা প্ৰীতি জিন্টাৰ এই অৱস্থাৰ বাবে ক্ষোভ আৰু বেদনাত জ্বলিপকি উঠিছে প্ৰীতিৰ অনুৰাগীসকল।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd