• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হেমা মালিনীৰ কৃপা! অৱশেষত বিহুৱে পালে স্বীকৃতি: পাটনাৰ পৰা জগতসভালৈ বাট বুলিলে বিহুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 11:01 am
Bihu Hema Malini
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুসজাইত উছাহ, এই উছাহে চানি ধৰিছে সমগ্ৰ ৰাজ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে বিশেষ উদ্যোগ, এই উদ্যোগৰ বলতে প্ৰকৃতিৰ বুকুৰ বসন্ত চেতনাত লীণ যোৱা বিহুটি সৰসজাইৰ পৰা বাট বুলিব জগত সভালৈ। বিহুক জগত সভালৈ পঠিওৱাৰ বাসনাত সৰুসজাইত উথপথপ লগাইছে ১১ হাজাৰ নাচনী-ঢুলীয়াই।

সকলো ঠিকেই হৈ গ’ল। সৰুসজাইৰ পৰা ১১ হাজাৰ নাচনী ঢুলীয়াই জগত সভালৈ বুলি উলিয়াই পঠালে বিহুক। সকলোৱে ভাবিছিল, বিহুটিয়ে পোনে পোনে জগতসভাতে ভৰি দিবগৈ! পিছে কথাতে কয়, বিধিয়ে দিলেও বিধাতাই নিদিয়ে! যাত্ৰাপথতে বিহুৰ ক্ষেত্ৰতে লাগিল কেণা!

জগতসভালৈ যোৱা বিহুটি ৰৈ গ’ল বিহাৰত। প্ৰকৃততে ৰৈ যোৱা নহয়, বিহুত বিহাৰৰ প্ৰলেপ দি ৰখাই থ’লে বিজেপিৰ টিকটত লোকসভালৈ যোৱা একালৰ বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীয়ে! এই অথন্তৰত থতমত খালে বিহুৱে, হচকিত হৈ উঠিল অসমবাসী।

বিহু বিহাৰত ৰখাই ড্ৰীমগাৰ্ল হেমা মালিনীয়ে কালি লিখি দিলে, “এতিয়া শস্যৰ বতৰ। তামিজ পুথাণ্ডু (নতুন বছৰ), বৈশাখী (পঞ্জাৱ), বিহু (বিহাৰ) আৰু পহেলা বৈছাখ বা নব বৰ্ষ (বংগ) আদি কিছুমান উৎসৱ উদযাপন কৰা সময়। আপোনালোক সকলোকে এক মনোমোহা উৎসৱৰ মাহৰ শুভেচ্ছা।”

 

It is the Harvest season now. Tamizh Puthandu (New year), Baisakhi (Punjab), Bihu (Bihar) and Pohela Baisakh or Naba Barsha (Bengal) are some of the festivals celebrated. Wish you all a wonderful festival month🙏 pic.twitter.com/dSabiw5ZjF

— Hema Malini (@dreamgirlhema) April 13, 2023

ড্ৰীমগাৰ্লৰ এনে দুৰন্ত জ্ঞানত ত্ৰাহিমান অসমবাসী। যিকোনো মতে বিহুক পঠাব লাগে জগতসভালৈ। অৱশেষত পিছে ৰাজ্যবাসীয়ে লাভ কৰিলে সকাহ। আজি এক টুইট যোগে অৱশেষত হেমা মালিনীয়ে বিহুক দিলে স্বীকৃতি। ড্ৰীমগাৰ্লৰ কৃপাত বিহু হ’ল অসমৰ উৎসৱ!

অসমৰ প্ৰধান উৎসৱ হিচাপে গণ্য কৰা বিহুক অসমৰ পৰিৱৰ্তে বিহাৰৰ বুলি উল্লেখ কৰি বিহাৰবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জনোৱাৰ পিছতে আজি এক টুইট যোগে ক্ষমা বিচাৰে হেমা মালিনীয়ে।

নিজ টুইটাৰ হেণ্ডেলত আজি হেমা মালিনীয়ে লিখিছে, “ভুলতে মই বিহুক বিহাৰত উদযাপন কৰা উৎসৱ বুলি উল্লেখ কৰিলো। ক্ষমা কৰিব! প্ৰকৃততে বিহু অসমৰ উৎসৱ বুলি উল্লেখ কৰিব লাগিছিল।”

 

By mistake🙏I have put Bihu is a festival celebrated in Bihar. I am sorry! That should read Bihu, festival of Assam🙏 pic.twitter.com/WTjxEwkmPe

— Hema Malini (@dreamgirlhema) April 14, 2023

এইদৰেই এতিয়া বিহুৱে বলীউডৰ ড্ৰীমগাৰ্ল হেমা মালিনীৰ কৃপাত লাভ কৰিলে স্বীকৃতি। বিহাৰত ৰৈ যোৱা বিহুৱে এতিয়া পোনে পোনে পাটনাৰ পৰা বাট বুলিছে জগতসভালৈ। থোৰতে, সৰুসজাইৰ প্ৰচেষ্টাই লাভ কৰিলে সফলতা!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd