• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গীনিজ বুকত স্থান পোৱা কেইটামান আচৰিত ৰেকৰ্ড : জানিলে চকু কপালত উঠিব আপোনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 6:18 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড হৈছে বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ বিশ্ব অভিলেখ সংগ্ৰহকাৰী সংস্থা। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ দ্বাৰা যিকোনো বিষয়ত বিশ্ব অভিলেখ গঢ়িব পাৰি। আনে নোৱাৰা, পূৰ্বে কোনেও নকৰা বা কোনোধৰণৰ অসাধ্য সাধনৰ বাবে এই সংস্থাটোৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়িব পাৰে। সেই অভিলেখ বা সেই প্ৰতিভাৰ বিষয়ে সংস্থাটোৱে প্ৰকাশ কৰা ‘গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড’ত লিপিবদ্ধ কৰা হয় আৰু ইয়াৰ জৰিয়তে অভিলেখকাৰীক সমগ্ৰ বিশ্বৰ আগত চিনাকী কৰি দিয়া হয়।

Apply Now

এই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ইতিমধ্যে অসমৰো বহু লোকে কিছুমান অভিলেখ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উদ্যোগত ২০১৩ চনত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত শংকৰদেৱৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে একেলগে ১৪,৮৩৩ জন শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰি গীনিজ বুকত স্থান পাবলৈ সক্ষম হয়।

ইয়াৰ উপৰিও অসমৰ অভিজিৎ বৰুৱা নামৰ এজনে যুৱকে ২০১২ চনত খালী ভৰিৰে একাৰাহে ২৪ ঘন্টাত ১৫০ কিলোমিটাৰ দৌৰি আৰু ২০১৩ চনৰ ৭ এপ্ৰিলত ১৪৫৫.৩ মিটাৰ দীঘলে হাতে বোৱা গামোচা প্ৰদৰ্শন কৰি গীনিজ বুকত দুটাকৈ অভিলেখ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা আন এজন ব্যক্তি হৈছে যোৰহাটৰ ৰূপম শৰ্মা। ২০১৩ চনত ৰূপম শৰ্মাই তেখেতৰ সহযোগীসকলৰ লগত একেলগে ৩১৫ টা বাদ্যৰে এটা সংগীত পৰিৱেশন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

২০১৪ চনত অসমৰ বগৰীবাৰীৰ সুভাস মেধিয়ে ৫,০৯১.৮৬ ফুট আকাৰৰ এটা অসমীয়া জাপি নিৰ্মাণ কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ ২০২৩ চনত লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে আয়োজন কৰা ৰচনা প্ৰতিযোগীতাত ৪৫ লাখ ৰচনা সংগ্ৰহ কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ।

এই অভিলেখৰ পিছতেই এতিয়া অসম চৰকাৰৰ উদ্যোগত অহা ১৪ এপ্ৰিলত বিশ্ব অভিলেখ গঢ়ি গীনিজ বুকত অসমৰ নাম সন্নিৱিষ্ট কৰিবলৈ সাজু হৈ উঠিছে হাজাৰ হাজাৰ ঢুলীয়া–নাচনী। অহা ১৪ এপ্ৰিলত একেলগে প্ৰায় ১১ হাজাৰ নাচনীয়ে সৰুসজাইত বিহু মাৰিব। এই বিহু সফলভাবে পৱিৱেশন কৰিলে একেলগে সৰ্বাধিক শিল্পীয়ে নচা লোক–নৃত্য হিচাপে বিহুৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব।

কেৱল এনেধৰণৰ অভিলেখ সৃষ্টি কৰিয়েই গীনিজ বুকত স্থান লাভ কৰেনে? গীনিজ বুকত এনে কিছুমান অভিলেখ আছে যিবোৰ কেৱল অসাধ্যই নহয়, আচৰিত আৰু হতবাক কৰিব পৰা বিধৰো।

আজি আপোনালোকৰ বাবে লৈ আনিছোঁ গিনিজ বুকত অন্তৰ্ভুক্ত হৈ থকা এনে কেইটামান অভিলেখ, যিকেইটা জানিলে চকু কপালত উঠিব আপোনাৰ।

১. শৰীৰৰ ছালৰ বিশ্ব ৰেকৰ্ড –

১৯৯৯ চনত ব্ৰিটেইনৰ গেৰী টাৰ্নাৰ নামৰ এজন যুৱকে নিজৰ ছালখন ৬ .২৫ দীঘলকৈ টানি গীনিজ বুকত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। নিজৰ ছালখন চিকুটি ইমান দীঘলকৈ টানিব পৰা ব্যক্তি গেৰীৰ বাহিৰে এই বিশ্বত আন কোনো নাই। উল্লেখ্য যে এহলাৰ্ছ–ডেনলছ চিণ্ড্ৰম এক বিশেষ ৰোগত ভোগাৰ বাবেই গেৰীয়ে নিজৰ ছালখন এনেদৰে টানিব পাৰে। এই ৰোগটোৰ ফলতেই ছালখন বাহিৰলৈ টানিলেও গেৰীৰ শৰীৰত কোনো বিষ অনুভৱ নহয়।

২. নখ নকটাকৈ থাকি কৰা বিশ্ব অভিলেখ

আমেৰিকাৰ বাসিন্দা লি ৰেডমণ্ডৰ আঙুলিৰ নখ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল। ২০০৮ চনত তেওঁ দীঘল নখেৰে অভিলেখ গঢ়িছিল।

১৯৭৯ চনৰ পৰাই লিয়ে নখবোৰ দীঘল কৰিবলৈ আৰম্ভ কৰিছিল। ৩০ বছৰ ধৰি নখ কটা নাছিল যুৱতীগৰাকীয়ে। ৰেডমণ্ডৰ ১০ টা আঙুলিৰ নখবোৰৰ মুঠ দৈৰ্ঘ্য হৈছে ২৮ ফুট ৪ ইঞ্চি।

৩. বৃহৎ কনডম নিৰ্মাণ কৰি বিশ্ব অভিলেখ

বেনেটন নামৰ এটা গ্ৰুপে ১৯৯৩ চনত বিশ্বৰ ভিতৰতে আটাইকৈ ডাঙৰ কণ্ডমটো নিৰ্মাণ কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ সৰ্ববৃহৎ কনডমটোৰ নিৰ্মাতা হিচাপে নাম অন্তৰ্ভুক্ত কৰে। বেনেটন গ্ৰুপ নামৰ কাপোৰৰ প্ৰতিষ্ঠানটোৱে বিশ্ব এইডছ দিৱস উপলক্ষে ফ্ৰান্সৰ পেৰিছৰ প্লেচ ডি লা কনকৰ্ডৰ অবেলিস্কৰ ওপৰত ৭২ ফুটৰ এটা বিশাল কণ্ডম স্থাপন কৰে।

৪. চুম্বনৰ বিশ্ব অভিলেখ

২০১৩ চনত থাইলেণ্ডৰ এহাল দম্পতী এক্কাচাই আৰু লক্ষনাই ধাৰাবাহিকভাবে বিশ্বৰ আটাইতকৈ দীঘলীয়া চুম্বনৰ অভিলেখ সৃষ্টি কৰি গীনিজ বুকত নিজৰ নাম সন্নিৱিষ্ট কৰে। দম্পতীহালে একেৰাহে ৫৮ ঘন্টা ৩৫ মিনিট ৫৮ ছেকেণ্ড চুম্বনৰত হৈ থাকি এই অভিলেখ গঢ়ি তুলিবলৈ সংক্ষম হয়।

৫. হস্তমৈথুনৰ বিশ্ব ৰেকৰ্ড

২০০৯ চনত ছান ফ্ৰান্সিস্কোৰ চেণ্টাৰ ফৰ চেক্স এণ্ড কালচাৰৰ দ্বাৰা আয়োজিত Masturbate-a-thon fundraiser ত মাছানোবু সাটোৱে জয়লাভ কৰে। এই প্ৰতিযোগীতাত ৯ ঘন্টা ৩৩ মিনিট একেৰাহে হস্তমৈথুন কৰি সৰ্বাধিক সময় একেৰাহে হস্তমৈথুন কৰা ব্যক্তি হিচাপে মাছানোবুৱে গীনিজ বুকত নিজৰ নাম লিখিবলৈ সক্ষম হয়।

অৱশ্যে মাছানোবুৰ এই অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে ৪৩ বছৰীয়া ড্ৰেক হাৰ্ডি নামৰ এজন ব্যক্তি। ড্ৰেকে ইতিমধ্যে একেৰাহে ১০ ঘণ্টা ১০ মিনিট সময় হস্তমৈথুনৰ অভ্যাস কৰিছে।

৬. গোঁফেৰে অভিলেখ

বিশ্বৰ আটাইকৈ দীঘল গোঁফৰ গৰাকী হিচাপে গীনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে এজন ভাৰতীয় ব্যক্তি। জয়পুৰৰ ৰাম সিং চৌহানৰ গোঁফৰ দৈৰ্ঘ্য ১৪ ফুট। ২০১০ চনত তেওঁ নিজৰ গোঁফৰ জৰিয়তে গিনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। দীঘল গোঁফৰ অধিকাৰী হ’বৰ বাবে ৩৭ বছৰ ধৰি নিজৰ দাড়ি নকটাকৈ আছিল ৰাম সিং চৌহানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd