বৌদ্ধ ধৰ্মগুৰু দালাই লামাই এজন কিশোৰক ওঁঠত চুমা খাই বিতৰ্কত জড়িত হৈ পৰিছিল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। য’ত বৌদ্ধ গুৰুগৰাকীয়ে কোৱা শুনা যায়, “তুমি মোৰ জিভাখন চুহি দিব পাৰিবানে?”
ভিডিঅ’টো পোহৰলৈ অহা লগে লগে বিশ্বজুৰি তোলপাৰ লাগে। বহুতে লামাৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। সোমবাৰে শান্তি নোবেল বঁটা বিজয়ী আধ্যাত্মিক গুৰুৱে এই ঘটনাৰ বাবে কিশোৰটি আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে।
লগতে পঢ়ক: সাৱধান! ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু, বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ; কৈছে গৱেষণাই
এটা ভাইৰেল ভিডিঅ’ত লামাগৰাকীক কেইবাজনো বৌদ্ধ সন্ন্যাসীৰ সৈতে এক অনুষ্ঠানত বহি থকা দেখা গৈছে। অনুষ্ঠানৰ মুখ্য অতিথিক সম্বৰ্ধনা জনাবলৈ আহিছিল এজন কিশোৰ। সেই সময়ত ধৰ্মগুৰুগৰাকীয়ে তেওঁৰ গালত ধৰি ওঁঠত চুমা খায়। তাৰ পিছত জিভাখন উলিয়াই দিয়ে। ভিডিঅ’টোত তেওঁৰ কথাও শুনা যায়, “মোৰ জিভাখন চুহি দিব পাৰিবানে?”
— Dalai Lama (@DalaiLama) April 10, 2023
ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বৰ লামাৰ অনুৰাগীসকল অতি অস্বস্তিত পৰে। বহুতে প্ৰশ্ন উত্থাপন কৰিলে, কিশোৰজনৰ লগত আধ্যাত্মিক গুৰুজনে কিয় এনে আচৰণ কৰিলে? কিছুমানে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘দালাই লামাই এজন ভাৰতীয় কিশোৰক চুমা খাইছে। আনকি, জিভাখন স্পৰ্শ কৰিব বিচাৰিছে। তেওঁক কথাটো স্পষ্টকৈ কোৱা শুনা গৈছে, কিন্তু তেওঁ কিয় এইটো কৰিলে?”
লগতে পঢ়ক: ক’ৰ পৰা আহিল? কৰিমগঞ্জৰ সোণবিলত উদ্ধাৰ এটি বিপন্ন ‘স্লো লৰিছ’।
শেষত এই সমগ্ৰ ঘটনাৰ বাবে দালাই লামাই কিশোৰ আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে। লামাৰ আশ্ৰমৰ মতে কিশোৰজনৰ সৈতে তেওঁৰ সাক্ষাৎ “এক অতি পবিত্ৰ আৰু ধেমেলীয়া ভাৱে হৈছিল”। দীঘলীয়া বিবৃতিটোত কোৱা হৈছে যে ‘’শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এজন কিশোৰে দালাই লামাৰ পৰা আলিংগন বিচাৰি ভিক্ষা কৰিছে। পৰম পূজনীয় দালাই লামাই কিশোৰ আৰু তেওঁৰ পৰিয়াল তথা বিশ্বৰ তেওঁৰ ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে। কিয়নো তেওঁৰ কথাত বহুতেই আঘাত পাইছিল। যদিও ধৰ্মগুৰুগৰাকীয়ে এনেদৰেই পৱিত্ৰভাৱে আৰু ধেমেলীয়া ধৰণেৰে মানুহৰ সৈতে সাক্ষাৎ কৰি থাকে। আনকি ৰাজহুৱা স্থানত, কেমেৰাৰ সন্মুখতো। গোটেই ঘটনাটোৰ বাবে তেওঁ অনুতপ্ত।”