• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়লৈ বহু দূৰ! বিলকিচ বানুৱে ন্যায় পাবনে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 23, 2023 11:12 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলকিচ বানুৰ কথা আপোনালোকৰ মনত আছেনে? বিলকিচ বানুৰ কাহিনীটো আমি জনা উচিত।মাজে মাজে এই কাহিনীটো চৰ্চালৈ অহা উচিত।এই কাহিনীটো মনত পেলাই আমি লজ্জানত হোৱা উচিত।সেয়া ২০০২ চন।ফেব্ৰুৱাৰী মাহ।গুজৰাট ৰায়তৰ সময়। বিলকিচ বানু এগৰাকী সদ্য বিবাহিত মহিলা। বয়স মাত্ৰ ১৯ বছৰ।পেটত পাঁচ মহীয়া কেঁচুৱা।চাৰিওফালে সংঘৰ্ষ আৰম্ভ হৈছে।তেওঁলোক আক্ৰমণৰ বলি হ’ব পাৰে বুলি আশংকা কৰি বিলকিচ বানু, তেওঁৰ আঢ়ৈ বছৰীয়া ছোৱালীজনী আৰু পৰিয়ালৰ ১৫ জন মানুহৰ সৈতে একেলগে নিজৰ গাঁৱৰ পৰা পলাই গৈ ওচৰৰ গাঁও এখনত আশ্ৰয় লৈছে গৈ। কোনো এঠাইতে এদিন বা দুদিনতকৈ বেছি থাকিব পৰা নাই।সাধাৰণ হিন্দু মানুহেই তেওঁলোকক সহায় কৰিছে।

এনেদৰে ইঠাই সিঠাই কৰি পলাই থাকোঁতে মাৰ্চ মাহৰ কোনোবা এটা দিনত তেওঁলোকক হিন্দু উগ্ৰবাদী দল এটাই আক্ৰমণ কৰিলে।আক্ৰমণকাৰীৰ দলটো দুখন জীপত আহিছিল।আক্ৰমণকাৰীবোৰে বিলকিচ বানুৰ কণমানি ছোৱালীজনীৰ সৈতে পৰিয়ালৰ আটাইবোৰ মানুহক হত্যা কৰিছিল। তেওঁলোকে গৰ্ভৱতী বিলকিচক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল। বিলকিচ বেহুচ হৈ পৰাত, আক্ৰমণকাৰীবোৰে তেওঁ মৰা বুলি ভাবি গুছি গৈছিল। হুচ অহাত বিলকিচে নিশাটো এটা গুহাত সোমাই থাকি নিজকে বচাইছিল।পিছদিনা পিয়াহত অন্ঠ-কন্ঠ শুকাই যোৱা বিলকিচে পানী বিচাৰি গুহাটোৰ পৰা ওলাই আহিছিল।গাত কাপোৰ-কানি নথকা, জৰাজীৰ্ণ অৱস্থাত গুহাৰ পৰা ওলাই অহা মহিলা গৰাকীক দেখি, প্ৰথমতে আদিবাসী মানুহবোৰে লাঠী লৈ তেওঁক মাৰিবলৈ খেদি আহিছিল। পিছত বিলকিচৰ দুৰ্দশাৰ কথা শুনি  তেওঁলোকে তেওঁক সহায় কৰিছিল।

Apply Now

আদিবাসী মহিলা এগৰাকীৰ পৰা কাপোৰ এসাজলৈ বিলকিচ ওচৰৰ পুলিচথানাত গোচৰ দিবলৈ গৈছিল। গোচৰ দিলে তাৰ পৰিণাম ভয়াবহ হ’ব বুলি ভয় দেখুৱাই পুলিচে থানাৰ পৰা বিলকিচক খেদি পঠাইছিল। কিন্তু, ঘটনাটো সদৰি  হোৱাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপত বিলকিচ বানুৰ গোচৰটো ল’বলৈ পুলিচ বাধ্য হয়। পিছত উচ্চতম ন্যায়ালয়ে চি বি আই, অৰ্থাৎ কেন্দ্ৰীয় অনুসন্ধান সংস্থাক ঘটনাটোৰ অনুসন্ধানৰ দায়িত্ব দিয়ে।গুজৰাটত গোচৰটো চলোৱাত বিলকিচ বানু আৰু তেওঁৰ পৰিয়ালে নিৰাপদ অনুভৱ নকৰা কাৰণে, উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ স্থানান্তৰিত কৰে।মুম্বাইৰ চি বি আইৰ বিশেষ আদালতে  ২০০৮ চনত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত জড়িত থকা কাৰণে ১১ জন অভিযুক্তক যাৱৎজীৱন কাৰাদণ্ড বিহে।মুম্বাই উচ্চ ন্যায়ালয়ে চি বি আই আদালতৰ ৰায় বাহাল ৰাখে।

কিন্তু যোৱা আগষ্ট মাহত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ অনুমোদনৰ পিছত গুজৰাট চৰকাৰে ১১ জন অপৰাধীৰ আটাই কেইজনকে তেওঁলোকৰ কাৰাদণ্ডৰ ম্যাদ হ্ৰাস কৰি জেলৰ পৰা মুকলি কৰি দিয়ে।এনে জঘন্য অপৰাধত লিপ্ত অপৰাধীৰ কাৰাদণ্ডৰ ম্যাদ চৰকাৰে  কেনেকৈ হ্ৰাস কৰিব পাৰে? দেশৰ ভিতৰে-বাহিৰে কথাটোৰ দুৰ্ঘোৰ বিৰোধিতা হয়। ছহেজাৰতকৈ বেছি বিশিষ্ট নাগৰিক আৰু লেখক-বুদ্ধিজীৱীয়ে  চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰে আৰু এই অপৰাধী সকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ওচৰত গোহাৰি জনায়।ধৰ্ষণৰ দৰে অপৰাধত, আৰু বিশেষকৈ বিলকিচ বানুৰ ঘটনাটোৰ ৰোমহৰ্ষকতালৈ চাই তাৰ লগত জড়িত অপৰাধীসকলৰ আমৃত্য কাৰাদণ্ড অত্যন্ত জৰুৰী আছিল।

গতিকে কি তথ্য-পাতি আৰু যুক্তিৰ ভিত্তিত  কেন্দ্ৰ চৰকাৰ আৰু গুজৰাট চৰকাৰ ধৰ্ষণকাৰী আৰু হত্যাকাৰী সকলৰ ওপৰত ইমান দয়াপৰবশ হ’ল যে  তেওঁলোকৰ কাৰাদণ্ডৰ ম্যাদ হ্ৰাস কৰি তেওঁলোকক জেলৰ পৰা মুকলি কৰি দিয়া হ’ল?  এই সম্পৰ্কে কেন্দ্ৰ চৰকাৰ আৰু গুজৰাট চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে তথ্য-পাতি আৰু সবিশেষ বিচাৰিলে।কিন্তু, বিশেষাধিকাৰৰ দোহাই দি এতিয়া কেন্দ্ৰ আৰু গুজৰাট চৰকাৰে   সেই তথ্য-পাতিবোৰ দিবলৈ অস্বীকাৰ কৰিছে। এই ক্ষেত্ৰত  কে এম জোচেফ আৰু বি ভি নাগৰাথনক লৈ গঠিত উচ্চতম ন্য্যয়ালয়ৰ খণ্ড বিচাৰপীঠৰ পৰ্যবেক্ষণ তাৎপৰ্যপূৰ্ণ।তেওঁলোকে কৈছে , “Today it is this lady (Bilkis) but tomorrow it can be anyone. It may be you or me. If you do not show your reasons for grant of remission, then we will draw our own conclusions.” অৰ্থাৎ, “আজি বিলকিচ বানুৰ এই দশা হৈছে কাইলৈ আপোনাৰ ,মোৰ যি কোনো এজনৰ এই দশা হ’ব পাৰে।আপোনালোকে কাৰণ দৰ্শাওক, নহ’লে আমি নিজেই আমাৰ সিদ্ধান্ত ল’ম।” 

এতিয়া বিশেষাধিকাৰৰ দোহাই দি গুজৰাট চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত কি কয় তাৰ তাৰ ন্যায্যতা- অন্যায্যতা উচ্চতম ন্যায়ালয়ে বিচাৰ কৰিব।তালৈ আমি নাযাওঁ।কিন্তু, আমি আমাৰ বিবেকক কেইটামান কথা সোধা উচিত। পাঁচ মহীয়া গৰ্ভৱতী বিলকিচ বানুক দলবদ্ধভাৱে উপৰ্য্যুপৰি ধৰ্ষণ কৰাৰ পিছত, তেওঁ বেহুচ হৈ পৰি যোৱাত তেওঁৰ মৃত্যু হোৱা বুলি ভাবি তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা অপৰাধীবোৰ আঁতৰি গৈছিল। তাৰ আগতে, বিলকিচ বানুৰ মাককো দলবদ্ধভাৱে ধৰ্ষণ কৰি তেওঁলোকে হত্যা কৰিছিল। তেওঁলোকে পৰিয়ালৰ আন ১৩ জন লোককো নিৰ্মমভাৱে হত্যা কৰিছিল। বিলকিচ বানুৰ গোচৰটো গুজৰাট পুলিচে প্ৰথমতে ল’ব বিচৰা নাছিল।ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ হেঁচাত বাধ্যত পৰিহে গুজৰাট পুলিচে গোচৰ ৰুজু কৰিছিল।গুজৰাটৰ আদালতত হাজিৰ হৈ সাক্ষ্য-প্ৰমাণ দিয়াত বিলকিচ বানুৱে নিৰ্ভয় আৰু নিৰাপদ অনুভৱ কৰা নাছিল।সেয়েহে গোচৰটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দ্দেশত মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল।

গোচৰৰ অন্তত ১১ জন অপৰাধীক যাবজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।তাৰ পিছত গুজৰাট চৰকাৰে কি কৰিছিল? একোজন অপৰাধীক ১০০০ দিনৰ পৰা ১৫০০ দিন পৰ্যান্ত পেৰলত গৈ স্বাভাৱিক জীৱন যাপন কৰাত সুবিধা কৰি দিছিল।তাৰ পিছত কি হৈছিল? এফালে ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত মহিলাক সন্মান কৰাৰ কথা কৈছিল আৰু আনফালে তেওঁৰ চৰকাৰে মহিলাক ধৰ্ষণ কৰি এনে বৰ্বৰ অত্যাচাৰ কৰা অপৰাধীবোৰক জেলৰ পৰা মুকলি কৰি দিছিল।

গুজৰাট আৰ্হিৰ অৰ্থনৈতিক ফলাফল সকলোৱে দেখিছে। কিন্তু, সেই আৰ্হিৰ সামাজিক দিশটো আৰু তাৰ ন্যায় ব্যৱস্থাৰ দিশটো হৈছে এইটো। চাওক, তাত কি আইনৰ শাসন চলিছে? ধৰ্মীয় সংখ্যালঘুৱে তাত কি ধৰণৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছে? আৰু এওঁলোকে ভোটৰ স্বাৰ্থত হিন্দু বিপদত পৰা বুলি দিনে-নিশাই চিঞৰি আছে!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd