• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অত্যন্ত ‘চিৰিয়াছ’ বিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 25, 2023 4:04 pm
6.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজভূষণ সিঙৰ বিৰুদ্ধে শীঘ্ৰেই যৌন নিৰ্যাতনৰ FIR ল’ব লাগিব৷ কমনৱেলথৰ পদক বিজয়ী ভিনেশ ফ’গাটকে ধৰি সাতগৰাকী মহিলা মল্লযুঁজাৰুৱে এই দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক এই বিষয়ত এফআইআৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মল্লযুঁজাৰুসকলৰ গোচৰ মানি লৈ উচ্চতম ন্যায়ালয়ে এই বিষয়ত দিল্লী আৰক্ষীক জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বৰ এখন বিচাৰপীঠে কয়, ‘মল্লযুঁজাৰুসকলে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা সকলে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। আদালতে বিষয়টো গুৰুত্বসহকাৰে চাব।’

লগতে পঢ়ক: বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য! আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ গোচৰত উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ

লগতে জনোৱা হয় যে বন্ধ খামত উল্লেখ কৰা অভিযোগসমূহ আবেদনত তালিকাভুক্ত কৰা হ’ব। কিন্তু যিসকলে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে, তেওঁলোকৰ নাম ৰাজহুৱা নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ২৮ এপ্ৰিলত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব।

আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজত পদক লাভ কৰা মল্লযুঁজাৰুসকলৰ অবিৰত প্ৰতিবাদৰ বাবে সোমবাৰেই ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ স্বচ্ছ নিৰ্বাচনৰ বাবে তদৰ্থ সমিতি গঠন কৰা হয়। ইয়াৰ উপৰিও ক্ৰীড়া মন্ত্ৰালয়ে ঘোষণা কৰে যে অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ফেডাৰেচনৰ নিৰ্বাচনো বাতিল কৰা হৈছে।

লগতে পঢ়ক: পুনৰ মাজ আকাশত প্ৰস্ৰাৱ কাণ্ড! নিউয়র্কৰ পৰা দিল্লী অভিমুখী বিমানত যাত্রীৰ অভব্য আচৰণ

সোমবাৰে ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় অলিম্পিক সংস্থালৈ পত্ৰ লিখি এখন তদৰ্থ সমিতি গঠনৰ বাবে অনুৰোধ জনায়। তদুপৰি দায়িত্ব লোৱাৰ ৪৫ দিনৰ ভিতৰত ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও সমিতিক নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এতিয়াৰ পৰা তদৰ্থ সমিতিখনে মল্লযুঁজ ফেডাৰেচনৰ সকলো কাম-কাজ চোৱাচিতা কৰিব। এইবাৰ উচ্চতম ন্যায়ালয়েও গুৰুত্বসহকাৰে বিষয়টোৰ ওপৰত দৃষ্টি দিছে।

Recent News

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

ইছৰোৰ আদিত্য এল-১ সৌৰ জ্যোতিৰ্বিজ্ঞান কৰ্মশালাৰ বাবে নিৰ্বাচিত অসমৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

শত্ৰুক চিনাৰ নতুন কিটিপ! ইছলামিক আৰু আৰবী শিক্ষা বাধ্যতামূলক কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

ফেঁটীসাপক কামুৰি হত্যা কৰিলে ১ বছৰীয়া শিশুৱে, প্ৰাণৰক্ষা কণমানিটোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd