• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ঐতিহ্যক্ষেত্ৰ ‘চোৱাচিতা’ৰ দায়িত্ব নে ব্যক্তিগতখণ্ডক গতোৱাৰ কাৰচাজি?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
May 2, 2018 2:38 pm
CSR
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ গৌৰৱস্বৰূপ ঐতিহ্যক্ষেত্ৰবোৰ ‘চোৱাচিতা’ৰ দায়িত্ব ব্যক্তিগতখণ্ডক দিয়াৰ বাবে adopt a heritage নামৰ যি কৌশলী আঁচনি লৈছে ইয়ে এইবোৰ সম্পূৰ্ণকৈ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰথম পদক্ষেপ হ’বগৈ পাৰ নেকি? মোদীৰ শাসন পদ্ধতিলৈ ঘূৰি চালে এই শংকা অমূলক নহয় যে সেয়া সকলোৱে বুজিব। জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা বুলি মিছা চিঞৰ-বাখৰ কিছুমানেৰে মানুহক বিভ্ৰান্ত কৰি পুঁজিপতিৰ হাতত দেশৰ সম্পদ থাপি দিয়া চৰকাৰ এখনৰ ওপৰত মানুহৰ আস্থাৰ ভিত্তি কি হ’ব পাৰে?

উল্লেখযোগ্য যে ইতিপূৰ্বে কেন্দ্ৰই দিল্লীৰ লালকিল্লাকে আদি কৰি বহুবোৰ গুৰুত্বপূৰ্ণ ঐতিহ্যক্ষেত্ৰৰ ‘চোৱাচিতাৰ দায়িত্ব’ ব্যক্তিগতখণ্ডক অৰ্পণ কৰিছে। লালকিল্লা ডালমিয়া গ্ৰুপক গতোৱা হৈছে।

তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে adopt a heritage নামৰ এখন আঁচনি প্ৰচলন কৰিছে, যিখনৰ অধীনত দেশৰ বিভিন্ন স্থানত থকা আৰু অতি উচ্চ পৰ্য্যটন গুৰুত্ব থকা বাবে ব্যৱসায়িকভাৱে লাভজনক ঐতিহ্যক্ষেত্ৰবোৰ ‘চোৱাচিতা’ৰ নামত ব্যক্তিগত খণ্ডক অৰ্পণ কৰাৰ বাট মুকলি হৈছে।

এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনৰ পুৰাতাত্ত্বিক জৰীপ বিভাগৰ দ্বাৰা চোৱাচিতা তথা সংৰক্ষণ কৰা দেশৰ বিভিন্ন ৰাজ্যত থকা মুঠ ৯৩টা ‘লাভজনক’ ঐতিহ্যক্ষেত্ৰ আৰু অন্যান্য পৰ্য্যটনক্ষেত্ৰবোৰ (যেনে- কাজিৰঙা) চোৱাচিতাৰ বাবে ব্যক্তিগতখণ্ডক দিব খোজা হৈছে।

লাভজনক বুলি এইবাবেই ক’ব পাৰি যে বৰ্তমানলৈকে তালিকাত থকা এই ৯৩টাৰ  আটাইকেইটাই ASI ticketed . অৰ্থাৎ এইবোৰ পৰিদৰ্শন কৰিবৰ বাবে দৰ্শকে প্ৰৱেশ মাচুল বা দৰ্শন-মাচুল দিব লগীয়া হয় আৰু তাৰ বিনিময়ত বছৰি লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ হয়। চৰকাৰৰ অন্তৰ্নিহিত উদ্দেশ্য তাতেই ধৰিব পাৰি। আনহাতে কাজিৰঙাৰ চোৱাচিতা মানে কি? কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থাতো ব্যক্তিগক খণ্ড এটাই নলয়। গঁড়কেইটা ৰক্ষাৰ দায়িত্বও নলয়। কাজিৰঙাৰ চোৱাচিতা মানে তেতিয়া হ’লে কি? কেইটামান টয়লেট, কেইটামান পাৰ্কিং প্লেইচ নিৰ্মাণৰ অচিলাতে দায়িত্বপ্ৰাপ্ত ব্যক্তিগত খণ্ডই লাহে লাহে পৰ্য্যটনৰ অৰ্থপ্ৰৱাহটো নিজৰ হাতলৈ নিনিবনে?

পৰ্য্যটক সকলক গাড়ী যোগান, থকা ঠাই যোগান, পৰ্য্যটন গাইড যোগানেৰে তাত যিবোৰ স্থানীয় নিবনুৱা নিয়োজিত হৈ আছে তেওঁলোকক খেদি বা সংকট দি নিজে এৰিবলৈ বাধ্য কৰি কোম্পানিটোৱে নিজৰ মৰ্জিত এইবোৰ পৰিচালনা নকৰিব নে?

অন্যায় কৰিলেও চৰকাৰৰ সৈতে কাগজ-পত্ৰত চহী কৰি দায়িত্ব লাভ কৰা কোম্পানি এটাক কেৱল কাগজত থকা নীতি-নিৰ্দেশনা সঠিকভাৱে আঙুলিয়াই দি জবাবদিহি কৰিব পাৰিব কেইজনে?

আনহাতে চুক্তিত থকা মতে, চৰকাৰৰ অনুমতি অবিহনে টিকট বিক্ৰী কৰি বা আন ধৰণে মাচুল লোৱাৰ সিদ্ধান্ত এই ব্যক্তিগত খণ্ডবোৰে ল’ব নোৱাৰে। কিন্তু মন কৰিব লগীয়া কথাটো হ’ল- চৰকাৰৰ অনুমতি অবিহনেহে নোৱাৰে। চৰকাৰে অনুমতি নিদিয়ে বুলি লিখা নাই। বৰং পৰিস্থিতি সাপেক্ষে চৰকাৰৰ সন্মতিত সেয়া কৰিব পাৰিব।

আন এটা মূল প্ৰশ্ন হ’ল- এই দায়িত্ব প্ৰাপ্ত কোম্পানিবোৰ কিমান দায়বদ্ধ হ’ব এই সম্পদবোৰ প্ৰতিপালনৰ ক্ষেত্ৰত? তেওঁলোকে সঁচাকৈয়ে এইবোৰ চোৱাচিতা কৰিব নে? বিশেষকৈ যেতিয়া এইবোৰ কোম্পানিটোৰ লাভৰ উৎস নহয়।

তাৰোপৰি এইবোৰ কোম্পানিত উপযুক্ত দক্ষতা থকা, উপযুক্ত ঐতিহ্য চেতনা থকা মানুহ থাকিব নে, যিধৰণৰ মানুহ ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগত আছিল?

চৰকাৰ আৰু চৰকাৰৰ সমৰ্থকসকলে কৈ আছে যে দায়িত্বপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ কোম্পানিবোৰে সামাজিক দায়বদ্ধতা (Corporate social responsibility) শিতানৰ পুঁজিহে তেওঁলোকৰ দায়বদ্ধতাৰ অংশ হিচাপে এইবোৰ চোৱাচিতাৰ কামত খৰচ কৰিব। অৰ্থাৎ এয়া তেওঁলোকে লাভৰ বাবে কৰা বিনিয়োগ নহয়।

এইখিনিতে মন কৰিব লগীয়া- কোম্পানিৰ Corporate social responsibility ৰ অধীনত ঔদ্যোগিক প্ৰতিষ্ঠানবোৰক তেওঁলোকে সমাজৰ বিশেষকৈ ৰাজহুৱা কল্যাণমূলক কাম কৰাটো বাধ্যতামূলক। কিন্তু এইবোৰ ঘাইকৈ সমাজৰ পিছপৰা দিশবোৰ আৰু পিছপৰা জনসাধাৰণক আগ বঢ়াবৰ বাবে কৰা হয়, চৰকাৰী প্ৰতিষ্ঠানৰ অধীনৰ কোনো আঁচনিক জিলিকাই তোলাৰ বাবে নহয়।

ভাৰত চৰকাৰৰ কোম্পানি এক্টত উল্লেখ আছে যে ঔদ্যোগিক প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতাৰ  শিতানত কৰা খৰচ কোম্পানি এক্ট ২০১৩ আইনখনৰ সপ্তম সূচী (Schedule VII)ৰ তালিকাৰ সৈতে সম্পৰ্ক থাকিবই লাগিব। এই তালিকাখনত আছে দৰিদ্ৰক শিক্ষা দান, শিক্ষাৰ প্ৰসাৰ, লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, নিয়োগ সৃষ্টিৰ পৰিৱেশ গঢ়া আদি। (তলত তালিকাখন দিয়া হ’ল)

Schedule VII of Companies Act, 2013

Activities which may be included by companies in their Corporate Social Responsibility Policies:

Activities relating to:—

(i) eradicating extreme hunger and poverty;

(ii) promotion of education;

(iii) promoting gender equality and empowering women;

(iv) reducing child mortlity and improving maternal health;

(v) combating human immunodeficiency virus, acquired immune deficiency

syndrome, malaria and other diseases;

(vi) ensuring environmental sustainability;

(vii) employment enhancing vocational skills;

(viii) social business projects;

(ix) contribution to the Prime Minister’s National Relief Fund or any other fund set up by the Central Government or the State Governments for socio-economic development and relief and funds for the welfare of the Scheduled Castes, the Scheduled Tribes, other backward classes, minorities and women; and

(x) such other matters as may be prescribed.

গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে সমাজৰ এনেবোৰ গুৰুত্বপূৰ্ণ অংশক আগ বঢ়াই অনাৰ বাবে যি উদ্দেশ্য আছিল, তাক চৰকাৰে নিজেই বিপথে নিলে। কাৰণ কোম্পানি এটাৰ লাভৰ অংশৰ পৰা এইবোৰ কাম কৰোৱাৰ পৰিৱৰ্তে চৰকাৰে নিজেই সেই লাভৰ পৰা কাম আদায় কৰি নিজৰ খৰচ বচালে। পৰোক্ষভাৱে চৰকাৰে সেই লাভখিনি লৈ থ’লে। সমাজৰ কামত লগাবলৈ নিদিলে।

আনহাতে কোম্পানি আইনখনত আছে-

CSR should not be interpreted as a source of financing the resource gaps in government schemes…

In-principle, CSR fund of companies should not be used as a source of funding Government Schemes. CSR projects should have a larger multiplier effect than that under the Government schemes.

অৰ্থাৎ চৰকাৰৰ কোনো পুঁজি নাটনিৰ জোৰা মৰা বা চৰকাৰী আঁচনিৰ দায়িত্ব লোৱাটো Corporate social responsibility ৰ ভিতৰত নপৰে।

গতিকে এইবোৰ কথা ফঁহিয়াই চাই অনুমান কৰিব পাৰি, বিজেপি নেতৃত্বাধীন চৰকাৰখনে মানুহক কেনেদৰে আভুৱা ভাঁৰি আছে। কেনেকৈ তেওঁলোকৰ ইচ্ছাই দেশৰ নিয়ম হৈ পৰিছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd