• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰত হত্যাযজ্ঞ! সামৰিক জুন্টা বাহিনীৰ বিমান আক্ৰমণত নিহত কমেও ১০০জন লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 11:15 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1.4k
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ মধ্য ছাগাইং অঞ্চলত সেনাৰ বিমান আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পাইছে। মৃতসকলৰ ভিতৰত মহিলা আৰু স্কুলীয়া ছাত্ৰীও আছে। সোমবাৰে সন্ধিয়া এই অভিযান নিশ্চিত কৰি দেশখনৰ সামৰিক মুখপাত্ৰ ঝাও মিন টুনে জনাইছিল যে পা জি গী গাঁৱত সামৰিক শাসনৰ বিৰোধীয়ে আয়োজন কৰা এক অনুষ্ঠানত নিৰাপত্তা বাহিনীয়ে এই আক্ৰমণ সংঘটিত কৰে।

তেওঁ কয় যে নিহতসকলৰ মাজৰ কেইজনমান ইউনিফৰ্ম পৰিহিত অভ্যুত্থান বিৰোধী যোদ্ধা। কিন্তু ‘অসামৰিক কাপোৰ পিন্ধা কিছুমান মানুহো থাকিব পাৰে’।

তেওঁ পিপুলছ ডিফেন্স বাহিনী (পিডিএফ) নামেৰে পৰিচিত অভ্যুত্থান বিৰোধীয়ে পুতি ৰখা লেণ্ডমাইনৰ বাবেও কিছু লোকৰ মৃত্যু হোৱা বুলি দাবী কৰে।

ফটো: সংগ্ৰহীত।

স্থানীয় সংবাদ মাধ্যমক প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মঙলবাৰে পুৱাই মধ্য ছাগাইং অঞ্চলৰ এটা কমিউনিটি হলত বোমা বিস্ফোৰণ ঘটোৱা যুঁজাৰু বিমানে এই আক্ৰমণ সংঘটিত কৰে। বোমা বিস্ফোৰণৰ কিছু সময়ৰ পাছতে হেলিকপ্টাৰৰ পৰাই গুলীচালনা কৰে। ইয়াৰ ফলত ঘটনাস্থলীত জীৱিত লোকক উদ্ধাৰৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়।

অঞ্চলটোৰ প্ৰাক্তন বিধায়ক উ নে জিন লাটে স্থানীয় সংবাদ মাধ্যম ইৰাৱাতীক জনোৱা মতে, শিশুকে ধৰি বহু লোকৰ মৃত্যু হৈছে। প্ৰাৰম্ভিকভাৱে ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয় যদিও পিছলৈ এই সংখ্যা বাঢ়ি যায়।

এই আক্ৰমণৰ কিছু সময়ৰ পিছতে পা জি গিৰ বাসিন্দা কো অং ঘটনাস্থলীত উপস্থিত হয়। মাটিত সিঁচৰতি হৈ থকা মৃতদেহবোৰ দেখি তেওঁ “আতংকিত” হোৱা বুলিও কয়। ঘটনাস্থলীত জ্বলি আছিল মটৰবাইকবোৰ। বোমা বিস্ফোৰণত ঘৰটোও সম্পূৰ্ণৰূপে ধ্বংস হয়। আত্মীয়ক বিচাৰি কান্দি উঠিছিল মানুহে।

ফটো: সংগ্ৰহীত।

দেশৰ বিৰোধী গোটৰ স্থানীয় কাৰ্যালয় মুকলিৰ স্থানত প্ৰায় ১৫০ জন লোক সমবেত হৈছিল আৰু মৃতসকলৰ ভিতৰত মহিলা আৰু ২০ৰ পৰা ৩০ টা শিশুও আছে বুলি বাতৰিত প্ৰকাশ পাইছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সেনাৰ বিমান আক্ৰমণত স্থানীয়ভাৱে গঠিত চৰকাৰ বিৰোধী সশস্ত্ৰ সংগঠন আৰু অন্যান্য বিৰোধী সংগঠনৰ নেতাও নিহত হৈছে।

Recent News

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd