• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীক দৰ্শন নিদিলে বাঘে! জীপ চালকৰ ওপৰত ক্ষুব্ধ কিয় বিজেপি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2023 7:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথিত আছে এখন হাবিত দুটা বাঘে শাসন কৰিব নোৱাৰে। এটাই কৰিলে আনটোৱে নেজ পেলাই আঁতৰি যাব লাগিব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সংঘটিত এক ঘটনাক্ৰমৰ পাছতে এই কথিত কথাষাৰ পুনৰ দেশত চৰ্চা লাভ কৰিছে।

আপোনালোকে চাগে ভাবিছে আমি ক’ৰ বাঘৰ কথা কৈ আছো? প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত বাঘ দৰ্শন কৰিবলৈ গৈছিল। কিন্তু সেই দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ ভাগ্য বেয়া আছিল। প্ৰায় দুণ্টা জীপ ছাফাৰী কৰিও এটা বাঘৰো দৰ্শন লাভ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে বাঘ দৰ্শনত ব্যৰ্থ হোৱাত এতিয়া জ্বলি পুৰি মৰিছে বিজেপিৰ নেতা-কৰ্মী। সেয়ে বিফল মনোৰথ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাইগাৰ ৰিজাৰ্ভখনৰ পৰা ওভতি অহাৰ পাছতে এতিয়া শাসকীয় বিজেপিৰ নেতা-কৰ্মীৰ মস্তিষ্কই উলিয়াইছে এক নতুন সূত্ৰ।

বিজেপিৰ নেতা-কৰ্মীৰ দাবী যে জীপ চালকৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে দৰ্শন লাভ নকৰিলে। মধুসূদন নামৰ ২৯ বছৰীয়া জীপ চালকজনে পুৱা ৭.১৫ বজাৰ পৰা ৯.৩০ লৈ প্ৰধানমন্ত্ৰীক লগত জীপ ছাফাৰী কৰিলেও প্ৰধানমন্ত্ৰী মোদীয়ে বাঘ দেখাত সমৰ্থ নহয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাঘ দৰ্শন লাভ নকৰাত যত দোষ নন্দ ঘোষৰ দৰে দায়ী হ’লগৈ মধুসূদন নামৰ জীপ চালকজনৰ। চালকজনে ইচ্ছাকৃতভাৱে ভুল বাটেৰে নিয়াৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে বাঘৰ দৰ্শন লাভ নকৰিলে। এই দাবী শাসকীয় বিজেপিৰ। বিজেপিৰ দাবী যে এই দোষৰ শাস্তি হিচাপে চালকজনৰ জীপখনৰ অনুজ্ঞা বাতিল কৰিব লাগে। ইফালে মধুসূদনৰ বাহনখনৰ পঞ্জীয়ন বাতিল কৰা বুলিও সামাজিক সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।

অৱেশ্যে বিজেপিৰ নেতা-কৰ্মীৰ এই নিকৃষ্ট প্ৰচাৰত ভেটা দিলে স্বয়ং সংৰক্ষিত বনাঞ্চলখনৰ কৰ্তৃপক্ষই। সংৰক্ষিত বনাঞ্চলখনৰ কৰ্তৃপক্ষই চালক মধুসূধনৰ কাষত থিয় দিছে। তেওঁলোকৰ মতে প্ৰধানমন্ত্ৰী বিশেষ নিৰাপত্তাৰক্ষী গোট, আৰক্ষী আৰু ৰিজাৰ্ভৰ কৰ্তৃপক্ষই আগতীয়াকৈ নিৰ্ধাৰণ কৰি যোৱা বাটেৰেহে চালকে প্ৰধানমন্ত্ৰী মোদীক ছাফাৰী কৰাইছিল। কৰ্তৃপক্ষৰ মতে চালকজনে তেওঁক দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল।

এতিয়া প্ৰশ্ন হয যত দোষ নন্দ ঘোষৰ দৰে কেৱল চালকক কিয় দোষ জাপি দিছে বিজেপিৰ নেতা-কৰ্মীয়ে? কিয় চালকজনক টাৰ্গেট কৰি লৈছে বিজেপিয়ে? পুনৰ প্ৰধানমন্ত্ৰীক দেৱতা সজাই প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত বিশেষ নিৰাপত্তা গোট আৰু বিজেপি শাসিত কৰ্ণাটক আৰক্ষীক ক্লীণশ্বিট দিবলৈ এই প্ৰপাগণ্ডা সৃষ্টি কৰিছে নেকি? এতিয়া দেশৰ সচেতন নাগৰিকৰ মনত এই প্ৰশ্ন খুন্দা মাৰিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd